1. News

গোবৰৰ পৰা তৈয়াৰ কৰা হৈছে ৰাখি, বিদেশী ৰাষ্ট্ৰৰ পৰা আহিছে অৰ্ডাৰ!

RAHUL ALI
RAHUL ALI
Rakhi Made from Dung
Rakhi Made from Dung

ৰাখীবন্ধনৰ (RakshaBandhan) পবিত্ৰ উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি গুজৰাটৰ জুনাগড়ত গোবৰৰ পৰা ৰাখী তৈয়াৰ কৰা হৈছে। এই ৰাখীবোৰ মহিলাৰ এটা গোটে প্ৰস্তুত কৰিছে। বিগত ৫ বছৰ ধৰি মহিলাসকলে কৰি আহিছে এই ৰাখি বনোৱাৰ কাম।

মহিলাসকলৰ গোটতোৱে কয় যে কৰোনাৰ পিছত গোবৰ ৰখীৰ চাহিদা বৃদ্ধি পাইছে। পূৰ্বে তেওঁলোকে ৫০০ ৰাখি তৈয়াৰ কৰিছিল। কিন্তু চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ প্ৰায় ২০ হাজাৰ ৰাখি প্ৰস্তুত কৰা হৈছে। মহিলাসকলে কয় যে এইবাৰ দেশৰ লগতে বিদেশৰ পৰাও অৰ্ডাৰ লাভ কৰিছে।

গুজৰাটৰ জুনাগড় জিলাৰ কয়লি গাঁৱত,  গোপী মণ্ডলৰ মহিলাসকলে গোবৰৰ পৰা ৰাখী উলিয়াবলৈ একেলগে কাম কৰি আছে। গৰুৰ প্ৰস্ৰাৱ আৰু হালধিৰ মিশ্ৰণ গোবৰেৰে প্ৰস্তুত কৰা হয় এই ৰাখি। গোপী মণ্ডলৰ মহিলা ভৱানা বেনে এই ৰাখী সন্দৰ্ভত কয় যে গোবৰৰ ৰাখী পৰিৱেশৰ বাবে ভাল। তেওঁ কয় যে গৰুৰ গোবৰৰ সৈতে ইয়াত এণ্টিবায়টিক হিচাপে হালধি ব্যৱহাৰ কৰা হৈছে, যাতে গোবৰ আৰু হালধিৰ সৈতে ৰাখীয়ে ইয়াক স্বাস্থ্যৱান কৰি ৰাখে।

সুন্দৰ শৈল্পিক ধৰণে তৈয়াৰ কৰা এই ৰাখীবোৰ মনক আকৰ্ষণীয় কৰি তুলিছে। পাঁচ বছৰ ধৰি গোবৰৰ পৰা ৰাখী তৈয়াৰ কৰি অহা ভৱানা বেন আৰু তেওঁৰ সহকৰ্মী মহিলা হিনা বেনে কয় যে আগতে তেওঁলোকে ২০০ ৰ পৰা ৫০০ ৰাখী তৈয়াৰ কৰিছিল, কিন্তু কৰোনাৰ পিছত, গৰুৰ গোবৰ ৰখীৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। এই বছৰ, বিদেশৰ পৰা বিশেষ অৰ্ডাৰ আহিছে। আমি এইবাৰ ১৭,০০০ ৰ পৰা ২০,০০০ ৰাখী বনাইছো।

গোবৰেৰে নিৰ্মিত ৰাখি প্ৰধানমন্ত্ৰী মোডীলৈ প্ৰেৰণঃ

ভাৱনা বেনে কয় যে এই ৰাখীবোৰ পৰিৱেশমুক্ত। গান্ধীনগৰৰ এখন বিদ্যালয়ে বিশেষকৈ এই ৰাখীৰ বাবে এটা অৰ্ডাৰ দিছে। কোৰেনাৰ সময়ত, যোৱা বছৰ, এই গোবৰ ৰাখী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজয় ৰুপানীলৈ প্ৰেৰণ কৰা হৈছিল।

বিগত ৩ মাহ ধৰি বনাই থকা হৈছে এই ৰাখিঃ

গোপী মণ্ডলৰ মহিলাসকলে মিলি বিগত তিনি মাহ ধৰি ৰাখী তৈয়াৰ কৰি আছে। সাতগৰাকী মহিলাই এইবাৰ ৰক্ষা বন্ধনৰ বাবে প্ৰায় ২০,০০০ ৰাখী প্ৰস্তুত কৰিছে। তেওঁলোকে সাময়িক প্ৰদৰ্শনীতো প্ৰদৰ্শন কৰে। গোবৰেৰে তৈয়াৰ কৰা এই ৰাখীবোৰৰ মূল্য দহ টকাৰ পৰা ৩০ টকালৈকে।

গুজৰাটৰ এখন প্ৰদৰ্শনীত, যেতিয়া আমেৰিকাৰ কিছুমান লোকে এই গোবৰৰ ৰাখীবোৰ দেখিছিল, তেওঁলোকে ৰাখীবোৰ ভাল পাইছিল। এই সন্দৰ্ভত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা বেচৰকাৰী সংগঠনে ৰাখীৰ বাবে ৮৯৩ ডলাৰৰ অৰ্ডাৰ দিছে। মহিলাসকলে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৭,০০০ ৰাখী ইতিমধ্যে প্ৰেৰণ কৰিছে।

 লগতে পঢ়ক-গোবৰৰ পৰা টাইলছ আৰু ধূপ কাঠি বনোৱাৰ ব্যৱসায়!

English Summary: Women Made Rakhi from Cow Dung in Gujrat

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.