1. স্বাস্হ্য আৰু জীৱন

পইতা ভাত খালে দেহত চর্বীৰ পৰিমাণ নিয়ন্ত্রন হোৱাৰ উপৰিও সুৰক্ষিত হয় লিভাৰ

KJ Staff
KJ Staff
Poita Bhat
Poita Bhat

   পইতা ভাত সাধাৰণতে উখোৱা চাউলৰ ভাতক ৭-৮ঘণ্টা মান পানীত তিয়াই ৰাখিলে পইতা ভাত হয়, উখোৱা চাউল নহলেও অন্য চাউলৰ ভাত হলেও কোনো কথা নাই। ভাৰতৰ যিবোৰ ৰাজ্যৰ প্রধান খাদ্য ভাত, সেইসমুহ ৰাজ্যৰ সকলো লোকৰে পৰিচিত পইতা ভাত আৰু প্রিয়। পইতা ভাতক ইংৰাজীত কোজি ৰাইচ বুলি কোৱা হয়। গৰমৰ দিনত পইতা ভাত অসমীয়া সমাজত সকলো লোকে খাই ভাল পাই, কাৰণ পইতা ভাত খালে গৰমৰ দিনত বহুত শীতল অনুভৱ হয় । এই ভাতৰ লগত মাছ পোৰা, আলু পিটিকা, আচাৰ, খৰিছা, ভাজি, নেমু টেঙা আদি লৈ খালে অধিক তৃপ্তি অনুভৱ হয়।

   গতিকে জানো আহক পইতা ভাত আমাৰ শৰীৰৰ বাবে কিয় উপকাৰী—

১। এই ভাত খালে শৰীৰত কেলৰি আৰু চৰ্বি বৃদ্ধি নহয়। 

২। এই ভাতত আমাৰ শৰীৰৰ বাবে উপকাৰী প্ৰায় সকলো খিনি উপদানেই থাকে। এই ভাতক প্ৰায় ৭-৮ ঘণ্টা সময় তিয়াই থোৱা হয় বাবে ইয়াত বহুতো উপকাৰী বেক্টেৰিয়াৰ সংযোগ ঘটে। তাৰ উপৰিও শৰীৰৰ বাবে উপকাৰী লেক্টিক এচিড আৰু ভিটামিন B উৎপন্ন হয়। পানীত তিয়াই থোৱা বাবে ইয়াত পটাচিয়াম আৰু আয়ৰণৰ মাত্ৰও বৃদ্ধি হয়। 

আৰু পঢ়ক- ধানৰ ব্লাষ্ট ৰোগ আৰু ইয়াৰ প্রতিকাৰৰ উপায়

৩। পইতা ভাতত লেক্টিক এচিড বেছি পৰিমাণে থাকে বাবে, এই ভাতে মাতৃদুগ্ধ বেছিকৈ নিঃসৰণ কৰাত সহায় কৰে। 

৪। পইতা ভাতত সৃষ্টি হোৱা বেক্টেৰিয়া আৰু লেক্টিক অচিডে কোষ্ঠ-কাঠিন্যৰ সমস্যা দূৰ কৰাটো সহায় কৰে। 

৫। এই ভাতে পাকস্থলীত হোৱা ঘা দূৰ কৰাটো সহায় কৰে। 

৬। পইতা ভাত খালে দেহত সোনকালে বয়সৰ চাপ দূৰ কৰে।

৭। পইতা ভাতত পটাচিয়ামৰ পৰিমাণ বেছি থকাৰ বাবে এই ভাত খালে মানুহৰ ৰক্তচাপ সঠিক নিয়ন্ত্ৰণত থাকে। 

৮। এই ভাত খালে যকৃৎ সুৰক্ষিত থাকে। 

৯। কেলচিয়াম কম থকা ব্যক্তিৰ বাবে পইতা ভাত অতি উপকাৰী। কাৰণ প্ৰতি 100 গ্ৰাম পইতা ভাতত 850 মিলিগ্ৰাম থাকে, কিন্তু গৰম ভাতত 29 মিলিগ্ৰামহে থাকে। 

১০। এই ভাতত আয়ৰণৰ পৰিমাণ বেছিকৈ থকা বাবে ৰক্তহীনতাত ভোগা ৰোগী সকলৰ বাবে অতিকৈ উপকাৰী। 

১১। পইতা ভাতত চৰ্বীৰ পৰিমাণ কম থাকে বাবে এই ভাত খালে মানুহ শকত নহয়। 

১২। এই ভাত খালে পেট খোলোছা হোৱাৰ লগতে পেটৰ নানান সমস্যা দূৰ হয়।

আৰু পঢ়ক- কৃষকৰ সুবিধা হোৱাকৈ এহেজাৰখন গাড়ী ক্রয় কৰিব কৃষি বিভাগে লগতে বৃহৎ শীতল ভঁৰাল নির্মাণ কৰিব বুলি কৃষি মন্ত্রী অতুল বৰাই কাজিৰঙাত ঘোষণা কৰে
English Summary: Health benefits of poita bhat assamese traditional food

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.