1. অন্যান্য

প্রধানমন্ত্রী কৃষি আঁচনি ৰূপায়নৰ ফলতো অসমৰ প্ৰদৰ্শন সন্তোষজনক নহয়

KJ Staff
KJ Staff
Paddy Fields
Paddy Fields

ৰাজ্যৰ কৃষি বিভাগৰ তথ্য মতে, অসমত ৪০.৬১ লাখজন কৃষক আছে। কৃষি উপযােগী মাটিৰ পৰিমাণ ৩০.৭৬ লাখ হেক্টৰ। কিন্তু অসমত আজি পর্য্যন্ত জলসিঞ্চনৰ সু-ব্যৱস্থা হৈ উঠা নাই। অসমত মাত্র ৮ লাখ হেক্টৰ মানতহে জলসিঞ্চনৰ সুবিধা আছে। একেদৰে প্ৰধানমন্ত্রী কৃষি সিঁচাই যােজনাৰ ক্ষেত্ৰতাে অসমে মাথোঁ ব্যর্থতাহে দেখুৱাইছে।

  ২০১৬-১৭ বৰ্ষৰপৰা অসমত এই আঁচনিখন আৰম্ভ হৈছিল। কৃষি উৎপাদন আৰু খেতি কৰা মাটিৰ পৰিমাণ বঢ়োৱা, প্ৰতিটোপাল পানীৰ সদ্ব্যৱহাৰ তথা পানীৰ অপচয় ৰােধ কৰাৰ লক্ষ্যৰে প্রধানমন্ত্রী কৃষি সিঁচাই যােজনা আৰম্ভ কৰা হৈছিল। পাছে কৃষি বিভাগৰপৰা লাভ কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ জুলাই পর্যন্ত পাঁচ বছৰত (২০১৬-১৭ৰপৰা ২০২০-২১লৈ) অসমত উক্ত আঁচনিৰ জৰিয়তে মাত্র ১৮,৯৬২জন খেতিয়কহে উপকৃত হৈছে। প্রধানমন্ত্রী কৃষি সিঁচাই যােজনাৰ অধীনত ক্ষুদ্র জলসিঞ্চন আঁচনিয়ে ১৯০৮৩.২ হেক্টৰ মাটিহে সামৰি লৈছে।

  বর্তমান সময়ৰ বাবে অতি উপযােগী এই আঁচনিখনৰ বিষয়ে বিভাগে উপযুক্ত প্ৰচাৰ নকৰা বাবেই বর্তমানলৈকে আঁচনিখনে কৃষকৰপৰা সঁহাৰি লাভ কৰিব পৰা নাই বুলি অভিযােগ উঠিছে। ২০২১-২২ বৰ্ষৰ বাবে ২৪,৭০০জন খেতিয়কক লক্ষ্য কৰি লােৱা হৈছে যদিও জানিব পৰা মতে প্রায় ২০০০জন কৃষকেহে এই পর্যন্ত সুবিধা গ্রহণ কৰিছে।

উল্লেখযােগ্য এই আঁচনিত চৰকাৰী ৰাজসাহায্যৰ পৰিমাণে বেছি। পূর্বৰ তুলনাত ২০১৯-২০ বৰ্ষৰপৰা অসম চৰকাৰে ৰাজসাহায্যৰ পৰিমাণ ৩০% বৃদ্ধিও কৰিছে। তথাপি আঁচনিখনে অসমত কৃষকৰ সঁহাৰি লাভ কৰা নাই। শালি ধানৰ বাবে অসমত সাধাৰণতে পানীৰ প্ৰয়ােজন নহয় যদিও বতৰৰ পৰিৱৰ্তনৰ বাবে অসমৰ কৃষকো সমস্যাত পৰিছে। আনহাতে, ৰবিশস্যৰ বতৰত বা উদ্যান শস্যৰ বাবে ক্ষুদ্র জলসিঞ্চন (মাইক্র’ ইৰিগেচন) অতি উপযােগী।

English Summary: Assam's performance is not satisfactory even as a result of the various Agriculture Scheme

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.