
বানে বিধ্বস্ত কৰা এখন গাৱৰ বালিচৰত সপোন ৰচিছে বহুকেইজন শিক্ষিত নিবনুৱাই। বঙাইগাঁও জিলাৰ বৃদ্ধবাসী গাৱৰ বহু যুৱকে চাকৰিৰৰ পিছত দৌৰি নাথাকি কৃষি কৰ্মৰ জড়িয়তে যথেষ্ট লাভবান হৈছে।আই নৈৰ বালিচৰত যুৱক সকলে বতৰৰ ফল তৰমুছৰ খেতি কৰি আহিছে।
বিগত বৰ্ষৰ দৰে এইবাৰো গাঁওখনৰ যুৱকসকলে উন্নত জাতৰ শস্যৰ খেতি কৰিছে আই নৈৰ পাৰত । আই নৈৰ বালিচৰত চৌদিশে এতিয়া কেৱল সেউজীয়া। সৰু সৰু তৰমুজেৰে ভৰি আছে গছবোৰ। বাঢ়ি অহা ফলবোৰ দেখি হাহি বিৰিঙিছে যুৱকসকলৰ মুখত।
লগতে পঢ়ক-
কৃষিলৈ মন মেলাৰ পূৰ্বে এই ৫ টা সম্পদ আপোনাৰ হাতত আছে নাই থিক কৰক

তিনিমাহৰ কষ্ট বোৰ সাৰ্থক হোৱা দিশত। প্ৰতিদিনে গছবোৰত পৰ্যাপ্ত পানীৰ ওপৰিও নিয়ম অনুসৰি সাৰ প্ৰয়োগ কৰি আহিছে যুৱ কৃষক সকলে। প্ৰতিবিঘা তৰমুজ খেতিৰ বাবে ব্যয় হৈছে চাৰি হাজাৰ টকাৰ। কিন্তু এবিঘাত ৪৫ হাজাৰ টকা উপাৰ্জনৰ আশা কৰিছে কৃষকসকলে।

বেছিভাগ লোকৰে প্ৰিয় এইবিধ সুস্বাদু গ্ৰীষ্মকালৰ ফল তৰমুজ। শৰীৰৰ পানীৰ অভাৱ পূৰ কৰে এই তৰমুজে। গতিকে এনে সুস্বাদু, দেহৰ বাবে প্ৰয়োজনীয় চাহিদা থকা ফলবিধ বিক্ৰীৰ বাবে বিশেষ অসুবিধা নহয় যুৱ কৃষকসকলৰ।
লগতে পঢ়ক-
Share your comments