1. অন্যান্য

অৱশেষত ফাদিল হল নগাঁওত ১৮ টাকৈ হাতীৰ মৃত্যুৰ কাৰণ, খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ে দাখিল কৰিলে প্রতিবেদন

KJ Staff
KJ Staff
Khanapara vetinery college submitted the report of 18 elephant death investigation
Khanapara vetinery college submitted the report of 18 elephant death investigation

  বহু অপেক্ষাৰমূৰত ৰহস্যৰ অন্ত পৰিল। নগাঁও জিলাৰ মিকিৰ বামুণী পাহাৰত ১৮টা হাতী উচ্চ প্রাবল্যৰ বৈদ্যুতিক আঘাতৰ বাবেহে মৃত্যু হৈছিল। এই কথা নিশ্চিত কৰিছে বিশেষজ্ঞৰ দলে। খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ পেথলজি বিভাগে প্রকাশ কৰা হিষ্টপেথলজিকেল প্রতিবেদনত উল্লেখ কৰা অনুসৰি শৰীৰত উচ্চপ্রাবল্যৰ বিদ্যুৎ সঞ্চাৰ হােৱাৰ বাবেই ১৮টাকৈ হাতীৰ মৃত্যু হৈছিল। অর্থাৎ বজ্ৰপাতৰ ফলতে মৃত্যু হৈছে হাতীকেইটাৰ।

    প্রণিধানযােগ্য যে যােৱা ১৩ মে’তাৰিখে নগাঁও জিলাৰ বঢ়মপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বামুণী পাহাৰত ৰহস্যজনকভাৱে ১৮টা হাতীৰ মৃতদেহ উদ্ধাৰ হােৱা ঘটনাই বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ঘটনা সংঘটিত হােৱাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হৈছিলগৈ বন মন্ত্রী পৰিমল শুক্লবৈদ্যৰ লগতে বন বিভাগৰ এটা বিশেষজ্ঞৰ দল। প্রাথমিক তদন্তৰ অন্তত বন বিভাগে উক্ত হাতীকেইটা বজ্ৰপাতৰ ফলত মৃত্যু হােৱা বুলি সদৰী কৰিলেও ৰাজ্যৰ বিভিন্ন প্রকৃতিপ্রেমী দল-সংগঠনে হাতীকেইটা খাদ্য বিষক্রিয়াত মৃত্যু হােৱাৰ সন্দেহ কৰি উচ্চ পর্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছিল।

আৰু পঢ়ক- আপুনি যদি কম টকাৰে ব্যৱসায় কৰিব বিচাৰে, তেন্তে এইটো কৰক ৷ প্ৰতিদিনে কমেও 4000 টকা উপাৰ্জন পাব

   ইফালে, বিশেষজ্ঞৰ প্রতিবেদন প্রকাশ পােৱাৰ পাছতেই বন বিভাগৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে নেচাৰ্ছ বেকন নামৰ প্রকৃতিপ্রেমী সংগঠনটো। সংগঠনটোৰ সঞ্চালক সৌম্যদ্বীপ দত্তই কয় যে হিষ্টপেথলজিকেল ৰিপ'ৰ্টক একাংশই প’ষ্টমর্টেম ৰিপৰ্ট বুলি ধাৰণা দিয়াৰ চেষ্টা চলাইছে। আনহাতে, বন মন্ত্রীয়েও অনুমানৰ ভিত্তিত কথা কৈ আছে। অহা ২৮ মে'ৰ ভিতৰত হাতীকেইটাৰ মৃত্যুৰ মৰণােত্তৰ পৰীক্ষাৰ প্রতিবেদন ৰাজহুৱা কৰাৰ দাবী জনাই দত্তই স্পষ্টভাৱে কয় যে ইয়াৰ অন্যথা আমি আন্দোলনৰ কাৰ্যসূচী হাতত লম।

আনহাতে, পৰিৱেশকর্মী মুবিনা আখতাৰে সমগ্র ঘটনাটোৰ সন্দৰ্ভত উচ্চ পর্যায়ৰ তদন্ত দাবী জনাই কয় যে আজি প্রকাশিত প্রতিবেদন লৈ আমি মুঠেই আশ্বস্ত নহয়।

     এনেধৰনৰ লিখনি পাবৰ বাবে আগলৈ আমাৰ ৱেবছাইটটো visit কৰি থাকিব।

আৰু পঢ়ক- আপোনাৰ ঘৰৰ নাৰিকল জোপাত ফল নধৰে নেকি বা ধৰিলেও সৰি যায়? তেনেহ'লে অৱলম্বন কৰক এইটো উপায়
English Summary: Khanapara vetinery college submitted report with reason for died 18 elephant in Nagaon অৱশেষত ফাদিল হল নগাঁওত

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.