1. অন্যান্য

৭৫ বছৰীয়া কৃষকৰ সৈতে বিয়াত বহিল ১৫ বছৰীয়া কিশোৰী

Mrigakshi Phukan
Mrigakshi Phukan
farmer marriage
farmer marriage

৭৫ বছৰীয়া কৃষকৰ প্ৰেমত পৰিল ১৫ বছৰীয়া কিশোৰী। আচৰিত যেন লাগিলেও সঁচা এই কথা। এজন বৃদ্ধ কৃষকক মন সঁপিলে এগৰাকী কিশোৰীয়ে। ৩ বছৰীয়া প্ৰেমৰ সম্পৰ্কৰ পাছত তেওঁলোক অলপতে বিবাহ পাশত আবদ্ধ হয়। দৰা-কইনা দুয়ো পক্ষৰ পৰিয়ালৰ সহমতিৰ পাছত মুছলমান নীতি-নিয়মেৰে তেওঁলোক বিয়াত বহে। প্ৰকৃততে এই ঘটনাটো সংঘটিত হৈছে ফিলিপাইনছত।

৭৮ বছৰ বয়সীয়া কৃষক ৰছদ মেংগাকপে ১৮ বছৰীয়া হালিমা আব্দুল্লাক বিয়া কৰাইছে। জানিব পৰামতে দুয়ো ৩ বছৰ পূৰ্বে কাগায়ন প্ৰান্তত এক ডিনাৰ পাৰ্টীত পৰস্পৰক লগ পাইছিল। মেংগাকপেৰ পৰিয়ালৰ লোকে স্পষ্টকৈ কয় যে এয়া এৰেঞ্জড মেৰেজ নহয়। তেওঁলোক দুয়োকে সম্পূৰ্ণৰূপে প্ৰেমেহে একত্ৰিত কৰিছে। জানিব পৰামতে ৭৮ বছৰীয়া ৰছদৰ এইখন প্ৰথম বিবাহ। দৰা ৰছদৰ মতে ইয়াৰ পূৰ্বে তেওঁলোক কেতিয়াও আনৰ প্ৰেমত পৰাই নাছিল।

হালিমাৰ বাবেও ৰছদেই প্ৰথম প্ৰেম। ৰছদৰ প্ৰেমত পৰাৰ কথা হালিমাই প্ৰথমে পৰিয়ালক জনায়। ৰছদ বুঢ়া হৈ আহিছিল যদিও তেওঁ অবিবাহিত আছিল বাবে সম্পৰ্কটো সকলোৱে মানি লয়।

উল্লেখ্য যে ফিলিপাইঞ্চত বয়সৰ অধিক পাৰ্থক্য থাকিলেও বিয়াত বহাটো সাধাৰণ কথা।ইফালে ফিলিপ আইন অনুসৰি ২১ বছৰ বয়সৰ পাছতো ল’ৰা-ছোৱালী তেতিয়াহে বিয়াত বহিব পাৰে যেতিয়া মাক দেউতাকে অনুমতি দিয়ে।উল্লেখ্য যে নতুন দৰা-কইনা এতিয়া কাৰমেন টাউনত নতুন ঘৰত একেলগে বাস কৰে। দুয়ো এতিয়া শীঘ্ৰে পৰিয়াল আগবঢ়োৱাৰ কথা ভাবিছে।

লগতে পঢ়কঃ জীৱন যুঁজত অৱতীৰ্ণ হওঁক ৰতন টাটাৰ এইকেইটা কথাক সাৰথি কৰি

English Summary: 78 year old farmer marries 15 year old girl

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.