1. News

Kitchen Garden : বিদ্যালয়ৰ চৌহদতে জৈৱিক শাকনিবাৰী পাতি দৃষ্টি আকৰ্ষণ কৰিছে টীয়কৰ এখন চৰকাৰী বিদ্যালয়ে

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Rajoi Bagan LP School
Rajoi Bagan LP School

যি সময়ত চৰকাৰী বিদ্যালয়সমূহলৈ অভিভাৱকসকলৰ অনিহা অহা পৰিলক্ষিত হৈছে তেনে সময়তে টীয়কৰ এখন বিদ্যালয়খনৰ এক ইতিবাচক পদক্ষেপে দৃষ্টি আকৰ্ষণ কৰিছে বহুতৰে।ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ সমানে ফেৰ মাৰি ১৭০ গৰাকী ছাত্ৰ-ছাত্ৰী থকা টীয়কৰ অতিকৈ ভিতৰুৱা অঞ্চল ৰাজৈত ৰাজৈ বাগান প্ৰথমিক বিদ্যালয়ে বিদ্যালয়ৰ চৌহদত জৈৱিক শাকনিবাৰী পাতি এক আদৰ্শ দাঙি ধৰিছে।

বিদ্যালয়ৰ আবাদী মাটিত ছাত্ৰ-ছাত্ৰীসকলক পুথিগত শিক্ষাৰ লগতে খেতিৰ প্ৰতি আৰ্কষিত কৰিবলৈ শিক্ষকসকলে কৰিছে এখন জৈৱিক শাকনিবাৰী। শাকনিবাৰী ডৰাত প্ৰতি দিনেই ছাত্ৰ-ছাত্ৰীসকলক খেতিৰ পদ্ধতি, যতন সৰ্ম্পকত ব্যৱহাৰিক জ্ঞান দিয়া হয়। বিভিন্ন শাক পাছলিৰ পুলি ছাত্ৰ-ছাত্ৰীসকলক ঘৰলৈ প্ৰদান কৰি তাৰ কিদৰে ৰোপণ কৰি যত্ন লৱ লাগে সেয়াও শিকোৱা হয়।

লগতে পঢ়ক- 

স্বামী Oil Indiaৰ বিষয়া কিন্তু চুভানা হাজৰিকাই লোণ লৈ আৰম্ভ কৰিলে ব্যৱসায়

ইপিনে এই বাৰীয়ে বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ বাবে প্ৰয়োজনীয় পাচলি উৎপাদন কৰি সম্পূৰ্ণ জৈৱিক পাচলিৰে ছাত্ৰ-ছাত্ৰীসকলক খোৱাৰ ব্যৱস্থা কৰে। উল্লেখযোগ্য যে অসম চৰকাৰে বৰ্তমান প্ৰতিখন বিদ্যালয়ত একোখনকৈ কিটচেন গাৰ্ডেন পাতি ছাত্ৰ ছাত্ৰীসকলক পুথিগত শিক্ষাৰ সমান্তৰালকৈ ব্যৱহাৰিক শিক্ষা প্ৰদানৰ এক ব্যৱস্থা কৰিছে যদিও ৰাজৈ বাগান প্ৰাথমিক বিদ্যালয়ে এই পদক্ষেপ চৰকাৰী নিৰ্দেশনাৰ বহুবছৰ পূৰ্বৰে পৰা এই বাগিছা পাতি খেতি কৰি আহিছে।

এইবাৰ বন্ধা কবি, ওল কবি, বেঙেনা, আলু, ফুল কবি, পালেং ধনীয়াকৈ ধৰি বিভিন্ন খেতি কৰিছে ইপিনে বিদ্যালয়ৰ চৌহদত আম, লেটেকু, কল, কুহিয়াৰ, শিলিখা, আমলখি আদি কৰি বিভিন্ন বতৰৰ ফল-মূলৰ গছ ৰোপন কৰিছে আৰু ইতিমধ্য দুই চাৰি গছত ফল ধৰিছে। লগতে বিদ্যালয়ৰ চৌহদ বিভিন্ন ফুলৰ ফুলনী পাতি এক আকৰ্ষণীয় পৰিবেশ গঢ়ি এক সুন্দৰ পৰিবেশ গঢ়ি তুলিছে। এই সকলো কৰ্মত বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী, মাতৃগোট তথা অভিভাৱক স্থানীয় ৰাইজে সৰ্বতোপ্ৰকাৰে সহায় কৰি আহিছে যিটো এক অতি ইতিবাচক পদক্ষেপ বুলি সকলোৱে মত প্ৰকাশ কৰিছে।

লগতে পঢ়ক- 

২০২২ বৰ্ষৰ অসম গৌৰৱ লাভ কৰা সৰ্বেশ্বৰ বসুমতাৰীৰ কৃষি পদ্ধতিৰ বিষয়ে জানো আহক

English Summary: Kitchen Garden in Rajoi LP School

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.