1. অন্যান্য

মােদীৰ সৈতে কৃষি আইনৰ বিষয়ে আলােচনা কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্রপতি বাইডেনক ৰাকেশ টিকাইটৰ আহ্বান

KJ Staff
KJ Staff
Rakesh Tikait
Rakesh Tikait

আমেৰিকাৰ ৰাষ্ট্রপতি জ’বাইডেনৰ সৈতে প্রথমটো দ্বিপাক্ষিক আলােচনাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মােদী সাজু হােৱাৰ আগে আগে শুক্রবাৰে কৃষকসকলৰ নেতা ৰাকেশ টিকাইটে বাইডেনলৈ এটা আৱেদন জনায়। প্রধানমন্ত্রী মােদীক লগ পাওঁতে কেন্দ্রই গৃহীত কৰা বিতর্কিত কৃষি আইনকেইখনৰ বিষয়টো উত্থাপন কৰিবলৈ বাইডেনক টিকাইটে আহবান জনায়।

   কৃষক নেতাজনে আমেৰিকাৰ ৰাষ্ট্রপতিজনলৈ কৰা এটা টুইটত কয়, প্রতিবাদৰ সময়ছােৱাত যােৱা ১১ মাহত কমেও ৭০০জন কৃষকে প্রাণ হেৰুৱালে আৰু আমাক ৰক্ষা কৰিবৰ বাবে এই ক’লা আইনকেইখন বাতিল কৰা উচিত। প্রতিবাদৰ প্রতি আকৌ আন্তঃৰাষ্ট্ৰীয় দৃষ্টি আকর্ষণ কৰিবলৈ টিকাইটে এই টুইট কৰে। টিকাইট ভাৰতীয় কিষাণ ইউনিয়ন মুখপাত্র। তিনিখন কৃষি আইন বাতিল কৰিবলৈ দাবী জনাই আন্দোলন কৰি থকা ইউনিয়নসমূহৰ ভিতৰত বি কে ইউ অন্যতম। উল্লেখযোগ্য যে তিনিখন প্রত্যাহাৰৰ দাবীত হাজাৰ হাজাৰ কৃষকে নতুন দিল্লীৰ সীমাত ২০২০ চনৰ যোৱা নৱেম্বৰ মাহৰ পৰা আন্দোলন কৰি আছে।

এইফালে আমেৰিকাৰ নিৱাসী প্রবাসী ভাৰতীয়ৰ মোদীৰ আগত বিক্ষোভ প্রকাশ

প্রধানমন্ত্রী নৰেন্দ্র মােদীৰ আমেৰিকা ভ্রমণ কালত শুক্রবাৰে আমেৰিকা নিবাসী ভালেমান ভাৰতীয়ই বিক্ষোভ প্রদর্শন কৰে। কেন্দ্রৰ নতুন কৃষি আইন, কাশ্মীৰত আইন-শৃংখলাৰ অৱনতি, সংখ্যালঘুসকলৰ ওপৰত অাক্রমণকে ধৰি ভালেমান অভিযােগ তেওঁলােকে বিক্ষোভ প্রদর্শন কৰে বুলি আলজাজিৰাই বাতৰি প্রকাশ কৰিছে।

  বিক্ষোভকাৰীসকল হােৱাইট হাউছৰ ওচৰৰ লাফায়েৎ স্কোৱাৰ পাৰ্কত গােট খায় আৰু বিক্ষোভ প্রদর্শন কৰে। তেওঁলােকৰ হাতত আছিল “ চেভ ইণ্ডিয়া ফ্রম ফেচিজম' লিখা প'ষ্টাৰ। তেওঁলােকে মােদী-বিৰােধী ধ্বনিও দিয়ে। তেওঁলােকৰ অভিযােগ হ’ল যে ২০১৪ চনত মােদী প্রধানমন্ত্রী হােৱাৰ পৰাই কাশ্মীৰৰ আইন শৃংখলা ব্যাপক ৰূপত অৱনতি ঘটিছে। ভাৰতত সংখ্যালঘুসকল অসুৰক্ষিত। তিনিখন কৃষি আইন কৃষক বিৰােধী। তেওঁলােকৰ দাবী হ’ল, বিজেপি ভাৰতৰ ক্ষমতালৈ অহাৰ পাছত দেশখনত ধর্মীয় মেৰুকৰণ বৃদ্ধি পাইছে।সংখ্যালঘুসকল, বিশেষকৈ মুছলমান বিদ্বেষ বিয়পােৱা হৈছে।

English Summary: Rakesh Tikait calls on US President Biden to discuss agricultural law with Modi

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.