1. News

টীয়কৰ উদ্যমী ৰূপজ্যোতি বৰা এতিয়া হৈ পৰিছে যোৰহাটৰ এক চিনাকী নাম

PANKAJ KHANIKAR
PANKAJ KHANIKAR
ৰূপজ্যোতি বৰা
ৰূপজ্যোতি বৰা

চৰ্চালৈ আহিছে টীয়কৰ কাকজান দুলীয়া গাঁৱৰ এগৰাকী মহিলা ৰূপজ্যোতি বৰাৰ কৰ্মৰাজি। হয়, নিজৰ ঘৰৰ জুহালখনক ব্যৱসায়িক ক্ষেত্ৰলৈ পৰ্যবসিত কৰি এগৰাকী সফল গৃহিণী হোৱাৰ লগতে আন কেইবাগৰাকী মহিলাকো স্বাৱলম্বীতাৰ পথ দেখুৱাইছে এইগৰাকী আদৰ্শ মহিলাই। মহিলাগৰাকীৰ নাম ৰূপজ্যোতি বৰা ।

ৰূপজ্যোতিয়ে অসমীয়াৰ পৰম্পৰাগত খাদ্য তিলপিঠা,তেল দিয়া পিঠাকে ধৰি আঠ বিধ পিঠা,কেইবাবিধ লাডু আদি নিজৰ ঘৰৰ জুহালত প্ৰস্তুত কৰি সেই সমূহ বজাৰত বিক্ৰী কৰি উপাৰ্জনৰ পথ বাচি লৈছিল আজিৰ পৰা সাত/আঠ বছৰ পূৰ্বে। প্ৰথমে অনুস্তূপিয়াকৈ আৰম্ভ কৰা ৰূপজ্যোতিৰ এই পিঠা পনাই আজিৰ তাৰিখত এখন বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।

লগতে পঢ়ক- 

ভালকে কৰিলে আমৰ খেতিয়েও আপোনাক লাখপতি বনাব

লাহে লাহে ৰূপজ্যোতি ফুড প্ৰডাক্ট নাম দি আৰম্ভ কৰা এই জয় যাত্ৰা কেৱল টীয়ক, কাকজানতে সীমাবদ্ধ নাথাকি অসমৰ বিভিন্ন প্ৰান্তৰলৈও বিস্তাৰিত হ'ল। শেহতীয়াকৈ নিজৰ কষ্টোপাৰ্জিত ধনৰে এখন বিলাসী বাহন ক্ৰয় কৰি নিজ উৎপাদিত সামগ্ৰীৰ নিজ গাড়ীৰে লৈ গৈ বজাৰত উপলব্ধ কৰাই ৰূপজ্যোতিয়ে।

পিঠা পনা প্ৰস্তত কৰি ঘৰৰ সৰুসুৰা সকলো খা খৰছৰ পাছত এইদৰে এখন বিলাসী বাহনৰ গৰাকী হৈ আজি সকলোৰে আদৰ্শ হৈ পৰিছে মহিলাগৰাকী।আজিৰ এই আন্তৰ্জাতিক মহিলা দিৱসৰ এই ক্ষণত এইগৰাকী কৰ্মযোগী মহিলাক আমিও জনাইছো অভিনন্দন ।

লগতে পঢ়ক- 

বঙাইগাঁৱত নদীৰ বালিত তৰমুজৰ খেতি

English Summary: Rupjyoti has now become a well-known name in Tiyak

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.