
আমি অনাৱশ্যক বুলি ভৱা পেলনীয়া জাবৰ জোঁথৰৰ পৰা বিভিন্ন উদ্যোগ গঢ়ি তুলিব পাৰি। ভাৰতৰ লগতে সমগ্র পৃথিবীতে আধুনিক প্রযুক্তিৰ কৌশল প্রয়োগ কৰি নতুন নতুন উদ্যোগ গঢ়ি তুলিছে৷ অসমতো এনে দুই এটা উদ্যোগ গঢ় লৈ উঠিছে। তাৰ ভিতৰত ভার্মিকম্পজ উদ্যোগ, বায়' ফার্টিলাইজাৰ উদ্যোগ অন্যতম। ভার্মিকম্পজ উদ্যোগ কেঁচুমটা বা কেঁচুৰ নিষ্ঠাৰ পৰা সাৰ তৈয়াৰ কৰা হয়। এই সাৰ এবিধ কেঁছুৰ পৰা হয়।
পেলনীয়া শাক পাচলি অর্থাৎ যিবোৰ পাচলি দোকানীয়ে পেলাই দিয়ে। এইবিধ সাৰ প্ৰস্তুত কৰিবলৈ এডোখৰ মাটিৰ প্ৰয়োজন হয়। মাটিত ডাঙৰ গাঁত খান্দি তাত পেলনীয়া সামগ্ৰী বোৰ দি এবিধ বিশেষ ধৰণৰ কেঁছুক খাবলৈ দিয়া হয়। সেই কেঁছুৰ বিষ্ঠাৰ পৰা পিছলৈ উন্নত মানৰ সাৰ প্ৰস্তুত হয়। এইধৰণৰ উদ্যোগ গঢ়িবলৈ হ'লে প্ৰায় ৪৫ লাখ টকাৰ প্ৰয়োজন হয়। যদিও লাখ টকাৰে সৰুকৈ এই উদ্যোগ গঢ়ি তুলিব পাৰি ।
লগতে পঢ়ক-
জানো আহক কেনেকৈ প্ৰস্তুত কৰিব পাৰি কেঁচুসাৰ
এটা ঘৰ, এটা পানীৰ টেংক, গ্রাইনডিং মেচিন আদি এই উদ্যোগ গঢ় দিবলৈ প্রয়োজনীয় হয়। আজিকালি দুই, এক আত্মসহায়ক গোটে সৰুকৈ হ'লেও এনে উদ্যোগ গঢ় দি মহিলা সকল আত্মনিৰ্ভৰ শীল হৈ উঠিছে। বায় ফার্টিলাইজাৰ উদ্যোগ বায় ফার্টিলাইজাৰ বা অগেনিক সারেও বর্তমান সময়ত জনপ্রিয়তা অর্জন কৰিছে। পৃথিৱীৰ প্ৰায় বোৰ দেশতে এই সাৰ খেতি কৰিবৰ বাবে প্ৰয়োগ কৰিছে শাক পাচলি, ফলমূল, চাহ কফি আদিত এইধৰণৰ সাৰ প্ৰয়োগ করে কাৰণ এইবিধ সাৰৰ ৰাসায়নিক সাৰৰ দৰে পাৰ্শ্বক্ৰিয়া নাথাকে।
আমাৰ অসমতো এনেধৰণৰ উদ্যোগ আৰম্ভ হৈছে। এই ধৰণৰ উদ্যোগ গঢ় দিবৰ বাবে প্রয়োজনীয় সামগ্রী যেনে-পানী মেটেকা, গোবৰ, হাঁহ-কুকুৰাৰ বিষ্ঠা, পচন সাৰ আদি ৰ পৰা এই সাৰ প্ৰস্তুত কৰা হয়। অতি কম মূলধনেৰে এইবিধ সাৰৰ উদ্যোগ গঢ় দিব পাৰি।
লেখক- অগ্নি অর্পিত মৌপিয়া
লগতে পঢ়ক-
Share your comments