খেতি কৰিবলৈ লৈ বিভিন্ন সময়ত কৃষকসকল সমস্যাত পৰে। আৰু এই সমস্যাসমূহৰ সথিক উত্তৰৰ অভাৱত বহু কৃষকে লোকচানৰ সন্মুখী হয়। কেৱল খেতি বুলিয়েই নহয় কৃষকৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে প্ৰকৃত কৃষকৰ অজ্ঞাতেই ৰৈ যায়। ই কেৱল কৃষকজনকেই নহয়, ই দেশৰ কৃষিখণ্ডকো লোকচানৰ সন্মুখীন কৰায়।
এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ২০০৪ চনতে কৃষি মন্ত্ৰালয়ৰ কৃষি আৰু সহযোগিতা বিভাগে কৃষিৰ এই সমস্যাসমূহৰ পৰা কৃষকসকলক সকাহ দিয়াৰ বাবে দেশৰ সকলো ৰাজ্যতে কিষাণ কল চেণ্টাৰ স্থাপন কৰাৰ সিদ্ধান্ত লৈছিল । এই সিদ্ধান্ত মৰ্মেই অসমতো স্থাপন কৃষক কল চেণ্টাৰ।
লগতে পঢ়ক-
বিদ্যালয়-মহাবিদ্যালয়ত কৃষি শিক্ষাৰ গুৰুত্ব আৰু প্ৰাসংগিকতা
কিন্তু বহু কৃষকে বৰ্তমানেও নাজানে কিষাণ কল চেন্টাৰৰ কথা। এই কল চেণ্টাৰৰ সহায়ত কৃষকসকলে দূৰসংযোগ, কম্পিউটাৰ আৰু অন্যান্য আধুনিক সুবিধাৰে সজ্জিত যিকোনো সমস্যা/ পৰামৰ্শ/ তথ্য ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা কৃষিৰ প্ৰচাৰ কৰা বিভিন্ন আঁচনি আদিৰ তথ্য লাভ কৰিব পাৰিব ।
অসমৰ কৃষকসকলে 1800 180 1551 এই নাম্বাৰটোত ফোন কৰি কৃষি সম্বন্ধীয় সকলো তথ্য জানিব পাৰিব।
লগতে পঢ়ক-
Share your comments