1. News

১০ বছৰৰ ওপৰৰ শিশুৰ বাবে প্ৰতিমাহে ১১০০ টকা! ডাকঘৰলৈ গৈ আজিয়েই খোলক এই একাউন্ট!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
1100 per month for children above 10 yrs.Open this account in post office now
1100 per month for children above 10 yrs.Open this account in post office now

ডাকঘৰৰ এম আই এছ হৈছে সঞ্চয় আঁচনি। এই আঁচনিৰ জৰিয়তে এবাৰ ধন জমা কৰি আপুনি প্ৰতিমাহে সুতৰ ৰূপত লাভ কৰিব ধন। এই সঞ্চয় আঁচনিৰ আছে বহু সুবিধা । এই আঁচনিৰ অধিনত ১০ বছৰৰ ওপৰৰ শিশুৰ নামত খুলিব পাৰিব একাউণ্ট। যদি আপুনি আপোনাৰ সন্তানৰ নামত এই বিশেষ একাউণ্টটো খুলে তেন্তে প্ৰতিমাহে উপাৰ্জন কৰা সুতৰে টিউচনৰ মাচুলৰ লগতে অন্যান্য যাৱতীয় খৰচ বহন কৰিব পাৰিব আপুনি। এই বিষয়ে অধিক বিৱৰণ পাব আমাৰ এই লেখাত।

ধন জমা কৰি নিশ্চিন্তমনে থাকিব পৰা এটাই প্ৰতিষ্ঠান আছে সেইটো হ’ল ডাকঘৰ। এই ডাকঘৰৰ এম আই এছ এনে এখন সঞ্চয় আঁচনি য’ত এবাৰ বিনিয়োগ কৰি সুতৰ ৰূপত সুত লাভ কৰিব পাৰিব ধন।এই সঞ্চয় আঁচনিৰ অধীনত ১০ বছৰৰ ওপৰৰ শিশুৰ নামতো একাউণ্ট খুলিব পাৰিব। যদি আপুনি আপোনাৰ সন্তানৰ নামত এই বিশেষ একাউণ্টটো খোলে  তেন্তে প্ৰতিমাহে উপাৰ্জন কৰা সুতৰ পৰা টিউচনৰ লগতে অন্যান্য যাৱতীয় খৰচ বহন কৰিব পাৰিব।

লগতে পঢ়ক- 

এজন অসাধাৰণ ব্যক্তি আলোক সাগৰৰ কথাৰে

দেশৰ যিকোনো ডাকঘৰতে এই একাউণ্ট খুলিব পাৰে। এই আঁচনিৰ অধীনত নন্যূতম ১০০০ টকা আৰু সৰ্বাধিক চাৰে চাৰি লাখ টকা জমা কৰিব পাৰিব। বিশেষ কথাটো হ’ল বৰ্তমান এই আঁচনিৰ অধীনত সুতৰ হাৰ ৬.৬ শতাংশ।

যদি আপোনাৰ সন্তানৰ বয়স ১০ বছৰ আৰু আপুনিও আপোনাৰ সন্তানটোৰ নামত ২ লাখ টকা জমা কৰে তেন্তে প্ৰতিমাহৰ ৬.৬% হাৰত আপোনাৰ সুত হ’ব ১১০০ টকা। এই ১১০০ টকাৰে আপুনি আপোনাৰ সন্তানৰ পঢ়া-শুনাৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। এই পৰিমাণে অভিভাৱকসকলক যথেষ্ট সহায় কৰিব পাৰে আৰু জমাধন জমা ভাগেই থাকিব।

লগতে পঢ়ক- 

অসম মিলেট মিছন কি? অসমৰ কোনকেইখন জিলা সামৰি লোৱা হৈছে এই মিছনৰ অধীনত?

English Summary: 1100 per month for children above 10 yrs.Open this account in post office now

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2023 Krishi Jagran Media Group. All Rights Reserved.