1. News

শীতকালত ব্ৰয়লাৰ পোৱালীসমূহৰ প্ৰতি ল'বলগীয়া যতন

KJ Staff
KJ Staff
শীতকালত উষ্ণতা বজাই ৰাখক ব্ৰয়লাৰ ফাৰ্মখনৰ
শীতকালত উষ্ণতা বজাই ৰাখক ব্ৰয়লাৰ ফাৰ্মখনৰ

লাহে লাহে দুই এদিনতে শীতকালৰ আগমণ ঘটিব। গতিকে কুকুৰা পালকসকল সাৱধান হ'বৰ হ'ল। এই সন্দৰ্ভত বিশেষজ্ঞ ড• মৃদুল কুমাৰ বৰাই ব্ৰয়লা কুকুৰা পালকসকলক উদ্দেশ্যি তেওঁ কয়- শীতৰ আগমনৰ লগে লগে ব্ৰয়লাৰ পামত পোৱালীৰ মৃত্যুৰ হাৰ বাঢ়িব। পামৰ উমঘৰত যাতে সঠিক উত্তাপ অব্যাহত থাকে তাৰ প্ৰতি সকলোৱে যত্নবান হোৱা উচিত। তাৰ বাবে সা সৰঞ্জামবোৰ আগতীয়াকৈ যোগাৰ কৰক।

তেওঁ লগতে কয়- প্ৰশ্ন হয় কিমান উত্তাপত পোৱালীবোৰ ৰাখিব লাগিব? শীতৰ সময়খিনিত প্ৰতি এশ পোৱালীক ৩টাকৈ ১০০ৱাট ক্ষমতাৰ বাল্ব জ্বলাই তাপ দিয়াৰ ব্যৱস্থা কৰিব। কেৱল বাল্ব জ্বলালেই পামৰ ভিতৰত তাপ হ'ব বুলি নেভাবিব। পোৱালীৰ গাত তাপ লাগিবৰ বাবে বাল্বটোত প্ৰতিফলক বা Reflector খন লগোৱাটোও অত্যন্ত দৰকাৰী। গতিকে ব্ৰয়লাৰ পালকসকলে এই কথাকেইটালৈ মন কৰিলে লোকচানৰ পৰা সাত সাৰিব পাৰিব।

লগতে ব্ৰয়লাৰ কুকুৰাৰ পালকসকলে মন কৰিব এইকেইটা কথাও। ব্ৰইলাৰ কুকুৰাই বেচি গৰমত অসুবিধা পায়। সেয়ে ঘৰবোৰৰ বেৰ 2/3 অংশ খোলা ৰাখিলে ভাল। স্থানীয়ভাবে পোৱা সামগ্ৰীৰে কম খৰছত ঘৰ তৈয়াৰ কৰিব পাৰি। ওখ কমেও 7 ফুট আৰু বহল-দীঘল আদি আৱশ্যক অনুযায়ী প্ৰতি কুকুৰাৰ বাবে এক বৰ্গফুট হিচাবে ঘৰ সাজিব পাৰি। বেৰবোৰ স্থানীয় সামগ্ৰীৰে তৈয়াৰ কৰিলেও মজবুত আৰু স্থায়ী হ’ব লাগিব। ২/৩ অংশ তাঁৰৰ বা বাঁহৰ জাল দি ঢাকিব লাগে আৰু মজিয়াখন পাৰিলে ইটা পাৰি পকী কৰিলে ভাল কিয়নো মজিয়াত দিয়া লিটাৰ(তুঁহ বা কাঠৰ গুৰি আদি)সদায় শুকান হৈ থাকিলে বেমাৰৰ বীজাণু বৃদ্ধি নহয়।অদুপৰি শিয়াল,মেকুৰী,হাঁপা,এন্দুৰ আদি শত্ৰুবোৰ যাতে সহজে সোমায় অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে যত্ন লৈ ঘৰটো সাজিব লাগে।

কুকুৰাৰ ঘৰৰ ওচৰতে বা লগতে প্ৰথম পোৱালী ঘৰৰ ব্যৱস্থা কৰিব লাগে। যিহেতু পামলৈ সদায় এদিনীয়া পোৱালী আনিব লাগিব,সেয়েহে উমনিৰ ব্যৱস্থা থকা প্ৰয়োজন। এই ঘৰটোৰ মজিয়া আগৰটোৰ নিচিনাই হ’ব।কিন্তু বেৰৰ খোলা অংশ 1/3 হলেও হয়।উমনি দিয়া ব্যৱস্থা কাঠ বা বাঁহৰেও তৈয়াৰ কৰিব পাৰি।3 ফুট ব্যাসৰ এটা ‘ব্ৰুডাৰ’ত 100 টা মান পোৱালী ৰাখিব পাৰি।ব্ৰুডাৰৰ তলত অন্তত: 95° ফাৰেণহাইট উত্তাপ থাকিব লাগে।এই ব্যৱস্থাত বিজুলী চাকি নহ’লে যথেষ্ট অসুবিধা হয়।শীত কালত প্ৰায় 1 মাহ আৰু গৰম দিনত প্ৰায় 21 দিন মান এই ব্যৱস্থাত ৰাখি দ্বিতীয় কোঠালিলৈ বদলি কৰি দি ইয়ালৈ পুনৰ নতুন পোৱালী আনিব পাৰি।দ্বিতীয় কোঠাত 2 সপ্তাহ ৰখাৰ পিচত “ডেকেৰুৱা গড়াললৈ” আনিব লাগে।তাত 5/6 সপ্তাহ বয়সলৈ ৰাখিলে বিক্ৰী কৰিব পৰা যায়।এনেভাৱে প্ৰতি 15 দিন বা 20 দিনৰ মুৰে মুৰে পোৱালী আনি ডাঙৰ কৰি বিক্ৰী কৰিব পৰা যায়।এইখিনি কৰোতে কোঠাৰ ঠাই আদি  পোৱালী অনুপাতে হিচাব কৰি বন্দোবস্ত কৰি ল’ব লাগে।বৰ্ত্তমান এদিনীয়া পোৱালী পালনৰ বহুতো নতুন ব্যৱস্থা ওলাইছে।দুখলপীয়া লোহাৰ জালেৰে ‘ব্ৰুডাৰ’ তৈয়াৰ হয়।এইবোৰত বিজুলি বাতিৰে নিয়ন্ত্ৰিত তাপ দিয়াৰ ব্যৱস্থাৰ লগতে উষ্ণতাও জুখিব পাৰি।ইয়াক BATTERY BROODER বোলা হয়।য দিও খৰছৰ অনুপাত বেছি তথাপিও প্ৰতিষ্ঠানবোৰত সেইবোৰ নিজে চাই-চিতি আৰু অভিজ্ঞ ব্যক্তিৰ লগত আলোচনা কৰি কিনি ল’বও পাৰি বা নিজে তৈয়াৰ কৰিব পাৰি। এনেবোৰ জালি কৰা চাংঘৰত তুঁহ আদি দিব নালাগে।

লগতে পঢ়ক-  প্ৰধানমন্ত্ৰী শস্য বীমা আঁচনিৰ অধীনত আপুনি লাভ কৰিব নে ক্ষতিপূৰণ!

English Summary: winter broiler farm

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.