1. পশুপালন

বাৰিষাকালত গৰু ম’হৰ গলফুলা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ-

KJ Staff
KJ Staff
hemorrhagic septicemia Disease of Animal
hemorrhagic septicemia Disease of Animal

সাধাৰণতে অসমৰ সেমেকা জলবায়ুৰ কাৰণে বাৰিষা সময়ত বৰ্হিপৰজীৱি আৰু আন্তঃপৰজীৱি বিলাকৰ বংশবিস্তাৰৰ ভূস্বৰ্গ হৈ পৰে৷ বৰ্হিপৰজীৱি যেনে-ওকনি, চিকৰা, ম’হ-ডাঁহ, ওৰহ ইত্যাদি আৰু আন্তঃপৰজীৱি যেনে-ফিটা পেলু, ঘুৰণীয়া পেলু, যকৃৎ পেলু ইত্যাদি বিলাক৷ এই পৰজীৱি বিলাকৰ লগতে বাৰিষা কালি প্লাৱিত হৈ থকা পথাৰত পানীত মিহলি হৈ থকা বিভিন্ন ৰাসায়নিক সাৰৰ প্ৰভাৱত বিভিন্ন বেক্টেৰিয়া আৰু ভাইৰাচবোৰে সক্ৰিয় হবলৈ সুবিধা পোৱা কাৰণে বিভিন্ন সংক্ৰামক ৰোগে দেখা দিয়ে৷

গতিকে আমি আমাৰ পশুধনক বিভিন্ন বেমাৰ ইত্যাদিৰ সংক্ৰমণৰ পৰা বচাই ৰাখিবৰ বাবে সময়ে সময়ে ডাক্টৰৰ লগত পৰামৰ্শ কৰিব লাগে৷ সময়ে সময়ে পেলু দৰব খুৱাব লাগে৷ পশুধনৰ খোৱাৰ হীন-দেৰি হৈছে নেকি লক্ষ্য কৰিব লাগে৷ প্ৰয়োজন হ’লে ডাক্টৰ বা চৰকাৰৰ পশু চিকিৎসা বিভাগৰ লগত যোগাযোগ কৰিব লাগে৷ আজি এই প্ৰবন্ধত আমি মূলত বাৰিষা কালি হব পৰা গৰু ম’হৰ গলফুলা বেমাৰ, লক্ষণ আৰু প্ৰতিকাৰ সম্পৰ্কে আলোচনা কৰিম-

গৰু-ম’হৰ গল ফুলা এটা অতি ভয়াবহ ৰোগ। বাৰিষাৰ দিনত গৰু-ম’হবোৰ সাধাৰণতে এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। বানপানী হোৱা বা পানী জমা হৈ থকা ঠাইত এই ৰোগৰ বীজাণু বহু দিনলৈকে জীয়াই থাকিব পাৰে। এখন ঠাইৰ পৰা অন্য ঠাইলৈ অনা গৰু-ম’হৰ ক্ষেত্ৰত এই ৰোগ সহজে হোৱা দেখা যায়।

ৰোগৰ লক্ষণসমূহ (sign of this disease)

  1. হঠাৎ কঁপি কঁপি তীব্ৰ জ্বৰ উঠে, চকু ৰঙা হৈ পৰে আৰু দানা পানী খাবলৈ এৰি দিয়ে

  2. খীৰতী গাইৰ গাখীৰৰ পৰিমাণ বহু পৰিমাণে কমি যায়।

  3. আক্ৰান্ত গৰুৰ ডিঙি আৰু গলধন ফুলি উঠে আৰু উশাহ লওঁতে কষ্ট পায়।

  4. জিভা শুকাই যায় আৰু বাহিৰলৈ ওলাই আহে।

  5. উপযুক্ত চিকিৎসা নাপালে আক্ৰান্ত গৰু এক বা দুই দিনৰ ভিতৰত মৃত্য মুখত পৰে।

প্ৰতিকাৰ (Treatment)

  • বাৰিষাৰ আগতে সকলো জন্তুকে ‘গল ফুলা বেমাৰ’ৰ ছিটা দিব লাগে।

  • নিৰোগী গৰুজনীক আক্ৰান্ত গৰুৰপৰা নিলগত ৰাখিব লাগে আৰু ঘাঁহ, দানা, পানী আদিও আক্ৰান্ত গৰুৰ পৰা নিলগত ৰাখিব লাগে

  • এনে ৰোগৰ লক্ষণ দেখা দিলে অতি সোনকালে পশু-চিকিৎসকসকলৰ পৰামৰ্শ ল’ব লাগে।

উৎস- দুগ্ধ সঞ্চাকালয় (অসম)

লগতে পঢ়ক-সমন্বিত গাহৰি আৰু মৎস পালন সম্পৰ্কে কিছু কথা-

English Summary: hemorrhagic septicemia Disease of Animal

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.