 
    শেহতীয়াকৈ ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই জনাই যে ৰাজ্যত খৰাং পৰিস্থিতিৰ বাবে ৫ জিলাৰ ১২৩৬ খন গাঁৱৰ কৃষক বিপদৰ সন্মুখীন হৈছে ৷ ইয়াৰে ভিতৰত আছে ৫৯,৩৬০ টা কৃষক পৰিয়াল ৷ যাৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷
এতিয়া বিচাৰ্যৰ বিষয়টো হ’ল, কি কৰিব, ক’লৈ যাব ভুক্তভোগী চহা কৃষক ৷ পাবনে উচিত ক্ষতিপূৰণ ! কিন্তু দেশত শস্য বীমা নামৰ এখন আঁচনি আছে। যদি কৃষকসকলকৰ শস্য খৰাং, শুকান বতৰ, বানপানী, জলপ্লাৱণ, কীট আৰু ৰোগ, ভূমিস্খলন, প্ৰাকৃতিকভাৱে জ্বলা জুই আৰু বজ্ৰপাত, ধুমুহা, শিলাবৃষ্টি, ঘূৰ্ণীবতাহ, ধুমুহা বতাহ আদিত শস্য নষ্ট হয় তেতিয়া কৃষকসকলে ২৫ শতাংশ পৰ্যন্ট ক্ষতিপুৰণ লাভ কৰিব প্ৰধানমন্ত্ৰী শস্য বীমা আঁচনিৰ অধীনত।
কিন্তু শেহতীয়াকৈ কৃষি মন্ত্ৰীগৰাকীয়ে জনাইছে যে কৃষিক্ষেত্ৰত উদপাদনৰ মাত্ৰা ৫০ শতাংশ কমে আৰু যদিহে লোকচানৰ সন্মুখীন হোৱা কৃষকগৰাকীয়ে পূৰ্বতেই নষ্ট হোৱা শস্যৰ শস্য বীমা কৰাই থয় তেতিয়াহে তেনে কৃষকে বিভাগৰ তৰফৰ পৰা লাভ কৰিব উচিত ক্ষতিপূৰণ ৷
কৃষিমন্ত্ৰীগৰাকীৰ এই কথাৰ পৰা এটা কথা স্পষ্ট হৈছে যে শস্য বীমা যিসকল কৃষকে কৰিছে সেইসকল কৃষকেহে লাভ কৰিব প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ ধন। ইনেই আপোনাৰ ধান বা যিকোনো খেতি নষ্ট হ’লে উপাদান কমিলেও লাভ নকৰিব ধন। কিন্তু কৃষিমন্ত্ৰীগৰাকীৰ এই কথাটো কিমান গ্ৰহণযোগ্য। অসমৰ অধিকাংশ কৃষকে আজি পৰ্যন্ত শুনা নাই প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ নাম। আৰু নৈপৰীয়া নিৰক্ষৰ এই খেতিয়কসকলৰ বান, খৰাং বা পোক পৰুৱাৰ আক্ৰমণত নষ্ট হৈছে বেছি ধন। কিন্তু এইসকলেই কৃষকে এতিয়া নাপাব চৰকাৰী আঁচনিৰ ধন।
লগতে পঢ়ক- ৰাজ্যৰ ৫ জিলাৰ ১২,৩৬ খন গাঁৱৰ ৫৯,৩৬০ টা কৃষক পৰিয়াল খৰাঙৰ কৱলত
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments