1. অন্যান্য

কিয় ৯০ শতাংশ খাদ্যসামগ্ৰীৰ বাবেই বহি:ৰাজ্যৰ কৃষকৰ ওপৰত নিৰ্ভৰশীল আমি!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Why we depended on Punjab-haryana's Farmer for 90 percent food
Why we depended on Punjab-haryana's Farmer for 90 percent food

আমাৰ অসম এখন কৃষিপ্ৰধান ৰাজ্য। ইয়াৰ অধিকাংশ লোকেই খেতি কৰে। কিন্তু আমি নিৰ্ভৰ কৰো পাঞ্জাৱ-হাৰিয়ানাৰ কৃষি প্ৰধান ৰাজ্যসমূহৰ ওপৰত। পাঞ্জাৱ লাহি চাউল, বৌম্বেই আলুগুটি, দালি, মিঠাতেল, বুট, মগু, চেনী আদি আমাক দৈনদ্দিন জীৱনত প্ৰয়োজন হোৱা প্ৰায় ৯০ শতাংশ খাদ্যসামগ্ৰীৰ বাবে আমি পাঞ্জাৱ-হাৰিয়ানা দৰে কৃষি প্ৰধান ৰাজ্যসমূহৰ ওপৰত নিৰ্ভৰ কৰো। অসমত সৰিয়হ নহয় নে! আলু নহয় নে মগু নহয়! কুঁহিয়া নহয়! তেন্তে আমি এই শস্যসমূহৰ বাবে কিহৰ বাবে বহিঃৰাজ্যসমূহৰ ওপৰত নিৰ্ভৰ কৰো!

এই প্ৰশ্নসমূহৰ উত্তৰ বিচৰাৰ সময় ইতিমধ্যে পাৰ হৈ যোৱা পৰ্যায়ত। অৱশ্যে কিছুমান খাদ্যসামগ্ৰীৰ বাবে আমি এই ৰাজ্যসমূহৰ ওপৰত নিৰ্ভৰ কৰিবই লাগিবই। কিয়নো আমাক দৈনদ্দিন জীৱনত প্ৰয়োজন হোৱা কিছুমান খাদ্যসামগ্ৰীৰ খেতি অসমৰ জলবায়ুত সম্ভৱ নহয়।

আমি পাঞ্জাৱ-হাৰিয়ানাৰ কৃষকৰ আমি কিয় নিৰ্ভৰশীল

১। কৃষি ক্ষেত্ৰখনত শিক্ষিত লোকৰ অভাৱ

পাঞ্জাৱ-হাৰিয়ানাৰ কৃষকসকল প্ৰথম কথা শিক্ষিত। উচ্চশিক্ষিত শিক্ষিত হ’লেও এই ৰাজ্যসমূহৰ যুৱকসকলে খেতিত কৰিবলৈ লাজ, ভয় নকৰে। কিন্তু আমাৰ অসমত ইয়াৰ এখন বিপৰীত ছবি। অসমত নপঢ়া-নুশুনা লোকৰ সংখ্যাই কৃষিক্ষেত্ৰখনত অধিক। শিক্ষিতসকলে চাকৰি নোপাৱালৈকে সংগঠন কৰে, ছাত্ৰ নেতা হয়, সমাজসেৱক হয়। কৃষি বৃত্তিৰ লগত জড়িত হ’বলৈ লাজ পায়। ইয়াৰ অন্তৰালত সামাজিক কিছুমান কাৰণো আছে। খেতিৰ লগত জড়িত ব্যক্তিক আমাৰ সমাজত সন্মানৰ চকুৰে চোৱা নহয়। কৃষি বৃত্তিৰে জড়িত ল’ৰালৈ ছোৱালীয়ো বিয়া নিদিয়ে।  গতিকে শিক্ষিতসকলে পৰাপক্ষত কৃষি ক্ষেত্ৰখনৰ পৰা আঁতৰি থাকে।

লগতে পঢ়ক- 

মালচিং পেপাৰ কি ! ইয়াৰ দাম কিমান! ক’ত পাব! ইয়াৰ উপকাৰিতা কি!

২। নতুনক আদৰণি

বছৰ বছৰ হৈ গ’ল  অসমীয়া অধিকাংশ মানুহেই পৰম্পৰাগতভাৱেই খেতি কৰিছে। বিভিন্ন ক্ষেত্ৰলৈ পৰিৰ্তন আহিল কিন্তু অসমীয়া অধিকাংশ কৃষক ৰাইজৰ কৃষিক্ষেত্ৰখনলৈ অকণমানো পৰিৱৰ্তন নাহিল। আজিয়ো অসমীয়া কৃষক ৰাইজে বাৰিষা খেতি কৰে, খৰালি গৰু উদং দিয়ে, ধানৰ নতুন বীজৰ খেতি নকৰে। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম পাঞ্জাৱ-হাৰিয়ানাৰ কৃষক। তেওঁলোকে পৰম্পৰাগত পদ্ধতিৰে খেতিৰ সলনি নতুন শস্যৰ খেতিক পৰীক্ষামূলকভাৱে কৰে। সফলতা লাভ কৰিলে পুনৰ অধিক খেতি কৰিবলৈ সেই শস্যসমূহৰ খেতি।

৩। মাটি পেলাই নাৰাখে

পাঞ্জাৱ-হাৰিয়ানাৰ কৃষকে মাটি পেলাই নাৰাখে। বছৰত একোডোখৰ মাটিতে ৩ বাৰ চাৰিবাৰ খেতি কৰে। আমাৰ অসমত এবাৰ ধান খেতি কৰা পাছতে সেই মাটি ৬-৭ মাহলৈ পৰি থাকে।

৪। উদঙীয়া গৰুৰ সমস্যা নাই

পাঞ্জাৱ-হাৰিয়ানাত উদঙীয়া গৰু সমস্যা নাই। অসমত ধান কটাৰ পাছতেই উদঙীয়া গৰুৰ সন্ত্ৰাসত খেতিৰটো বাদেই জেওৰা নমৰাকৈ গৃহস্থই বাৰীত জলকীয়া পুলি এটা ৰুবলৈয়ো দহবাৰ ভাবিব লাগে। ইফালে, খেতি কৰিবলৈ আৰম্ভ কৰোঁতেই জেওৰা মাৰিবলৈ এজন কৃষকক ২০-৩০ হাজাৰ টকাৰ প্ৰয়োজন হয়। সেই খৰচ কৰা পইচাখিনি কেতিয়াও ঘূৰাই নাপায়। পাঞ্জাৱ-হাৰিয়ানাত গৰু-মহৰ বাবেও ঘাঁহৰ খেতি কৰে। নীল গাই সমস্যা পিছে অলপ আছে।

৫। পানীৰ সমস্যা নাই

পাঞ্জাৱ-হাৰিয়ানাৰ অধিকাংশ কৃষকেই পানীৰ সমস্যাত ভুগিব লগা নহয়। পানীৰ বাবে বৰষুণলৈ অপেক্ষা কৰিব নালাগে। পথাৰে পথাৰে বিজুলি সংযোগ ব্যৱস্থা কৰি দিছে চৰকাৰে। যিটো আমাৰ অসমত নাই। অসমৰ ৯৯ শতাংশ কৃষকে এতিয়াও পানীৰ বাবে বৰষুণলৈ অপেক্ষা কৰে।

৬। আধুনিক কৃষি সঁজুলি ব্যৱহাৰ

পাঞ্জাৱ-হাৰিয়ানাৰ অধিকাংশ কৃষকেই আধুনিক কৃষি সঁজুলি ব্যৱহাৰ কৰে। আমাৰ দৰে ৰাতিপুৱাই হালবাবলৈ ওলায় যাব নালাগে। ১০ দিনৰ কাম কৃষিযন্ত্ৰৰ সহায় তেওঁলোকে দুই এদিনতে কৰে।

৭। মাৰ্কেটিং নলেজ : এই ৰাজ্য দুখনৰ কৃষকৰ ব্যৱসায়িক জ্ঞান মানিব লগীয়া। আমাৰ অসমীয়া কৃষকে দুই-তিনি বিঘা মাটিত খেতি কৰে। অথচ নিজৰ কৃষি ভূমিত উতপাদিত ফচল বিক্ৰি কৰিব নোৱাৰে। কিন্তু পাঞ্জাৱ-হাৰিয়ানাৰ কৃষকে হেক্টৰ হেক্টৰ কৃষিভূমিত খেতি কৰে আৰু তাৰ ফচল গৈ অসমৰ ভিতৰুৱা গাওঁ এখনৰ দোকান পায়গৈ।

লগতে পঢ়ক- 

Litchi farming : আহি আছে লিচু খেতিৰো বতৰ, জুন-জুলাইতে ৰোপন কৰক

English Summary: Why we depended on Punjab-haryana's Farmer for 90 percent food

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.