1. News

ৰাজ্যৰ ৫ জিলাৰ ১২,৩৬ খন গাঁৱৰ ৫৯,৩৬০ টা কৃষক পৰিয়াল খৰাঙৰ কৱলত

KJ Staff
KJ Staff
Drought like situation in five districts of Assam
Drought like situation in five districts of Assam

সমগ্ৰ বিশ্বৰ লগতে জলবায়ু পৰিৱৰ্তনে দেখা দিছে অসমতো। ফলত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে ৰাজ্যৰ কৃষিক্ষেত্ৰখনত। এই পৰিৱৰ্তনে মাধমাৰ সোধাইছে খাটিখোৱা ৰাজ্যৰ একাংশ চহা কৃষকক ৷

তথ্য অনুসৰি, চলিত বৰ্ষৰ জুলাই, আগষ্ট মাহত বৰষুণৰ পৰিমাণ আটাইতকৈ কম হৈছিল ৷ যাৰ ফলত ৰাজ্যখনৰ বহু জিলাত খৰাং সদৃশ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় ৷ ৰাজ্যৰ বিশেষকৈ নগাঁও, নলবাৰী, কাছাৰ, গোলাঘাট আৰু কামৰূপত এই ভয়াৱহ খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হয় ৷

এনে পৰিৱেশ সৃষ্টি হোৱাৰ হেতুকে ৰাজ্যৰ কৃষি বিভাগে ইতিমধ্যে দুৰ্যোগ ব্যৱস্থাপনা বিভাগক উক্ত পাঁচখন জিলাক অনুষ্ঠানিকভাৱে খৰাং সদৃশ জিলা বুলি ঘোষণা কৰাৰ এক প্ৰস্তাৱ দিছে ৷ কিন্তু বৰ্তমানলৈকে অনুষ্ঠানিকভাৱে দুৰ্যোগ ব্যৱস্থাপনা বিভাগে এই ঘোষণা কৰা নাই ৷ কিয়নো সকলো দিশ চালি-জাৰি চোৱাৰ অন্ততহে দুৰ্যোগ ব্যৱস্থাপনা বিভাগে কোনো নিৰ্দিষ্ট তথ্য ৰাজহুৱা বা ঘোষণা কৰিব ৷ এই সন্দৰ্ভত সংবাদ মাধ্যমক জনায় কৃষিমন্ত্ৰী অতুল বৰাই ৷

কৃষিমন্ত্ৰী অতুল বৰাই উল্লেখ কৰা অনুসৰি, ৰাজ্যত খৰাং সদৃশ পৰিৱেশৰ সৃষ্টি হোৱাৰ বাবে ৫ জিলাৰ ১২৩৬ খন গাঁৱৰ কৃষক বিপদৰ সন্মুখীন হৈছে ৷ ইয়াৰে ভিতৰত আছে ৫৯৩৬০ টা কৃষক পৰিয়াল ৷ যাৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক- ৫৯ বছৰ বয়সতো বছৰি ২ লাখ টকা উপাৰ্জন ডিমাকুছিৰ বিষ্ণু খড়েলৰ

English Summary: Drought like situation in five districts of Assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.