1. News

প্ৰসংগ : গো-আলিংগণ দিৱস বনাম ভেলেন্টাইন ডে'

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Valentine day, Cow hugged day & Goru bihu
Valentine day, Cow hugged day & Goru bihu

অৱশেষত জনসাধাৰণৰ টিপ্পনী, ৰগৰ, কৌতুকত সিদ্ধান্ত সলালে চৰকাৰে। ১৪ ফ্ৰেব্ৰুৱাৰী দিনটো বিশ্বৰ লগতে ভাৰতবৰ্ষতো ভেলেন্টাইন দেই হিচাপেই থাকিল। এচাম গোড়া হিন্দু আৰু তৈলমৰ্দনকাৰী নেতৃত্বত ভাৰতৰ পশু কল্যাণ ব’ৰ্ডে ১৪ ফেব্ৰুৱাৰী দিনটোক “গৰু আলিংগন দিৱস” হিচাপে পালনৰ বাবে চৰকাৰক অনুৰোধ জনাইছিল। কিন্তু সেয়া অৱশেষত হৈ নুঠিল। এতিয়া প্ৰশ্ন হৈছে সঁচাকৈ ভাৰতৰ পশু কল্যাণ ব’ৰ্ড গৰুৰ প্ৰতি দয়াশীল নে! কিন্তু বিগত দিনত তেওঁলোকে গৰুক লৈ কি ধৰণৰ নতুন চিন্তা-চৰ্চা কৰিছে! তাৰ কিন্তু উল্লেখ পাবলৈ নাই। কেৱল ৰাজনীতিকক গৰুক লৈ হিন্দু-মুছলিমৰ ৰাজনীতিত হাত উজান দি অহাহে পৰিলক্ষিত হৈছে। সম্প্ৰতি অসমতো বিজেপি চৰকাৰ অহাৰ পৰা গৰুক কেন্দ্ৰ কৰি নিত্যনতুন নাভ্ৰুত-নাশ্ৰুত কাণ্ড-কাৰখানাবোৰ পৰিলক্ষিত হৈছে।

গো-সুৰক্ষা আইনে গৰুক কিমান সুৰক্ষিত দিছে সেয়া সম্প্ৰতি অসমৰ চৰকাৰী গো-শালাবোৰেই প্ৰমাণ কৰে! খাবলৈ নাপায় গৰুৱে গো-শালতে চিপটানি চিপটানি মৰিছে। তেনেসময়তে দেশৰ পশু কল্যাণ ব’ৰ্ড ভেলেন্টাইন দেইটোৰ সলনি দেশৰ জনসাধাৰণক গৰুক আলিংগণ দিৱস হিচাপে পালন কৰিবলৈ আহ্বান জনাইছে। সঁচাকই ভাৰতৰ পশু কল্যাণ ব’ৰ্ডৰ গৰুৰ প্ৰতি শ্ৰদ্ধা, সন্মান থাকিলহেতেঁন তেনেহ’লে এনে বেবেৰিবাং সিদ্ধান্তবোৰ ন’লৈ এই বাটে-পথে, গো-শালাই খাব নোপোৱাকৈ মৰি থকা গৰুবোৰৰ বাবে আঁচনি গ্ৰহণ কৰিলেহেঁতেন। সম্প্ৰতি বহু ৰাজ্যত গৰাকীবিহীন গৰুৱে কৃষকৰ শস্য খাই তহিলং কৰিছে। এই দিশবোৰৰ ওপৰত কিন্তু ভাৰতৰ পশু কল্যাণ ব’ৰ্ড সদায় নীৰৱ।

লগতে পঢ়ক- 

লোকচানৰ সন্মুখীন নহ’বলৈ নতুন কৃষকসকলে মন কৰক এইকেইটা কথা

গো-সুৰক্ষা আইন অহাৰ পৰা অসমত পূৰ্বতে গৰুৰ যি সন্মান আছিল সেয়া ক্ৰমশ নোহোৱাহে হৈছে। কাৰণ গৰু আছিল অসমৰ কৃষক ৰাইজৰ অৰ্থনীতিৰ এটা উল্লেখনীয় দিশ। গৰু বিক্ৰি কৰিয়েই অসমৰ কৃষক ৰাইজে ল’ৰা-ছোৱালীক স্কুল-কলেজত পঢ়ায় । ঘৰত বেমাৰ-আজাৰ হ’লেও গৰু এটা বিক্ৰি কৰিয়েই এই সকলোবোৰ লেথা মাৰিছিল। কিন্তু বৰ্তমান গৰু এটা বিক্ৰি কৰিবলৈ গ্ৰাহক নাই, গ্ৰাহক পালেও গৰুৰ দাম নাই। ফলত অসমৰ কৃষকে গৰু পালনৰ প্ৰতিও অনীহা দেখা গৈছে।

অসমীয়া সমাজত অতীতৰ পৰাই গৰুক শ্ৰদ্ধা কৰাৰ সমান্তৰালভাৱে পথাৰত হালবাবলৈ নিয়া হয়। বুৰ্ককক গৰু আখ্যা দিয়া হয় লগতে ভালকে পিটন দিয়া বুজাবলৈ গৰুপিটন উপমা ব্যবহাৰ কৰা হয়। তেনেক্ষেত্ৰত অসমত গৰু আলিংগন দিৱস হাস্যকৰ। কিন্তু অসমীয়া সমাজত আজিও বহাগ বিহুৰ প্ৰথম দিনটোতে গৰুক নোৱায়-ধোৱায় আৰু বছৰটোৰ সুস্থ-নিৰোগী হৈ থকাৰ কামনা কৰে। অসমীয়া মানুহক গৰু আলিংগণ দিৱস নালাগে গৰুক শ্ৰদ্ধাৰ জনাবৰ বাবে গৰু বিহুতকৈ আন একো হ’ব নোৱাৰে।

লগতে পঢ়ক- 

কেৰেলাৰ কলৰ ছুলতানে প্ৰশংসা কৰিলে অসমৰ জাহাজী কলক

English Summary: Valentine day, Cow hugged day & Goru bihu

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.