1. News

New Governor of Assam : অসমৰ নতুন ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Gulab Chand Kataria appointed as Governor of Assam
Gulab Chand Kataria appointed as Governor of Assam

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কেইবাখনো ৰাজ্যত ৰাজ্যপাল সলনি কৰিছে। দেশৰ কেইবাখনো ৰাজ্যৰ লগতে অসমৰো সলনি হ’ল ৰাজ্যপাল। শেহতীয়াকৈ ৰাজ্যৰ ৩১ সংখ্যক ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ৰাজস্থানৰ গুলাব চান্দ কাটাৰিয়াক। গুলাব চান্দ কাটাৰিয়া আইনৰ স্নাতক।  

কাটাৰিয়াক ৰাজস্থান বিজেপিৰ জ্যেষ্ঠ নেতাসকলৰ এজন। আৰ এছ এছ স্বেচ্ছাসেৱক কাটাৰিয়াই আৰু পৰৱৰ্তীসময়ত জনসংঘত যোগদান কৰিছিল আৰু পাছলৈ প্ৰত্যক্ষ ৰাজনীতিত নামি পৰে। কাটাৰিয়া ৰাজস্থানত আঠবাৰকৈ বিধায়ক হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াই কেইবাৰো ৰাজ্যখনৰ গৃহ, শিক্ষা, গ্ৰামোন্নয়ন, দুৰ্যোগ ব্যৱস্থাপনা আদি গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী আছিল।

লগতে পঢ়ক- 

লোকচানৰ সন্মুখীন নহ’বলৈ নতুন কৃষকসকলে মন কৰক এইকেইটা কথা

ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে, এই বছৰৰ বিধানসভা নিৰ্বাচনৰ ঠিক আগতে ৰাজ্যপাল হিচাপে তেওঁৰ নিযুক্তিয়ে দলটোৰ ৰাজ্যিক সংগঠনক এক ডাঙৰ সংকেত দিছে । কাৰণ ৰাজস্থানত কংগ্ৰেছৰ শাসন চলি আছে লগতে সন্মুখত লোকসভাৰ নিৰ্বাচন। তেনেসময়তে বিৰোধীৰ এজন শীৰ্ষ বিষয়াক এনেদৰে আঁতৰলৈ পঠিয়াও দিয়াটোক সহজ ভাৱে লব পৰা নাই বিশেষজ্ঞসকলে।

৭৮ বছৰীয়া প্ৰবীণ নেতাগৰাকীৰ জন্ম ১৯৪৪ চনৰ ৩ অক্টোবৰত ৰাজস্থানৰ উদয়পুৰ জিলাত হৈছিল। তেওঁ উদয়পুৰৰ মোহনলাল সুখাদিয়া বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰিছিল। তেওঁৰ পত্নীৰ নাম অনিতা কাটাৰিয়া। কাটাৰিয়াৰ পাঁচজনী কন্যা আছে। সংঘত কাম কৰোঁতে তেওঁৰ চিন্তা ধাৰণা আৰু প্ৰৱণতা সংঘৰ আদৰ্শ আৰু বিজেপিৰ ফালে স্থানান্তৰিত হৈছিল। পৰৱৰ্তীসময়ত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু বিগত ৪০ বছৰ ধৰি বিজেপিৰ এগৰাকী সক্ৰিয় সদস্য হৈ কাম কৰি আহিছে।

লগতে-

Nashpati Farming : এইদৰে কৰিলে ডেৰবিঘা মাটিত উৎপাদন হ’ব ৬০০ কুইণ্টল নাচপতি

English Summary: Gulab Chand Kataria appointed as Governor of Assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.