1. News

‘COVID শেষ হোৱা নাই, ৰাজহুৱা স্থানত মাস্ক নুখুলিব’- কেন্দ্ৰ

KJ Staff
KJ Staff
covid rules
covid rules

পুনৰ বিশ্বত বিয়পি পৰিছে ক’ভিড মহামাৰীৰ আতংক। চীনত ক্ৰমাৎ বৃদ্ধি পোৱা ক’ৰ’না (Covid)ৰ পৰিপ্ৰেক্ষিতত ভাৰতো সতৰ্ক হৈ পৰিছে। দেশত ক'ৰ'না আক্ৰান্তৰ সংখ্যাৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে দৃষ্টি নিবদ্ধ ৰাখিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই আজি শীৰ্ষ বিষয়া আৰু বিশেষজ্ঞসকলৰ সৈতে ক’ভিড পৰিস্থিতি সন্দৰ্ভত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে।

বৈঠকত প্ৰতি সপ্তাহে স্বাস্থ্য মন্ত্ৰালয়ত ক’ৰোনা সন্দৰ্ভত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। কেন্দ্রীয় চৰকাৰে সৰ্বসাধাৰণক জনবহুল স্থানত মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ দিছে।

সভাত নিটি আয়োগৰ সদস্য ডাঃ ভি কে পলে কয়, “বৰ্তমান আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই।সকলোকে ভিৰৰ মাজত মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। প্ৰতি সপ্তাহত স্বাস্থ্য মন্ত্ৰালয়ত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ’ব। পৰ্যাপ্ত পৰিমাণে পৰীক্ষা কৰা হৈছে। ইয়াৰ মাজতে স্বাস্থ্য মন্ত্ৰালয়ে সিদ্ধান্ত ল’ব আৰু কি পদক্ষেপ ল’ব লাগে। বৰ্তমান কোনো নতুন গাইডলাইন জাৰি কৰা হোৱা নাই।“

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক নিৰ্দেশ দিছে যে সকলো Covid পজিটিভ ৰোগীৰ নমুনা দৈনিক INSACOG Genome Sequencing Lab লৈ প্ৰেৰণ কৰিব লাগে। INSACOG হৈছে স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনত ভাৰতত বিভিন্ন ধৰণৰ Covid ৰ অধ্যয়ন আৰু নিৰীক্ষণৰ এক মঞ্চ।

স্বাস্থ্য সচিব ৰাজেশ ভূষণৰ পৰা সকলো ৰাজ্যলৈ লিখা এখন পত্ৰত কোৱা হৈছে যে, "জাপান, আমেৰিকা, কোৰিয়া ৰিপাব্লিক, ব্ৰাজিল আৰু চীনত হঠাতে ক'ৰ'না আক্ৰান্তৰ বৰ্ধিত সংখ্যাৰ প্ৰতি প্ৰতি লক্ষ্য ৰাখি, Covid positive  ৰ নতুন ভেৰিয়েন্ট অনুসৰণ কৰিবলৈ জিনম ছিকুৱেঞ্চিঙৰ বাবে প্ৰস্তুতি চলোৱা প্ৰয়োজন।"

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত দেশত ১৩১ জন নতুন কোভিড পজিটিভ লোক ধৰা পৰিছে। অৱশ্যে সোমবাৰৰ ১৮১ ৰ পৰা আজি আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে। বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩,৪০৮ জন।

যোৱা ২৪ ঘন্টাত ক’ৰ’নাত আক্ৰান্ত হৈ তিনিজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰে দুজন কেৰালাৰ আৰু এজন পশ্চিমবংগৰ। মন্ত্ৰালয়ৰ ৱেবছাইট অনুসৰি, দেশজোৰা এই অভিযানৰ অধীনত এইপৰ্যন্ত প্ৰায় ২২০ কোটি কোভিড ভেকচিনৰ ড’জ দিয়া হৈছে।

শূন্য Covid নীতি প্ৰৱৰ্তনৰ পিছৰে পৰা চীনে Covid ৰ ফলত হোৱা মৃত্যুৰ সংখ্যা বৃদ্ধি ৰোধ কৰিবলৈ সংগ্ৰাম কৰি আহিছে বুলি জানিব পৰা গৈছে। শূন্য কভিড নীতিত কঠোৰ লকডাউন আৰু গণ পৰীক্ষণ কাৰ্যকৰী কৰা হৈছিল।

চীনৰ এটা এপাৰ্টমেণ্টত সংঘটিত অগ্নিকাণ্ডত ১০ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱাৰ পিছতে জিৰ’ কভিড নীতিৰ বিৰুদ্ধে গণ প্ৰতিবাদৰ সৃষ্টি হয়। এই কঠোৰ নীতিৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিনে ফলপ্ৰসূভাৱে জুইৰ নুমুৱাব নোৱাৰিলে বুলি অভিযোগ উত্থাপিত হয়।

খবৰ অনুসৰি চীনত ক’ৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছত চিকিৎসালয়সমূহৰ ওপৰত বোজা বাঢ়িছে আৰু ঔষধৰ দোকানত ঔষধ শেষ হৈ গৈছে। প্ৰতিবেদনত কোৱা হৈছে যে শেষকৃত্যৰ বাবে বাবে শ্মশানতো ঠাই নোহোৱা হৈছে।

লগতে পঢ়কঃ ঠাণ্ডা দিনত গা গৰম কৰি ৰাখিবলৈ আপুনি কি কৰে?

English Summary: Mask Up In Crowded Places, Centre Advises Amid China Covid Surge

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.