Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 29 October, 2022 12:05 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী বামুণজুলি, ডিমাকুছি, ৰজাগড়, নালাপাৰা, বাদলাপাৰা, টেংকীবস্তি, বগৰীতল, সোণাজুলি, ধৰ্মজুলি, ভুটীয়াচাং, ভোলাটাৰকে ধৰি বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ উপদ্রৱে ৰাইজক জীয়াতু ভোগাই আহিছে। প্ৰতি নিশাই ভোকাতুৰ বনৰীয়া হাতীৰ পালে সীমান্ত অঞ্চলৰ ঠায়ে ঠায়ে ঘৰ-দুৱাৰ ভাঙি চূৰমাৰ কৰাৰ লগতে সা-সম্পত্তি ধ্বংস কৰিছে। খেতি পথাৰ, তামোলবাৰী, লহপহকৈ বাঢ়ি অহা বিঘাই বিঘাই ধাননিৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে। 

আনহাতে, অঞ্চলটোত হাতী-মানুহৰ সংঘাতত নিৰীহ লোকে প্ৰাণ হেৰুওৱাৰ লগতে বিভিন্ন কাৰণত বন্য হস্তীৰ মৃত্যু ঘটিছে। বন্য হস্তীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলটোৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে ভয়-সংশয়ৰ মাজেৰে সময় অতিবাহিত কৰি আহিছে। ছাত্ৰসকলে পঢ়া- শুনা এৰি ওৰে নিশা খেতিপথাৰত হাতী খেদিবলৈ ওলাই আহিবলগীয়া হৈছে। কৃষকে ঋণত লৈ হাজিৰা লগাই কপালৰ ঘাম মাটিত পেলাই শস্য উৎপাদন কৰিলেও ভঁৰালত সুমুৱাব নোৱাৰে সোণগুটি।

গতে পঢ়ক- 

ৰেচন কাৰ্ড থকা ৬০ লাখ পৰিয়ালক বীনামূলীয়া চিকিৎসা প্ৰদান কৰিব অসম চৰকাৰে

শেহতীয়াকৈ শস্য ৰক্ষা কৰিবলৈ সংযোগ কৰা বিদ্যুতৰ তাঁৰত বিদ্যতস্পষ্ট বহুকেইটা বনৰীয়া হাতীৰ মৃত্যু ঘটিছে। যদিও এই সমস্যা সমাঝানৰ বাবে বনবিভাগে গ্ৰহণ কৰা নাই ইফালে, আকৌ কেতিয়াবা ঘটনাস্থলীত বন বিভাগৰ লোক সময়মতে উপস্থিত নোহোৱাত বিভিন্ন অঞ্চলত উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হৈছে। বন বিভাগ সময়মতে ঘটনাস্থলীত উপস্থিত নহয় বুলি দিয়া অভিযোগ দীর্ঘদিনীয়া। তথাপি এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বি টি আৰ চৰকাৰ তথা ৰাজ্য চৰকাৰে। স্থানীয় নেতা-পালিনেতা, জনপ্ৰতিনিধিসকলৰো আহৰি নাই দুৰ্ভগীয়া পৰিয়ালৰ ক্ষয়-ক্ষতিৰ বুজ লৈ সান্ত্বনা দিবলৈ। ভাৰত-ভূটান সীমান্তৰ এই অঞ্চলসমূহ এতিয়া অভয়াৰণ্যত পৰিণত হ'ব ধৰিছে। প্ৰতিদিনে এনেদৰে ধাৰাবাহিকভাৱে বৃদ্ধি পাই আহিছে হাতী-মানুহৰ সংঘাত। সেয়েহে, উপায়হীন কৃষকে বি টি চি চৰকাৰ, ৰাজ্য চৰকাৰলৈ কৃষকক উচিত ক্ষতিপূৰ্ণ দিয়াৰ লগতে শীঘ্ৰে হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ কাতৰ আহ্বান জনাইছে।

কিছুমান ঠাইত এফালে বানৰ বিভীষিকা আনফালে বন্যহস্তীৰ উপদ্ৰৱৰ বাবেও কৃষকৰ সপোন ভাঙি চূৰমাৰ হৈছে। এইবাৰ পুনৰ শ শ বিঘা সোণগুটিৰ পথাৰ তহিলং কৰিলে ওদালগুৰি জিলাৰ ডিমাকুছিৰ ২ নং বামুণজুলিত। কেইবাদিনো ধৰি বামুণজুলি চাহ বাগিচাত আশ্ৰয় লৈ থকা দুই শতাধিক হাতীৰ পালটোৱে নিশা হ'লেই খাদ্যৰ সন্ধানত পেটৰ ভোকত ওলাই আহি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

কিছুমান ঠাইত এফালে বানৰ বিভীষিকা আনফালে বন্যহস্তীৰ উপদ্ৰৱৰ বাবেও কৃষকৰ সপোন ভাঙি চূৰমাৰ হৈছে। এইবাৰ পুনৰ শ শ বিঘা সোণগুটিৰ পথাৰ তহিলং কৰিলে ওদালগুৰি জিলাৰ ডিমাকুছিৰ ২ নং বামুণজুলিত। কেইবাদিনো ধৰি বামুণজুলি চাহ বাগিচাত আশ্ৰয় লৈ থকা দুই শতাধিক হাতীৰ পালটোৱে নিশা হ'লেই খাদ্যৰ সন্ধানত পেটৰ ভোকত ওলাই আহি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

লগতে পঢ়ক- 

বোকাখাতত কৃষি বিভাগৰ বীজ বিতৰণত কাৰ্যসূচীত অথন্তৰ

English Summary: Wild elephants are a terror in boder of Udalguri
Published on: 29 October 2022, 12:01 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now