আজি বিশ্ব মীন দিৱস। সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে মীন দিৱস। এইবাৰৰ মীন দিৱস সুস্থ সাগৰীয় পৰিৱেশ তন্ত্ৰৰ জটিলতাৰ ওপৰত আলোকপাত কৰাৰ লগতে বিশ্বত মীনপালনৰ বহনক্ষম মজুত নিশ্চিত কৰাৰ বাবে গুৰুত্ব আৰোপ কৰিছে। ৰাজ্যৰ ভিন্নপ্ৰান্তৰ লগতে আজি শিৱসাগৰৰ যুৱ দলতো পালন কৰা হয় বিশ্ব মীন দিৱস। শিৱসাগৰত বিশ্ব মীন দিৱস অনুষ্ঠানৰ লগত সংগতি ৰাখি PMSSY আচঁনিৰ দুজন হিতাধীকাৰীক তিনি চকীয়া বাহনৰ প্ৰদান কৰাৰ লগতে মীন পালনৰে স্বাৱলম্বী হোৱা উজনি অসমৰ বহুকেইজন শ্ৰেষ্ঠ মীন পালকক সম্বৰ্ধনা জনোৱা হয়। মীন দিৱসৰ এই অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম যাদৱ উপস্থিত থাকে। লগতে পঢ়ক- ১০ বছৰৰ ওপৰৰ শিশুৰ বাবে প্ৰতিমাহে ১১০০ টকা! ডাকঘৰলৈ গৈ আজিয়েই খোলক এই একাউন্ট!
Share your comments