1. News

World Pulses Day : জানো আহক বিশ্ব মাহ দিৱসৰ প্ৰাসংগিকতা আৰু ইতিহাস

PANKAJ KHANIKAR
PANKAJ KHANIKAR
World Pulses Day
World Pulses Day

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংসংস্থাৰ উদ্যোগত  ১০ ফেব্ৰুৱাৰী দিনটো বিশ্ব মাহ দিৱস হিচাপে ২০১৯ বৰ্ষৰ পৰা মাহ জাতীয় শস্যৰ গুৰুত্ব  বিশ্বব্যাপি জনপ্ৰিয় কৰাৰ উদ্দেশ্য  পালন কৰা হয়।  ৰাষ্ট্ৰসংঘই  উল্লেখ কৰাৰ মতে মাহজাতীয় শস্যসমূহ পুষ্টিকৰ হোৱাৰ লগতে দৰিদ্ৰতা নিৰ্মূলৰ লগতে  বহনক্ষম খাদ্য ব্যৱস্থাৰ  বিকাশত অৰিহণা যোগায়। দৰিদ্ৰতা, খাদ্যসুৰক্ষা পৰিপুষ্টি, মানৱ স্বাস্থ্য আৰু মাটিৰ স্বাস্থ্য বিশ্বব্যাপি প্ৰত্যাহ্বানসমূহ দূৰকৰণত  মাহজাতীয় শস্যই গুৰুত্ব প্ৰদান কৰি আহিছে। এই পুষ্টিকৰ খাদ্যসমূহৰ গুৰুত্বক স্বীকৃতি  জনাই ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০১৬ চনটো আন্তজাৰ্তিক মাহ দিৱস হিচাপে ঘোষণা কৰে।

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই  এই উদযাপনৰ নেতৃত্ব দি  মাহজা্তীয় শস্যই  প্ৰদান কৰা পৰিপুষ্টিৰ বিষয় জনসচেতনতা বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল আৰু এই যোগাত্মক ধাৰা পৰৱৰ্তীসময়ত অব্যাহত ৰাখিবলৈ ২০১৯ বৰ্ষৰ পৰা এই দিৱস বিশ্বজুৰি পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰততো জনসাধাৰণক  সচেতনতা বৃদ্ধি কৰিবলৈ ১০ ফেব্ৰুৱাৰী দিনটো বিশ্ব মাহ দিৱস হিচাপে পালন কৰিবলৈ লোৱা হয়। অৱশ্যে অতীজৰে পৰাই মাহজাতীয় শস্যই আমাৰ দ্দৈনিদ্দন আহাৰত অৰ্ন্তভূক্ত হৈ আহিছে। ভাত-দাইল, দাইল-ৰুটি, ইডলি, চাম্বাৰ আদি মূল ভাৰতীয় আহা্ৰসমূহত দাইল বা মাহৰ পুষ্টিগুণ পৰীক্ষাগাৰত পৰীক্ষা কৰাৰ আগৰ পৰাই ভাৰতীয় খাদ্য অংশ হৈ আহিছে।

মাহজাতীয় শস্যৰ কেতবোৰ গুৰুত্ব :

  • সকলো খেতি কৰা শস্যৰ ভিতৰত মাহজাতীয় শস্যৰ প্ৰটিনৰ পৰিমাণ সৰ্ব্বোচ্চ। যিহেতু ভাৰত এনে এখন দেশ যত বেছি সংখ্যক মানুহেই নিৰামিষ আহাৰ গ্ৰহণ কৰে তেনেক্ষেত্ৰত মাহজাতীয় শস্যই দ্দৈনদ্দিন আহাৰৰ তালিকতাত বিশেষ স্থান দখল কৰে।
  • ধানজাতীয় শস্যৰ পিছতেই ভাৰতীয় খাদ্যৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ উপাদান হ’ল মাহজাতীয় খাদ্য।
  • ভাৰতবৰ্ষৰ প্ৰায় সকলো ৰাজ্যতেই কম-বেছি পৰিমাণে মাহজা্তীয় শস্যৰ উৎপাদন হয় অৰ্থাত ভাৰতৰ মাটি তথা জলবায়ু মাহজাতীয় শস্যৰ বাবে প্ৰশস্ত।
  • মাহজাতীয় শস্যই বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন আহৰণ কৰি  ৰাইবজিয়াম বেক্টৰিয়াৰ সহায়ত মাটিৰ উৰ্ব্বৰতা বৃদ্ধি কৰে।
  • শস্যাৱৰ্তন, মিশ্ৰিত খেতি, বহুতৰপীয়া খেতি আদিতো মাহজাতীয় শস্যক অৰ্ন্তভূক্ত কৰিব পাৰি।
  • বেছিভাগ মাহজা্তীয় শস্যৰ কৃষিকাল কম দৈৰ্ঘ্যৰ হোৱাৰ বাবে বছৰত একেডৰা মাটিতে দুই-তিনি বিধ শস্যৰ খেতি সুকলমে কৰিব পাৰি।
  • বৰ্তমান সময়ত গঢ় ৱলৈ উঠা মাহভিত্তিক সংসাধন উদ্যোগসমূহে মাহৰ মূল্য সংযোগত নতুন গতি প্ৰদানৰ লগতে বহুচো নিৱনুৱাক সংস্থাপিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।
  • প্ৰটিনৰ লগতে মাহজাতীয় শস্যসমূহ জটিল কাৰ্বহাইড্ৰেট সমৃদ্ধ এক উৎস। এইবিধ খাদ্যত কেলছিয়াম, পটেছিয়াম, মেগনেছিয়াম, আহৰণ আৰু ভিটামিন-বিৰ লিয়াচিন, থায়মিন আদিৰে পৰিপুষ্ট আৰু মানৱ শৰীৰটোক সঠিকভাৱে কাম কৰিবলৈ এইবিলাক পুষ্টিকৰ উপাদান অপৰিহাৰ্য।
  • কম পৰিমাণে চৰ্বি থকা্ৰ বাবে হৃদযন্ত্ৰৰ স্বাস্থ্য ভালে থকাত সহায় কৰে লগতে মাহজাতীয় শস্যত পটছিয়ামৰ পৰিমাণ অধিক আৰু কম পৰিমাণে ছডিয়াম থকাৰ বাবে ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে।
  • তদুপৰি মধুমেয় নিয়ন্ত্ৰণত, ভোক নিয়ন্ত্ৰণত, কেঞ্চাৰ বা কৰ্কটৰোগ নিয়ন্ত্ৰণ কৰা মাহজাতীয় আহাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

লগতে পঢ়ক- 

Kitchen Garden : বিদ্যালয়ৰ চৌহদতে জৈৱিক শাকনিবাৰী পাতি দৃষ্টি আকৰ্ষণ কৰিছে টীয়কৰ এখন চৰকাৰী বিদ্যালয়ে

আমাৰ দেশত বিভিন্নধৰণৰ মাহজাতীয় শস্যৰ খেতি কৰা হয়। বুট, মাটিমাহ, মগুৰ মাহ, ৰহৰ, কুলাথি, মঠাবিন, খেচাৰিমাহ, মচুৰমাহ আদিকে ধৰি ন বিধ শস্যৰ খেতি প্ৰধানকৈ কৰা হয়। মাহজাতীয় শস্যৰ উৎপাদনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা আমাৰ দেশৰ প্ৰধান ৰাজ্যসমূহ হৈছে পঞ্জাৱ, হাৰিয়ানা, পশ্চিম উত্তৰ প্ৰদেশ, পশ্চিমবংগৰ বদ্বীপ, অন্ধপ্ৰদেশ, তামিলনাডু কেৰালা আৰু মহাৰাষ্ট্ৰ। ভাৰত চৰকাৰৰ শেহতীয়া তথ্য অনুসৰি- ২০২১-২২ বৰ্ষত ভাৰতত অভিলেখ সংখ্যক (২৬.৯৬ মেট্ৰিক টন) মাহজাতীয় শস্যৰ উৎপাদন হয়। ২০১৩-১৪ চনত বৰ্ষত মাহজা্তীয় শস্যৰ আমদানি আছিল  ১৯ শতাংশ এই হাৰ ২০২১-২২ বৰ্ষত ৩০.৩৭ মিলিয়ন হেক্টৰলৈ বৃদ্ধি পায়। উল্লেখযোগ্য যে ভাৰত বিশ্বৰ ভিতৰতেই মাহজাতীয় শস্যৰ প্ৰধান উৎপাদক, আৰু উপভোক্তাৰ হোৱাৰ লগতেই ভাৰতেই সৰ্বাধিক আমদানি কৰ্তা। বিগত বৰ্ষসমূহত ভাৰত চৰকাৰে  এই আমদানিৰ হাৰ হ্ৰাস কৰিবলৈ আৰু মাহজাতীয় শস্যৰ উ্তপাদন বঢ়াবলৈ বহুতো ব্যৱস্থা গ্ৰহণ কৰিছে। যাৰফলত  ওপৰত উল্লেখ কৰাৰ দৰে অভিলেখ সংখ্যক উৎপাদন হবলৈ আৰম্ভ কৰিছে।

ইয়াৰ বাবে মাহজা্তীয় শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা মিছন-মাহ কাৰ্যসূচীৰ অধীনতত ৬৪৪ খন জিলাৰ লোকক সামৰি মাহ খেতিৰ সূহীয়া প্ৰদৰ্শন (Cluster), বীজ বিতৰণ, উচ্চ কাৰ্যক্ষম জাতৰ শস্যৰ প্ৰমাণিত বীজ উৎপাদন, কৃষি যন্ত্ৰপাতি, বীজ সঁজুলি ইত্যাদিৰ লগতে কৃষকৰ ব্যৱস্থা, আধিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। এই আঁচনিনৰ জৰিয়তে মাহজাতীয় শস্যৰ প্ৰমাণিত বীজ উৎপাদন বৃদ্ধিৰ বাবে ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ, ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়ৰ লগতে  কৃষি বিজ্ঞান কেন্দ্ৰই গোটেই ভাৰতবৰ্ষতে কৃষকক সথিক সময়ত প্ৰশিক্ষণ তথা সজাগতাৰ দ্বাৰা মাহজাতীয় শস্যৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

লেখক-

মৃদুস্মিতা বৰঠাকুৰ

ড০ সঞ্জয় বৰঠাকুৰ

লগতে পঢ়ক- 

PM Kishan FPO Scheme ৰ অধিনত প্ৰদান কৰিব এই ধন। সবিশেষ জানিবলৈ উল্লিখিত নম্বৰত ফোন কৰক

English Summary: World Pulses Day & its history

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.