1. News

প্লাষ্টিককলৈ বিশ্ব পৰিৱেশৰ দিনা কি ক'লে অৰণ্য মানৱ যাদৱ পায়েঙে!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
World Environment day 2023
World Environment day 2023

আজি বিশ্ব পৰিবেশ দিৱস। সমগ্ৰ বিশ্বই আজি পৰিবেশ দিৱস উদযাপন কৰিছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে পৰিবেশ দিৱসৰ দিনা পুৱাৰ ভাগতে অৰণ্য মানৱ খ্যাত, পদ্মশ্ৰী যাদব পায়েং উপস্থিত হয় টীয়কৰ কলিয়াপানীস্থিত জ্যোতি-প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ৰ প্ৰাংগনত ।

প্লাষ্টিক এৰো পৰিবেশ ধৰো শ্ল'গানেৰে পৰিবেশ দিৱসত বিশিষ্ট পৰিবেশ সচেতক পায়েং উপস্থিত হৈ সকলোকে পৰিবেশ নিকাকৰণৰ বাবে অন্তত এটা গছপুলি ৰোপন কৰিবলৈ লগতে পৰিবেশৰ বাবে অতিকৈ ভয়ংকৰ প্লাষ্টিক বৰ্জন কৰিবলৈ আহ্বান জনায়।

লগতে পঢ়ক- 

বিশ্বৰ আটাতকৈ দামী চাউলঃ এক কিলোৰ দাম ১২-১৫ হাজাৰ টকা

উল্লেখযোগ্য যে টীয়কত কৃষি বিজ্ঞান কেন্দ্ৰ, ভাৰতীয় ষ্টেট বেংক,ৰেঙনি আৰু জ্যোতি- প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ৰ বৰ্ণাঢ্যভাৱে আয়োজন কৰা এই পৰিবেশ দিৱসত অৰণ্য মানৱ গৰাকীৰ উপস্থিতিত লৈ সকলো আপ্লুত হৈ পৰে আৰু তেওঁৰ আদৰ্শৰে আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰে।

ইপিনে জ্যোতি প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক লৈ স্থানীয় ৰাইজ তথা অভিভাৱকসকলে পৰিবেশ সজাগতাৰে এক ৰেলী বাহিৰ কৰি সকলোকে সজাগ কৰিবলৈ চেষ্টা কৰে আৰু বৃহত্তৰ কলিয়াপানী অঞ্চলত এলানি গছপুলি ৰোপন কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে।

লগতে পঢ়ক- 

যোৰহাটত' প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি' আঁচনি বিষয়ক সজাগতা সভা

 

English Summary: World Environment day 2023 celebration in Jorhat

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.