Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 20 September, 2022 2:30 PM IST
Two MoUs signed by the state government

ৰাজ্যৰ উদ্যোগ খণ্ডক দ্ৰুত গতিত আগুৱাই নিয়াৰ লক্ষ্যেৰে ৰাজ্য চৰকাৰৰ পদক্ষেপ। সেই উদ্দশ্য সোমবাৰে অসম চৰকাৰে সূক্ষ্ম, লঘু আৰু মধ্যম উদ্যোগখণ্ডৰ দ্ৰুত ঔদ্যোগীকৰণ আৰু পুনৰগঠনৰ বাবে দুখনকৈ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে । গুৱাহাটীৰ প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।

ৰাজ্য চৰকাৰে এই সন্দৰ্ভত অসম ক্ৰেডিট নিশ্চিতি আঁচনিৰ বাবে অসম চৰকাৰে ক্ৰেডিট গ্যেৰাণ্টী ফাণ্ড ট্ৰাষ্ট ফৰ মাইক্ৰ' এণ্ড স্মল এণ্টাৰপ্ৰাইজ আৰু অসম ষ্টার্টআপ ভেঞ্চাৰ ফাণ্ডৰ বাবে ছিডবি ভেঞ্চাৰ কেপিটেল লিমিটেডৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে ।

এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ছিডবি ভেঞ্চাৰ কেপিটেল ফাণ্ডৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ২০০ কোটি টকা । এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে ১০০ কোটি টকা, ছিডবিয়ে ৫০ কোটি টকা আৰু অন্যান্যসকলে ৫০ কোটি টকা আগবঢ়াব । অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে অসম লজিষ্টিকছ আৰু ৱেৰ হাউছিং পলিচী ২০২২ মুকলি কৰে ।

অসম লজিষ্টিকছ আৰু ৱেৰ হাউছিং পলিচী ২০২২ মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে লজিষ্টিকছ আৰু ৱেৰ হাউছিং পলিচী হৈছে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ গতি ত্বৰান্বিত কৰি অসমক আঞ্চলিক লজিষ্টিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে লোৱা এক পদক্ষেপ । অনুষ্ঠানত মন্ত্রী বিমল বড়া, ছিডবিৰ মুখ্য পৰিচালন সঞ্চালক এছ ৰমন আৰু অন্যান্য ব্যক্তিসকল উপস্থিত থাকে ।

লগতে পঢ়ক- শোণিতপুৰৰ ন বিলত ৪০০ মহিলাৰ সেউজ বিপ্লৱৰ সুচনা

English Summary: Two MoUs signed by the state government
Published on: 20 September 2022, 02:30 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now