1. News

আগতীয়া ওৰহি খেতিৰে ডেৰলাখ টকা উপাৰ্জনৰ আশা আলমগিৰ হোছেইনৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
আলমগিৰ হোছেইন , ওৰহিৰ খেতিয়ক
আলমগিৰ হোছেইন , ওৰহিৰ খেতিয়ক

ঝিকৰগাচাৰ কৃষক আলমগিৰ হোছেইন আগতীয়াকৈ ওৰহিৰ খেতি কৰাত সফল হৈছে। ইতিমধ্যো তেওঁ অলপ অলপ কৈ ওৰহিসমূহ বজাৰলৈ মুকলি কৰি দিছে। ৮ হাজাৰ টকা খৰচ খৰচ কৰিছিল প্ৰায় এবিঘা মাটিত ওৰহীৰ খেতি কৰিবলৈ। কিন্তু শেহতীয়াকৈ তেওঁ জানিবলৈ দিছে যে সোনকালে এই এবিঘা ওৰহিৰ পৰা ডেৰলাখ টকা উপাৰ্জন কৰিব।

লগতে পঢ়ক- 

অসম কৃষি বিশ্ববিদ্যালয়ৰ মতে কোনবোৰ সৰিয়হ বীজ অসমৰ মাটিৰ উপযোগী

সাধাৰণতে উৰহি শীতকালীন শস্য। কিন্তু কৃষক আলমগিৰ হোছেইনে প্ৰতিকূল বতৰকো নেওচি আগতীয়াকৈ ইয়াৰ খেতি কৰি বজাৰত এৰি এতিয়া ইয়াৰ দুগুণ লাভ উঠাইছে। আলমগিৰ হোছেইনে আগষ্টতে পথাৰত উৰহীৰ বীজ ৰোপণ কৰিছিল। পুলি ৰোপণ,  জলসিঞ্চন,  সাৰ প্ৰয়োগ,  ঘাঁহ-বন,  কীটনাশক,  লফটিং আদিত ৭৫ দিনত ব্যয় হয় মুঠ ৮ হাজাৰ টকা। বৰ্তমান তেওঁ ওৰহী এক কেজিত ১৩০ টকা দৰত বিক্ৰী কৰি আছে।

শেহতীয়াকৈ কৃষক আলমগিৰ কৃষিকৰ্মত সফলতা দেখি উপ-জিলা কৃষি বিষয়া মছুদ হোছেইন পলাশে কয় যে, যদিও ওৰহী শীতকালৰ শাক, তথাপিও আমাৰ ওৰহি খেতি আগতীয়াকৈ কৰা হয়। বৰ্তমান সময়ত ওৰহিৰ আগতীয়াকৈ খেতি কৰি কৃষকসকল উপকৃত হৈছে। 

বজাৰত আগতীয়া বীনৰ দামও ভাল। গতিকে কৃষকসকলে দিনক দিনে এই পুৰণা জাতৰ বীন খেতি কৰিবলৈ আগ্ৰহী হৈ পৰিছে। আমি কৃষক সকলক সকলো ধৰণৰ সহায় আগবঢ়াইছো।‘

লগতে পঢ়ক- 

যদি আপুনি এই সৰু কামটো কৰে, স্বামী আৰু পত্নীয়ে ৭২ হাজাৰ টকা পাব

 

English Summary: Urohi kheti in Assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.