অসমীয়া সমাজত এষাৰ কথা আছে যাৰ নাই গৰু সি সবাটোকৈ সৰু। আপ্তবাক্যশাৰী সত্যসত্যতা প্ৰতিজন অসমীয়া মানুহেই উপলব্ধি কৰি গৰুক বহাগ বিহুৰ প্ৰথম দিনটোতেই মাহ-হালধীৰে নোৱায়-ধোৱায় আৰু সুস্থ নিৰোগী হৈ থকাৰ কামনা কৰে। বৰ্তমান খেতিৰ বাবে টেক্টৰ ব্যৱহাৰ কৰে যদিও অসমৰ অধিকাংশ খেতিয়কে নিৰ্ভৰ কৰে গৰুহালৰ ওপৰত। বিপদে-আপদে গৰুকেইটা বিক্ৰি কৰিয়েই সমস্যা সমাধানৰ চেষ্টা কৰে অসমীয়া মানুহে।
তদুপৰি গাই গৰুজনীৰ গাখীৰকণেই অসমীয়া মানুহৰ বাবে সৰ্বোত্তম খাদ্য। আলহীক নিজৰ গৰুজনীৰ গাখীৰৰ চাহকণ দিব পৰাতো গৃহস্থৰ অভিজাত্যৰ চিন স্বৰূপ। এক কথাত গৰু অসমীয়া জনজীৱনৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত ওতঃপোতভাৱে জড়িত হৈ আছে। তদুপৰি বৰ্তমান সময়ত অসমত গৰুৱে নতুনকৈ ৰাজনীতিতো বিশেষ স্থান দখল কৰিছে।
গৰু ইমানখিনি গুণ থকাৰ মাজতো গৰু কিদেৰ অসমত বিপদ হৈ থিয় দিছে! ই এটা বিচাৰ্যৰ বিষয়। এক কথাত গৰুৱেই অসমীয়া সমাজখনক পিছ পেলাই অহাৰ প্ৰসংগটো বিভিন্ন সময়ত উত্থাপন হৈ আহিছে যদিও বিষয়টোৱে যিধৰণে চৰ্চা লাভ কৰিব লাগিছিল সেই দৰে চৰ্চা লাভ কৰা নাই (কিন্তু গৰুৰ লগত হিন্দু-মুছলিমৰ প্ৰসংগটো থিকমতেই চৰ্চা লাভ কৰি আছে)।
গৰু অসমৰ কৃষিখণ্ডৰ লগত কিদৰে জড়িত এই বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই অসমীয়া মানুহক।প্ৰতিজন অসমীয়া কৃষকেই এই কথা উপলব্ধি কৰে। এতিয়া মূল কথাটো হ’ল- কিন্তু আমি অসমীয়া মানুহখিনিয়ে গৰু বাবেই কৃষিক্ষেত্ৰখনত আগবাঢ়িব পৰা নাই। কাৰণ অসমত জেঠৰ আঘোণ মাহৰ শেষলৈ গৰুবোৰ বন্ধাৰ বাহিৰে বাকী সময়খিনি উদং দিয়ে। এই উদং দিয়া সময়ছোৱাত কৃষকসকলে খেতিৰ নাম ল’বলৈ ভয় কৰে কাৰণ এটাই উদঙীয়া গৰুৱে পথাৰৰ শস্য খাই উদং খাই কৰিব। বহুলোকে এই ভয় লৈয়ো জেওৰা মাৰি খেতি কৰাৰ দুঃসাহ কৰে। কিন্তু কৃষকসকলে জেওৰা দি খেতি কৰিবলৈ গ’লে কেৰেলাতকৈ গুটি দীঘল হোৱাৰ দৰে হয়। ( নতুন চামে কৃষিৰ প্ৰতি আগ্ৰহী নোহোৱাৰ ইয়ো এটা কাৰণ)
তদুপৰি কোনো কৃষকে গৰু ৰখি খেতি কৰা দেখা যায় কিন্তু দহ দিন গৰুক পহৰা দি খেতি ডৰা ৰক্ষা কৰে কিন্তু এদিন কৃষকজনৰ সামান্য ভুলৰ বাবেই গৰুৱে গোটেই খেতিখিনি খায় শেষ কৰে। যাৰবাবে গৰু কৃষকৰ বন্ধু যদিও সময়ত ঘোৰ শত্ৰু দৰে হৈ পৰে।
লক্ষ্য কৰিলে দেখা যায় অসমত যিধৰণে গৰু বান্ধি ৰখা সময়ছোৱাত অকণমাণ মাটি খালি নকৰাকৈ প্ৰতিজন কৃষকেই খেতি কৰে, থিক তেনেদৰে গৰু উদং দিয়া সময়ছোৱাত জেওৰা নিদিয়াকৈ জলকীয়া পুলি এটা ৰুৱলৈয়ো কৃষকে সাহস নকৰে। ইয়াৰ মূলতে কিন্তু গৰু লগতে উদঙীয়া ছাগলী।
গতিকে দেখা গৈছে আঘোণ মাহৰ পৰা বহাগলৈ অসমৰ প্ৰায়ভাগ কৃষিভূমি খালি হৈ থকাৰ মূলতে আছে এই উদঙীয়া গৰুসমূহ। যাৰ বাবে গৰুৰ বাবেই অসমৰ কৃষিখণ্ড পঞ্চাছ বছৰ পিছুৱাই থকা বুলি ক’লে হয়তো অত্যুক্তি কৰা নহ'ব নহ’ব।
লগতে পঢ়ক-ক’ম সময়ত অধিক উপাৰ্জন পাব বিচাৰে নেকি আপুনি? তেনেহলে কৰক ঘুংৰু গাহৰি পালন!
Share your comments