1. অন্যান্য

মন্ত্রীসভাৰ কেবিনেট বৈঠকত কেবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ, গঠন কৰা হব আৰক্ষী আয়ােগ

KJ Staff
KJ Staff
Assam Cabinet Meeting on Wednesday
Assam Cabinet Meeting on Wednesday

যোৱা বুধবাৰে জনতা ভৱনত অনুষ্ঠিত হোৱা অসম মন্ত্রীসভাৰ সাপ্তাহিক কেবিনেট বৈঠকত কেবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে। বৈঠকত আৰক্ষী আয়োগ গঠন, ক্ৰীড়া পেঞ্চনৰ ধনৰাশিৰ পৰিমাণ বৰ্ধিতকৰণ, নতুন আৰক্ষী বেটেলিয়ন গঠন, নিৰ্দিষ্ট কেইটামান ক্ৰীড়াত পদক বিজয়ী খেলুৱৈলৈ চাকৰিৰ নিশ্চয়তা প্ৰদান বিষয় কেইটা মুখ্য স্থান পাই। মন্ত্রীসভাখনে বৈঠকত অন্তত কি কি সিন্ধান্ত গ্রহণ কৰে, তলত থুলমূলকৈ দিয়া হ'ল -

1. আৰক্ষী আয়ােগ গঠন

অসমৰ আৰক্ষী ব্যৱস্থা শক্তিশালী কৰাৰ বাবে ভাৰতীয় প্রশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া হিমাংশু শেখৰ দাস আৰু প্রাক্তন আৰক্ষী সঞ্চালক প্রধান পি ভি সুমন্তৰ নেতৃত্বত তিনি মাহৰ কাৰণে এক আৰক্ষী আয়ােগ গঠনৰ সিদ্ধান্ত গ্রহণ। দুয়ােগৰাকী বিষয়াকে এই সময়ছােৱাৰ বাবে মুখ্য সচিব পদমর্যাদা প্রদান ৷

2. অসম আৰক্ষীত নিযুক্তি প্রক্রিয়া আৰম্ভ

অসম চৰকাৰৰ ১ লাখ নিবনুৱা নিযুক্তিৰ লক্ষ্যৰ দিশত প্রাথমিক পদক্ষেপ হিচাপে অসম আৰক্ষীত খালী হৈ থকা ১৫ হাজাৰ পদত নিযুক্তি প্রক্রিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ।

3. নতুন আৰক্ষী বেটেলিয়ন

ৰাজ্যৰ নিৰাপত্তা ব্যবস্থা শক্তিশালী কৰাৰ বাবে পাঁচটা নতুন আৰক্ষী বেটেলিয়ন গঠনেৰে ৬,২৭০গৰাকী যুৱক-যুৱতীক নিযুক্তি

4. বিভাগৰ একত্রীকৰণ

*মুদ্রণ আৰু লেখন সামগ্রী বিভাগক তথ্য আৰু জনসংযােগ বিভাগৰ সৈতে একত্রীত কৰি তথ্য, জনসংযােগ, মুদ্রণ আৰু লেখন সামগ্রী বিভাগ হিচাপে নামকৰণ ৷

*ৰাজহুৱা প্রতিষ্ঠান বিভাগক উদ্যোগ আৰু বাণিজ্য বিভাগৰ লগত সংলগ্নকৰণ

*পাৰপত্র বিভাগক গৃহ বিভাগৰ লগত সংলগ্নকৰণ

5. বর্ধিত ক্রীড়া পেঞ্চন

*ক্রীড়া পেঞ্চনৰ ধনৰাশিৰ পৰিমাণ ৮,০০০ টকাৰ পৰা ১০,০০০ টকালৈ বৃদ্ধিৰ সিদ্ধান্ত

*কমনৱেলথ গেমছ আৰু ৰাষ্ট্ৰীয় ক্রীড়াত পদক প্রাপ্তসকলক এতিয়াৰে পৰা অতিৰিক্তভাৱে ক্রীড়া পেঞ্চন প্ৰদান কৰা হ'ব।

6. পদক বিজয়ী খেলুৱৈৰ নিযুক্তি

*অলিম্পিক, কমনৱেলথ আৰু এছিয়ান গেমছত পদক লাভ কৰা খেলুৱৈলৈ প্রথম শ্রেণীৰ চাকৰি

*স্বীকৃতি প্রাপ্ত বর্ল্ড চেম্পিয়নশ্বিপসমূহত পদক লাভ কৰা খেলুৱৈলৈ দ্বিতীয় শ্ৰেণীৰ চাকৰি

*নেশ্যনেল গেমছত পদক লাভ কৰা খেলুৰৈলৈ তৃতীয় শ্রেণীৰ চাকৰি

7. অন্যান্য সিদ্ধান্তসমূহ

*ৰাজ্য চৰকাৰে নতুনকৈ গঠন কৰা স্বায়ত্তশাসিত পৰিষদসমূহৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী সদস্যসকলে এতিয়াৰে পৰা পূর্ব স্বায়ত্তশাসিত পৰিষদসমূহৰ সৈতে সমহাৰৰ দৰমহা লাভ কৰিব ৷

*উত্তৰ-পূব মহাকাশ প্রয়ােগ কেন্দ্র (NESAC)ৰ সদ্য অৱসৰপ্ৰাপ্ত সঞ্চালক পি এন এল ৰাজুক অসম চৰকাৰে নতুনকৈ গঠন কৰিবলগীয়া আঞ্চলিক মহাকাশ প্রয়ােগ কেন্দ্ৰৰ বিশেষ সচিব আৰু সঞ্চালক হিচাপে নিযুক্তি।

* গুৱাহাটীস্থিত চিকিৎসা প্রতিষ্ঠান শংকৰদেৱ নেত্রালয়ক চৰকাৰে আৱণ্টন দিয়া ভূমিৰ বাবদ প্রদান কৰিবলগীয়া প্রিমিয়াম ৰেহাই দিয়াৰ সিদ্ধান্ত গ্রহণ ৷

English Summary: Assam cabinet meeting have taken some important decisions on Wednesday

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.