1. News

জনজাতি বানিজ্যিক কেন্দ্ৰটোত উপলব্ধ হ'ব অত্যাধুনিক সা-সুবিধা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
বৰনদীৰ পাৰত “ জনজাতীয় এম্পৰিয়াম আৰু ফুড কোৰ্ট” ৰ শিলান্যাস প্ৰমোদ বড়োৰ
বৰনদীৰ পাৰত “ জনজাতীয় এম্পৰিয়াম আৰু ফুড কোৰ্ট” ৰ শিলান্যাস প্ৰমোদ বড়োৰ

তামুলপুৰ মহকুমাৰ প্ৰাকৃতিক পৰিবেশ স্থলী হিচাপে চিহ্নিত হোৱা নাগ্ৰিজুলীৰ বৰনদীৰ পাৰত অৱস্থিত হাইলেণ্ডত আজি বিটিআৰৰ জনজাতি পৰিক্ৰমা বিভাগৰ অধীনত জনজাতীয় এম্পৰিয়াম কাম ফুড কোৰ্টৰ আধাৰশিলা স্থাপন কৰা হয় ।

আজি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে এক মাংগলিক পৰিৱেশত স্থাপন কৰে এই আধাৰশিলা।  দুই কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হ’ব লগা এই বিশেষ জনজাতি বানিজ্যিক তথা খাদ্য সম্ভাৰৰ কেন্দ্ৰটোত অত্যাধুনিক সা-সুবিধা উপলব্ধ হোৱাকৈ আত্ম সহায় গোটে নিৰ্মান কৰা সামগ্ৰীৰ লগতে থলুৱা খাদ্য সম্ভাৰ উপলব্ধ হব এই কেন্দ্ৰত।

লগতে পঢ়ক- 

FPO : মাকৈ খেতিৰে সেউজ বিপ্লৱ নয়ন কৃষক উৎপাদক কোম্পানীৰ

আগন্তুক দিনত  নাগ্ৰিজুলীৰ হাইলেণ্ডৰ এই কেন্দ্ৰটোৱে পৰ্যটকক আকৰ্ষিত কৰিব পৰাকৈ ন ৰূপ পাবলৈ গৈ আছে বুলি উল্লেখ কৰি BTR কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণন দাসে। তেওঁ কয় যে কেৱল এয়াই নহয় হাইলেণ্ডেত অতি কম সময়ৰ ভিতৰতে নিৰ্মান হ’ব ক্ৰকডেল পার্ক।

আজিৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰে ক্ৰমে স্থানীয় বিধায়ক জলেন দৈমাৰী,  বিটিআৰৰ কাৰ্যবাহী সদস্য ডঃ ধৰ্ম নাৰায়ণ দাস, ৰনেন্দ্ৰ নাৰ্জাৰী,  এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰী,  হেমন্ত কুমাৰ ৰাভা,  প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবীন্দ্ৰ বালা বিশ্বাস,  চম্পা ডেকা,  জনজাতি কল্যাণ বিভাগ কোকৰাঝাৰৰ যুটীয়া সচিব তথা সঞ্চালক,  চি এইচ ডি অনিত্য কুমাৰ ব্ৰহ্ম আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।এই কেন্দ্ৰটো সম্পূৰ্ণ হৈ উঠিলে গ্ৰাম্যপৰ্যটন ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পৰাৰ লগতে গ্ৰাম্য অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰাৰ আশা কৰা হৈছে ৷

লগতে পঢ়ক-

ভাৰত-ভূটান সীমান্তক সেউজীয়া কৰাৰ লক্ষ্য স্থানীয় ৰাইজৰ লগতে বনকৰ্মীৰ

English Summary: foundation of “ Tribal Emporium cum Food Court” in Barnadi

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.