1. উদ্য়ানশস্য়

১ টকাও খৰচ নকৰাকৈ এই খেতি কৰক আৰু ৩০-৩৫ বছৰলৈ উপাৰ্জন কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Betel nut  farming with black pepper Farming ( তামোলৰ লগত জালুকৰ খেতি
Betel nut farming with black pepper Farming ( তামোলৰ লগত জালুকৰ খেতি

অসমৰ গাঁৱে-ভূঞে বাস কৰা অধিকাংশ লোকৰ ঘৰৰ বাৰীতে তামোলৰ গছৰ লগতে অন্যান্য গছ-গছনি থাকে। এই গছ-গছনিসমূহত দুই এজন কৃষকে পাণ আৰু জালুকৰ খেতি কৰে। কিন্তু অধিকাংশ গ্ৰাম্য লোকেই এই গছসমূহ খালি কৰি থাকে। এনেদৰে খালি কৰি থকা তামোল বা অন্যান্য গছসমূহত কেনেদৰে জালুকৰ খেতি কৰি বছৰেকত এটা ভাল উপাৰ্জন কৰিব পাৰি সেই বিষয়ে আজি আপোনালোকক জনাম।

ধেমাজি জিলাৰ শ্ৰীপানী শান্তিপুৰৰ এজন কৃষক দিলীপ লাহন। এই কৃষকগৰাকীয়ে তেওঁৰ বাৰীখনত থকা প্ৰায় ৯০ শতাংশ তামোল আৰু অন্যান্য গছতে জালুক আৰু পাণ খেতি কৰি আছে। তেওঁৰ লগত হোৱা কথা-বতৰাত কয়- তামোল গছ বা অন্যান্য গছসমূহ ১০-১১ ফুট ওখ হোৱাৰ পাছতে জালুক বা পাণ গছত লগাব পাৰে। মই তেনেকৈয়ে লগাইছিলো। মই আজিৰ পৰা ১৮-২০ বছৰ আগেয়ে লগাইছিলো। বৰ্তমানেও ইয়াৰ বছৰি উপাৰ্জন কৰি আছো। প্ৰথম অৱস্থাত সাৰ পানী যোগান ধৰিছিলো। এতিয়া বৰ্তমান অকণমান চাফ-চিকুণ কৰো। বাকী বিশেষ যত্ন নলও। আমাৰ গ্ৰাম্য লোকসকলেও এনেদৰে কৃষক দিলীপ লাহনৰ দৰে নিজৰ বাৰীখনৰ গছ-গছনীবোৰত জালুকৰ খেতি কৰিব পাৰে। বৰ্তমান এক কেজি জালুকৰ দাম ৪০০-৫০০ টকা। এজোপা গছৰ পৰা বছৰি ১ কেজি জালুক উতপাদন হ’লেও  ১০০ জোপা গছত লগোৱা জালুকৰ পৰা এজন কৃষকে বছৰি একো কষ্ট নকৰাকৈ ৪০ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব। ইফালে, তামোল গছজোপাত লাগি থকা তামোলৰ পৰাও উপাৰ্জন কৰিব পাৰিব। আনহাতে, গছত যদি লগোৱা হয়, তেতিয়া এসময়ত গছজোপাৰ পৰাও ভাল উপাৰ্জন কৰিব পাৰিব।

লগতে পঢ়ক- 

Jun-July best farming time : জুন-জুলাইত ৰোপন কৰক এই উদ্যানশস্যসমূহৰ পুলি

ভাৰতবৰ্ষ চৰকাৰৰ পৰা ৩ বাৰকৈ দেশৰ শ্ৰেষ্ঠ কৃষকৰ সন্মান লাভ কৰা ৰাজাৰাম ত্ৰিপাঠিৰ উপাৰ্জনৰ মূল জালুকৰ খেতি। তেওঁৰ হাজাৰ একৰ ভূমিত জালুকৰ খেতি কৰিছে। আৰু যিবিলাক গছত জালুকবোৰ বগাবলৈ দিছে সেইবোৰো মূল্যবান গছ। এজোপা জালুকৰ আয়ুসকাল ৩০-৩৫ বছৰ। জালুকজোপাৰ আয়ুসকাল শেষ হোৱাৰ পাছতেই গছজোপা কাটিব পৰা হ’ব। এক দীৰ্ঘদিনীয়া পৰিকল্পনা লৈ তেওঁ জালুকৰ খেতিৰ সমান্তৰালভাৱে এই মূল্যবান গছসমূহৰ পুলি ৰোপন কৰি গৈছে। তেওঁৰ লগত হোৱা কথা-বতৰাত আমাক কয়- অসমত জালুক খেতিৰ ব্যাপক সম্ভাৱনা আছে। পৰিকল্পনা লৈ কৰিলে আমাতকৈ অধিক সফল হ’ব পাৰিব অসমৰ জালুক খেতিয়কসকল।

পাঠকসকলক জনাও যে তামোল বা অন্যান্য গছত জালুক, পাণ আদিৰ খেতিৰ বাবে  বিশেষ মূলধন প্ৰয়োজন নহয়। বগাবলৈ গছজোপা থাকিবই, পাণ বা জালুকৰ পুলি ক্ৰয় কৰোতে বিশেষ খৰচ নহয়। কিন্তু পুলিসমূহ ৰোপন কৰোঁতে কেনেকুৱা ধৰণৰ সাৰ প্ৰয়োগ কৰিব লাগে, খাৰ নুঠিবৰ বাবে কি কৰিব লাগে, পুলিসমূহ মৰি নাযাবলৈ কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব লাগে আদি কথাবোৰ অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শৰ মতে, কাম কৰিব লাগে। সাধাৰণতে আমাৰ বহু কৃষকে বাৰীৰ গছবোৰতে এনেকৈ জালুক বা পাণ ৰোপন কৰিবলৈ লয় কিন্তু পুলি ৰোৱাৰ পাছতে মৰি যায়। গতিকে অভিজ্ঞ ব্যক্তিসকলৰ পৰা আপোনালোকে পৰামৰ্শ গ্ৰহণ কৰাতো খুব জৰুৰী। এই খেতিৰ এটা লাভজনক কথা হ’ল-  পুলি ৰোপনৰ পাছতে বিশেষ যত্ন নোলোৱাকৈ বছৰ বছৰ ধৰি ইয়াৰ ফল লাভ কৰি থাকিব কৃষকসকলে।

লগতে পঢ়ক- 

Tree plantation best time : জুন-জুলাই গছপুলি ৰোপনৰ উপযুক্ত সময়

English Summary: Betel nut farming with black pepper Farming

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.