1. News

তুলসী গছে আমাক কেনেদৰে সহায় কৰে

KJ Staff
KJ Staff
তুলসীৰ  উপকাৰিতা
তুলসীৰ উপকাৰিতা

গ্ৰাম্য পৰিৱেশত ডাঙৰ-দীঘল হোৱা প্ৰতিজন ব্যক্তিয়েই তুলসী চিনি পায়। তুলসী এবিধ অতি উপকাৰী গছ। যাৰবাবে অসমত তুলসী গছক পূজা কৰা হয। তুলসী গছ থকা স্থানৰ আশে পাশে প্রবাহিত জলবায়ু বিশুদ্ধ হৈ থাকে যাৰ দ্বাৰা শৰীৰ আৰু মন সুস্থ হৈ হয় ।

তুলসীৰ এই বিশেষ গুণাগুণৰ বাবে ইয়াক পূজনীয় বুলি মানি দেৱীৰ স্থান দিয়া হৈছে। ঘৰৰ চোতালত তুলসী লগাই পূজা কৰিলে কলহ আৰু দৰিদ্ৰতা দূৰ হয় বুলি বিশ্বাস কৰা হয় । তুলসী কেৱল আমাৰ ধৰ্মীয় আস্থাৰ প্ৰতিক নহয়,ঔষধি গুণাগুণৰ সমৃদ্ধতাৰ বাবে ইয়াক আয়ুৰ্ৱেদতো মহত্বপূৰ্ণ স্থান দিয়া হৈছে ।প্ৰাকৃতিক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় তুলসী গছক। তুলসী গছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপকাৰিতা হ’ল শৰীৰত ইউৰিক এচিড (uric acid)ৰ পৰিমাণ হ্ৰাস কৰা।

তুলসীয়ে শৰীৰ বিষমুক্ত কৰাত সহায় কৰে কাৰণ ইয়াত ডিইউৰেটিকছ (Diuretics) গুণ আছে। Diuretics হৈছে এক প্ৰকাৰৰ ঔষধ যাৰ ফলত বৃক্ক (kidneys)ত অধিক প্ৰস্ৰাৱ উৎপন্ন হয়। অতিৰিক্ত তৰল পদাৰ্থৰ পৰা মুক্তি পোৱাত ইহঁতে আমাৰ শৰীৰক সহায় কৰে। তুলসীয়ে এজন ব্যক্তিৰ বৃক্কত পাথৰ (kidney stones) কম হোৱাতো সহায় কৰে। ইউৰিক এচিড হ্ৰাস হ'লে গাউট (Gout)ৰ সমস্যাত ভোগা ৰোগীক ডাঙৰ ৰেহাই পোৱা যায়। গাউট হৈছে বাতবিষৰ এক জটিল ৰূপ। এই সমস্যাৰ লক্ষণসমূহ হ’ল- এটা বা ততোধিক গাঁঠিত বিষৰ চৰম আক্ৰমণ, ৰঙা পৰা আৰু ফুলা।

গৱেষণাত প্ৰমাণ হৈছে যে তুলসী উদ্ভিদে মানসিক চাপ আৰু হতাশা (stress and depression)ত ভুগি থকা ব্যক্তিসকলক সহায় কৰিব পাৰে। ইয়াৰ উপৰিও ইয়াৰ কৰ্কট ৰোগ প্ৰতিৰোধ গুণ আছে আৰু ই ওজন কমোৱা (weight Loss)ত সহায় কৰে। তদুপৰি কাহ হ’লে মৌৰ লগত তুলসী খালে কাহ থিক হৈ যায়

লগতে পঢ়ক- মধুৰিআম পাতৰ উপকাৰিতা

English Summary: Health Benefits of Tulsi

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.