Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 28 January, 2023 5:13 PM IST
গোঁসাইগাঁৱত মাল্টাৰ খেতি

সাম্প্ৰতিক সময়ত অসমৰ টেঙা খেতিৰ, বিশেষকৈ সুমথিৰা (Mandarin/Khasi orange) আৰু মৌচম্বি খেতিৰ দ্ৰুত গতিত অৱনতি (citrus decline) হোৱা দেখা গৈছে | আজিৰ পৰা ১৫-২০ বছৰ আগত দেখা পোৱা বাগিচাবোৰ এতিয়া প্ৰায় নোহোৱা হ'ল | চিৰাং জিলাৰ আমাৰ গাঁওতেই প্ৰতি ঘৰৰ বাৰীত দহৰ পৰা চাৰিশ-পাঁচশলৈকে সুমথিৰাৰ গছ আছিল | গছতে পকা সুমথিৰা ফলৰ সুস্বাদু গন্ধ এতিয়াও স্মৃতিত সজীৱ হৈ আছে; গছবোৰহে নাই ! কোকৰাঝাৰ জিলাতো একে পৰিস্থিতি | অৱস্থা এনে এটা পৰ্যায় পাইছে যে বৰ্তমান ভূটানৰ সুমথিৰা অবিহনে গত্যন্তৰ নাই | কোকৰাঝাৰ চহৰৰ দূৱাৰমূখ কাৰিগাওঁ চ'কত (31-C ৰাষ্ট্ৰীয় ঘাই পথ) ৰঙ-বিৰঙৰ দখনা পিন্ধি বড়ো মহিলাসকলে ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে বিক্ৰী কৰা উজ্বল কমলা ৰঙৰ সুমথিৰাবোৰ কাষৰীয়া বিদেশী ৰাষ্ট্ৰ ভূটানৰহে | স্থানীয় যিখিনি উৎপাদন হয়, সেয়া ডিচেম্বৰৰ ভিতৰতে প্ৰায় শেষ হৈ যায় |  

মুখ্যত: আগৰ প্ৰজন্মৰ বাগিচা পৰিচালনাৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তি-জ্ঞানৰ অভাৱ, আনহাতে নতুন চামৰ এইবিধ খেতিৰ প্ৰতি আগ্ৰহৰ অভাৱেই সুমথিৰা খেতিৰ অৱনতিৰ প্ৰধান কাৰণ বুলি মোৰ ধাৰণা | সুখৰ কথা যে অতি সম্প্ৰতি কেইজনমান যুৱ খেতিয়কে মৌচম্বিৰ লগত সাদৃশ্য থকা মালটা (Malta: Sweet orange) ফলৰ খেতি কৰিবলৈ আৰম্ভ কৰিছে |  উল্লেখ্য যে Bangladesh Agriculture Research Institute (BARI) য়ে ২০০৩  চনত উদ্ভাৱন কৰা BARI Malta-1 নামৰ বৰ্ণ সংকৰ মালটাই ভাৰততো জনপ্ৰিয় হৈছে, বিশেষকৈ চুবুৰীয়া ৰাজ্য বেংগলত | ইয়াৰ কেইটামান বিশেষত্ব হ'ল:

  • গছ চাপৰ আৰু জোপোহা হয়।
  • বৰ্ণ সংকৰ কাৰণে grafting কৰা পুলিহে ৰোপন কৰিব লাগে।
  • ৰোপনৰ দ্বিতীয় বা তৃতীয় বছৰৰ পৰা ফলন আৰম্ভ হয়, গতিকে gestation period ছুটি।
  • প্ৰতিটো পৈণত গছত ৩০০-৪০০ ফল ধৰে, ফলৰ গড় ওজন ১৪৬ গ্ৰাম।
  • ফলৰ আকৃতি ঘুৰণীয়া, পুৰঠ হ'লেও সেউজীয়া হৈ থাকে, নাভি মণ্ডলত চক্ৰাকাৰ চিহ্ন থাকে।
  • ফলবোৰ অতি ৰসাল (juice 33.7%) আৰু মিঠা (TSS 7.8%, total acid 0.36%) ;
  • অক্টোবৰ-ডিচেম্বৰৰ ভিতৰত চপাবৰ হয়, গড় উৎপাদন ২০০ কুইন্টল, প্ৰতি হেক্টৰ |

লগতে পঢ়ক- 

এই জাতৰ মধুৰি পুলিৰ বাবে উল্লিখিত নম্বৰত ফোন কৰক

মাল্টা টেঙা

গোসাঁইগাঁৱৰ কেইজনমান যুৱ খেতিয়কে ইয়াৰ খেতি আৰম্ভ কৰিছে যেনে- বাজুগাঁৱৰ ইমানুৱেল বসুমতাৰী, পদ্মবিলৰ অংশুমান ইছলাৰী, কচুগাঁৱৰ ৰংজালু মুছাহাৰী | মোৰ ফালৰ পৰা ৰংজালুক PMKSY আঁচনিৰ সুবিধা গ্ৰহণ কৰি জলসিঞ্চনৰ ব্যৱস্থা কৰি ল'বলৈ (drip irrigation) আৰু গছবোৰক ছাতিৰ দৰে আকৃতি দিবলৈ (umbrella-shape by proper pruning & training) পৰামৰ্শ দিয়া আছে | বৰ্তমান শাৰীবোৰৰ মাজত থকা খালী ঠাইত শাক-পাচলিৰ খেতি কৰি অন্তর্বর্তীকালীন উপাৰ্জন কৰিবলৈও পৰামৰ্শ দিয়া হৈছে

Malta farming

সংযোজন : ভুটান আৰু অসম-মেঘালয়ত উৎপাদন হোৱা সুমথিৰাৰ টেঙা-মিশ্ৰিত বিশেষ মিঠা স্বাদ অন্য ৰাজ্যৰ সুমথিৰা বা কমলাত পোৱা নাযায়| গতিকে ইয়াৰ উন্নত স'চ তথা উন্নত কৃষি প্ৰণালী উদ্ভাৱনৰ অতীব প্ৰয়োজন হৈছে যাতে সদৌ অসম বিয়পি ইয়াৰ খেতি আকৌ ঠন ধৰি উঠে |

লগতে পঢ়ক- 

Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে

English Summary: What is difference between Malta and Orange
Published on: 28 January 2023, 11:44 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now