1. অন্যান্য

কৃষিজাত আৱৰ্জনাই বৃদ্ধি কৰিব আপোনাৰ উপাৰ্জন, কেনেকৈ ?

KJ Staff
KJ Staff

বেছিভাগ মানুহে আৱৰ্জনাক অ-প্ৰয়োজনীয় বুলি ভাবে আৰু ইয়াক কোনো পৰিকল্পনা নোহোৱাকৈ য'তে-ত'তে পেলাই দিয়ে । প্ৰাপ্ত তথ্য অনুসৰি, প্ৰতি বছৰে সমগ্ৰ বিশ্বতে প্ৰায় ৩০ বিলিয়ন টন আৱৰ্জনা অপচয় হয় ।

ভাৰতত বছৰি প্ৰায় ৩৫০ নিযুত টন কৃষিজাত আৱৰ্জনা উৎপন্ন হয়, যাক মানুহে অপ্ৰয়োজনীয় বুলি পেলাই দিয়ে । কিন্তু সেয়া এতিয়া পৰা নহয়, এতিয়া কৃষিজাত আৱৰ্জনা ব্যৱহৃত হ'ব উৎপাদনী শক্তি বৃদ্ধিত । নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ মতে, প্ৰতি বছৰে কৃষকসকলে সেউজসাৰৰ উপৰিও কৃষিজাত আৱৰ্জনাৰ পৰা বিদ্যুৎ উৎপাদন কৰিব পাৰে ।

আৱৰ্জনাৰ পৰা কাগজ তৈয়াৰ কৰা

2014 চনত, ভাৰতত স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰা হৈছিল । এই অভিযানৰ অধীনত, দেশত আৱৰ্জনাৰ পৰা তৈয়াৰ কৰা সামগ্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল । ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ (ICAR) লগতে দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান (IARI)য়ে এই ধাৰণাটো কাৰ্যকৰী কৰিবলৈ তেওঁলোকৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে ।

এই সকলো বোৰ প্ৰতিষ্ঠানে একেলগে এনে এক নতুন প্ৰযুক্তিৰ ওপৰত কাম কৰা আৰম্ভ কৰিছে যাতে আৱৰ্জনাবোৰ পৰা লাভজনক উপাৰ্জন কৰিব পৰা যায় । আইচিএআৰে এনে এক প্ৰযুক্তি বিকশিত কৰিছে যাতে আৱৰ্জনাসহজে কাগজলৈ ৰূপান্তৰ কৰিব পাৰি

কৃষিজাত আৱৰ্জনাৰ ব্যৱহাৰ

চিনাবাদামৰ বাকলি আৰু আন বহুতো উপকাৰী বাকলি কুকুৰাৰ বাবে খাদ্য হিচাপে ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়। ইয়াৰ ব্যৱহাৰে কুকুৰাবোৰক প্ৰ'টিনৰ যোগন ধৰে । ইয়াৰ বাহিৰেও, চেনী কলৰ পৰা আৱৰ্জনাবোৰ কম্পোষ্ট সাৰলৈ ৰূপান্তৰ কৰি, কৃষকসকলে ইয়াক তেওঁলোকৰ পথাৰত ব্যৱহাৰ কৰিব পাৰে ।

ইয়াৰ ব্যৱহাৰে শস্য বৃদ্ধি কৰিব আৰু একে সময়তে কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰিব । কাঠফুলাৰ খেতিত কপাহৰ আৱৰ্জনা ডাল ব্যৱহাৰ কৰিব পাৰি । আনাৰসৰ আৱৰ্জনা এতিয়া গৰখীয়াসকলে তেওঁলোকৰ জন্তুৰ বাবে পশুখাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰে।

লগতে পঢ়কঃ Weight Loss Rice:ওজন হ্ৰাস কৰিব পৰা ৪ বিধ জনপ্ৰিয় চাউল

English Summary: agricultural waste will be used for many essential products

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.