1. News

বোকাখাতত কৃষি বিভাগৰ বীজ বিতৰণত কাৰ্যসূচীত অথন্তৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
বোকাখাটতত কৃষি বিভাগৰ বীজ বিতৰণত অথন্তৰ
বোকাখাটতত কৃষি বিভাগৰ বীজ বিতৰণত অথন্তৰ

বোকাখাত মহকুমা কৃষি বিভাগত ঘেঁহু আৰু বীজ বিতৰণক লৈ এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হয়। ফলত বীজ বিতৰণ কাৰ্যসূচী বন্ধ কৰিবলগীয়া হয়। বিশেষকৈ হিতাধিকাৰী মহিলাই অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাত আৰক্ষী মোতায়েন কৰিও শান্ত কৰিব নোৱাৰাত আলু বীজ বিতৰণ বন্ধ কৰি দিব লগা হয় মহকুমা কৃষি বিভাগে।

উল্লেখযোগ্য যে ২০ অক্টোবৰতো আলু বীজ বিতৰণত আন এক অপ্রীতিক পৰিস্থিতিৰ সৃষ্টি হৈছিল। সেই দিনা পথাৰ পৰিচালনা সমিতিক আলু বীজ বিতৰণ কৰাৰ কথা আছিল যদিও ব্যক্তিগত আলু বীজ বিচাৰি যোৱা অধিকাংশ মহিলাই হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰাৰ বাবে দুই এখন পথাৰ পৰিচালনা সমিতিক আলু বীজ বিতৰণ কৰি বাকী বীজ ব্যক্তিগত কৃষকৰ মাজত বিতৰণ কৰে ।

লগতে পঢ়ক- 

ৰেচন কাৰ্ড থকা ৬০ লাখ পৰিয়ালক বীনামূলীয়া চিকিৎসা প্ৰদান কৰিব অসম চৰকাৰে

বুধবাৰে কেৱল পথাৰ পৰিচালনা সমিতি আৰু আদৰ্শ কৃষকৰ মাজত আলুৰ বীজ বিতৰণ কৰাৰ কথা আছিল। কিন্তু বুধবাৰেও একাংশ মহিলাই নিজকে কৃষক বুলি পৰিচয় দি আলুৰ বীজ বিচাৰি অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে।

ফলত বিতৰণথলীত আৰক্ষী মোতায়েন কৰা হয় যদিও আৰক্ষীয়েও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। উপায়হীন হৈ আৰক্ষীৰ সহযোগত মহকুমা কৃষি বিভাগে বীজ বিতৰণ বন্ধ কৰি দিয়ে। পৰৱৰ্তী সময়ত মহকুমা কৃষি বিষয়াই জাননী জাৰি কৰিলেহে বীজ বিতৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে সংশ্লিষ্ট বিভাগৰ বিষয়াই।

লগতে পঢ়ক- 

কৃষকসকে কিষাণ কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিলেই লাভ কৰিব ডেৰ লাখ টকাৰ লোণ

English Summary: trouble distribution of seeds in Bokakhat

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.