1. News

৯ মাহৰ যুদ্ধত কিমান সেনা হেৰুৱালে ইউক্ৰেইন আৰু ৰাছিয়াই

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Ukraine war: Zelensky aide reveals up to 13,000 war dead
Ukraine war: Zelensky aide reveals up to 13,000 war dead

ন মাহ অতিক্ৰম কৰিলে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই। প্ৰতিটো দিনেই দুয়োখন জোৱানৰ আক্ৰমণ-প্ৰতি আক্ৰমণত নিহত হৈছে শ শ সেনা। মাতৃভূমিক বিদেশীৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ বদ্ধপৰিকৰ ইউক্ৰেইনৰ সেনা। জীৱনক মৰণত শৰণ দি  দেশৰ স্বাৰ্থত প্ৰতিদিনে ৰাছিয়াৰ দৰে শক্তিশালী এখন দেশৰ লগত যুঁজ দি গৈছে ইউক্ৰেইনৰ সেনাই। আনফালে ৰাচিয়াই নিজৰ আত্মসন্মান ৰক্ষা কৰিবলৈ প্ৰতিদিনে চলাই গৈছে আক্ৰমণৰ উপৰি আক্ৰমণ। এইদৰেই আক্ৰমণ কৰিবলৈ গৈ ইউক্ৰেইন সেনাৰ হাততো প্ৰাণ ৰাছিয়াৰ হাজাৰ হাজাৰ সেনাই।

ন মাহ অতিক্ৰম কৰা ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ কেতিয়া অন্ত পৰিব! এই প্ৰশ্ন এতিয়া বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰৰ বাবেই এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে। ৰাছিয়াক যুদ্ধ বন্ধ কৰাৰ ৰাষ্ট্ৰসংঘৰ লগতে ৰাছিয়াৰ বন্ধু ৰাষ্ট্ৰসমূহেও পৰামৰ্শ আগবঢ়াই আহিছে। কিন্তু কাৰো পৰামৰ্শলৈ গুৰুত্ব আৰোপ নকৰি নিজৰ স্থিতিত বৰ্তমানেও অটল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমি পুটিন। আনফালে দেহৰ শেষ বিন্দু তেজ থকালৈকে আত্মসমৰ্পন নকৰাৰ হুংকাৰ জেলেনস্কিৰ।

লগতে পঢ়ক- 

বিশ্বখ্যাত লয়ড কোম্পানীৰ মুখ্য কাৰ্যবাহী পদত যোৰহাটৰ এজন অসমীয়া যুৱক

ফলত  বিগত ন মাহৰ এই যুদ্ধত নিহত হৈছে দুয়োখন দেশৰ লক্ষাধিক সেনা। লক্ষাধিক ৰুছ সেনাৰ নিহত হোৱাৰ বিপৰীতে বৰ্তমানলৈ ১৩ হাজাৰ ইউক্ৰেইনী সেনা নিহত হোৱা বুলি দাবী কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেস্কীৰ নিৰাপত্তা উপদেষ্টা মিখাইলো পুডলিয়াকে। লগতে তেওঁ জনায় যে যুদ্ধ শেষ হ’লেই ইউক্ৰেইনী সৈন্যবাহিনীৰ ক্ষয়ক্ষতিৰ সম্পূৰ্ণ হিচাপ দিয়া হ'ব বুলিও সংবাদ মাধ্যমক জনাইছে নিৰাপত্তা উপদেষ্টাগৰাকীয়ে। কিন্তু ৰাছিয়াই ইউক্ৰেইনৰ এই পৰিসংখ্যাক সম্পূৰ্ণ নস্যাত কৰিছে।

উল্লেখ্য যে যুদ্ধত কেৱল সেনাই নহয় সাধাৰণ অসংখ্য সাধাৰণ জনতায়ো প্ৰাণ হেৰুৱাইছে। বিস্তৰ ক্ষয়ক্ষতি হৈছে। ঘৰ-বাৰী হেৰুৱাইছে। স্কুল-কলেজ, খেতি-পথাৰ, চিকিতসালয় আদি অত্যাধুনিক অস্ত্ৰৰ আঘাতত মিনিটতে ধ্বংশস্তুপত পৰিণত হৈছে।

লগতে পঢ়ক- 

'পদ্মভূষণ' বঁটাৰে সন্মানিত Googleৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইক

English Summary: Ukraine war: Zelensky aide reveals up to 13,000 war dead

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.