Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 23 December, 2022 2:24 PM IST
Workshop on Human-Wildlife Conflict in Tamulpur

আৰণ্যকৰ উদ্যোগত তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত তামুলপুৰ জিলা উপায়ুক্তৰ কাৰ্যলয়ৰ সভাঘৰত ২২ ডিচেম্বৰত “ মানুহ আৰু বন্য জীৱ-জন্তুৰ সংঘাত” শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হয় ৷ কৰ্মশালাখনিৰ আৰম্ভণিতে তামুলপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত কোকিলা গগৈ আৰু সহকাৰী আয়ুক্ত বিভাস পাঠকে বিষয়টোৰ ওপৰত বহলাই কয় ৷ মানুহ আৰু বন্য জীৱ-জন্তুৰ সংঘাত নিৰাময় আৰু ৰোধ কৰাৰ ক্ষেত্ৰত  চৰকাৰৰ আন আন বিভাগসমূহেও কি দৰে সহায় কৰিব পাৰে তাৰেই আলোচনা কৰাৰ কাৰণে এই কৰ্মশালা বুলি আৰণ্যকৰ সৈতে জড়িত জয়ন্ত পাঠকে অৱগত কৰে৷

আৰণ্যকৰ সঞ্চালক বিভূতি প্ৰসাদ তালুকদাৰে কয় যে বিশেষকৈ হাতী মানুহৰ সংঘাতত জৰ্জৰিত অসমৰ কিছু জিলাৰ লগতে বিটিআৰৰ তামুলপুৰ, বাকসা, ওডালগুৰি জিলাৰ সংঘাত বহুদিনীয়া ৷ ই ক্ৰমাৎ বৃদ্ধি হে হৈছে ৷ সংঘাতৰ ফলত হাতীৰ মৃত্যুৰ লগতে মানুহ মৰিছে ৷ ক্ষতিগ্ৰস্ত হৈছে বহুলোক ৷ কিন্ত ক্ষতিগ্ৰস্তসকলে যি দৰে সাহায্য  পাব লাগে আন ৰাজ্যৰ তুলনাত ইয়াৰ পৰিমাণ অসমত কম ৷ তাকো সোনকালে লাভ নকৰে ৷ হাতী মানুহৰ সংঘাতৰ ফলত ৰাজ্যখনৰ একাংশ লোক আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছে ৷ হাতী মানুহৰ ইতিবাচক আৰু নেতিবাচক সমস্যাসমূহ বিচাৰ কৰি কাম কৰিলে নিশ্চয় ৰাইজৰ সমস্যা কিছু সমাধান হ’ব ৷ হাতীৰ উপযুক্ত বিচৰণ ভূমি নোহোৱা হ’বলৈ ধৰিছে৷ কৰিডৰ বোৰ বন্ধ হোৱাৰ উপক্ৰম হৈছে ৷ সেয়ে আমি ইয়াক নিৰাময়ৰ ক্ষেত্ৰত অকল বনবিভাগ প্ৰত্যক্ষভাৱে জড়িত হৈ থাকে যদিও এই সংঘাত দূৰীকৰণৰ ক্ষেত্ৰত চৰকাৰৰ আন আন বিভাগসমূহকো সাঙুৰি ল’লে নিশ্চয় সমস্যা সমাধানৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি বিশ্বাস কৰিব পাৰি৷

লগতে পঢ়ক- 

এবিঘা মাটিত খেতি কৰি ২-৩ মাহতে ৬০ হাজাৰ টকা কেনেকৈ ইনকাম কৰিব!

জিলাখনৰ বিভাগসমূহক জড়িত কৰি এই স্পৰ্শকাতৰ বিষয়টোৰ সমস্যা সমাধান কৰিবলৈ কি কি প্ৰচেষ্টা ল’ব পাৰি তাৰ ওপৰত বিশদ ভাৱে দাঙি ধৰে  আৰণ্যকৰ হৈ বিভূতি লহকৰে৷ তেওঁ আন ৰাজ্যৰ লগতে অসম তথা বিটিআৰত হাতী মানুহৰ সংঘাত নিৰাময় কৰা, হাতীৰ বাসস্থান সংৰক্ষণ কৰা, পাহাৰীয়া । হাতীৰ বাসস্থানত উপযুক্ত পানী সংৰক্ষণ কৰা খাদ্যৰ বাবে বিভিন্ন হাতীয়ে ভালপোৱা প্ৰজাতিৰ গছ গছনি ৰোপণ কৰাত গুৰুত্ব আৰোপ কৰে ৷

ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত ক্ষতিপূৰণ দিয়া আদি বিষয় দাঙি ধৰাৰ লগতে হাতী আশ্ৰয়থলীত ঔটেঙা, নেমুটেঙাৰ গছ ৰোপণ কৰা, শ্বলাৰ লাইট, শ্বলাৰ ফেঞ্চিং আৰু হাতীৰ উপদ্ৰপ অঞ্চলৰ জনসাধাৰণৰ মাজত সজাগতা আনি তেওঁলোকক আৰ্থিক সাহায্যৰে কি দৰে জীৱন জীৱিকাৰ উপায় নিৰূপণ কৰা আদি বিভিন্ন দিশ সমূহৰ আলোচনা হয় ৷ ইপিনে, আৰণ্যকৰ তৰফৰ পৰা লোৱা ব্যৱস্থা সমূহৰ ওপৰতো তথ্যভিত্তিকভাৱে উপস্থাপন কৰি বিষয়াসকলক বুজাই দি বিষয়াসকলে তেওঁলোকৰ সামৰ্থ্য অনুযায়ী সহায় কৰিবলৈও আহ্বান জনায় আৰণ্যকৰ তৰফৰ পৰা ৷ আজিৰ কৰ্মশালাত আৰণ্যকে দাঙি ধৰা বিষয়বস্তুৰ ওপৰত বিষয়াসকলেও মন্তব্য আগবঢ়ায় ৷ কৰ্মশালাত আৰণ্যকৰ বিষয়া-কৰ্মচাৰী তথা তামুলপুৰ জিলাৰ বিভাগীয় মূৰব্বী শিক্ষা, স্বাস্থ্য, কৃষি, বন, বিদ্যুত বিভাগ, জলসম্পদ, পশুপালন, উন্নয়ন খণ্ড বিষয়াসকল , সমাজ কল্যাণকে ধৰি সকলো বিভাগৰ বিষয়াসকল উপস্থিত থাকি সমস্যা সমাধানৰ কাৰণে কি কি কাম কৰিলে হাতী মানুহৰ সংঘাত নিৰাময় কৰিব পৰা যাব তাৰ ওপৰত আলোচনা কৰা হয় ৷ এই কৰ্মশালাৰ জৰিয়তে নিশ্চয় মানুহ আৰু জীৱ-জন্তুৰ সংঘাত দূৰীকৰণত সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰিছে আৰণ্যকৰ বিভূতি প্ৰসাদ লহকৰে ৷

প্ৰেৰক- উৎপল ডেকা, তামুলপুৰ

লগতে পঢ়ক- 

আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা

English Summary: Workshop on Human-Wildlife Conflict in Tamulpur
Published on: 23 December 2022, 02:23 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now