1. অন্যান্য

জীৱন যুঁজত অৱতীৰ্ণ হওঁক ৰতন টাটাৰ এইকেইটা কথাক সাৰথি কৰি

KJ Staff
KJ Staff
ৰতন টাটা
ৰতন টাটা

বিশ্বৰ অন্যতম এগৰাকী উদ্যোগপতি হৈছে ৰতন টাটা। ৰতন টাটা কেৱল ধনৰ ধনীয়েই নহয় মনৰ ধনী বাবেহে দেশৰ নাগৰিকে তেওঁক অন্য কোটিপতিতকৈ পৃথক দৃষ্টিৰে চায়। নিজ আদৰ্শৰে মহিয়ান এইগৰাকী ব্যক্তি দেশ তথা আন্তৰ্জাতিক স্তৰৰে এগৰাকী সফল উদ্যোগপতি। এইগৰাকী উদ্যোগপতিৰ কেইটামান কথা প্ৰভাৱিত কৰিব আপোনাকো।

টাটাই কৈছিল

১। “লোহা কেতিয়াও নিজে ধ্বংস নহয়। মামৰে ধৰিলেহে লোহা ধ্বংস হয়। একেদৰে এজন মানুহক কোনেও ধ্বংস কৰিব নোৱাৰে। নিজৰ মনোভাৱৰ বাবেহে এজন ব্যক্তি ধ্বংস হ’ব পাৰে”।

২। “আনক অনুকৰণ কৰি এজন ব্যক্তিয়ে সাময়িক সাফল্যহে লাভ কৰিব পাৰে। আনক অনুকৰণ কৰি কোনো মানুহে নিজৰ ভৱিষ্যত গঢ়িব নোৱাৰে”।

৩। “আমি সঠিক সিদ্ধান্ত লোৱাত সিমান বিশ্বাসী নহয়, ওলোটাই আমি লোৱা সিদ্ধান্তটোকহে সত্য বুলি প্ৰমাণ কৰিব বিচাৰো”।

৪। “আপোনাৰ হাতত যি শিল আছে সেয়া আপুনি সংৰক্ষণ কৰক। সময়ত সেই শিলেৰে আপুনি অট্টালিকা সাজক”। ইয়াৰ অৰ্থ এয়ে যে মানুহে ধন জমা কৰিবলৈ শিকিব লাগে আৰু উচিত সময়ত সেই ধনেৰে সম্পত্তি গঢ়িব লাগে।

তদুপৰি আৰু এটা কথা তেওঁ মানি চলে। সেয়া হৈছে -নতুন চিন্তাধাৰাৰ বিষয় প্ৰকাশ কৰিবলৈ মানুহে লাজ কৰাতো উচিত নহয়। আৰু কোনো এটা কাম শেষ নকৰাকৈ অন্য এটা কাম হাতত লোৱাটো একো বেয়া কথা নহয়।

লগতে পঢক- নিজৰ লগতে দুজনক দিছে কৰ্ম সংস্থাপন মানসে

English Summary: 5 TIPS OF SUCCESS

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.