1. News

আপুনি নকল কণী খাই আছে নেকি? নকল কণীৰ প্ৰকৃত সত্য জানক

Mrigakshi Phukan
Mrigakshi Phukan
Eggs
Eggs

আপুনি খাই থকা কণীত কিবা ভেজাল আছে নেকি? আপুনি খোৱা কণী আচল নে নকল? বজাৰত সঁচাকৈ প্লাষ্টিকৰ কণী ওলাইছে নেকি? নকল কণী সন্দৰ্ভত শেহতীয়া বহু খবৰ হয়তো আপোনাৰো কাণত পৰিছে। কিন্তু নকল কণী সঁচাকৈ আছে নে? কণী আচল নে নকল পৰীক্ষা কৰাৰ এশ এটা কিটিপৰ বিযয়েও আপুনি হয়তো পঢ়িছে, য’ত কোৱা হয় এনে ধৰণে নকল কণী ধৰা পেলাবলৈ-

  • কৃত্ৰিম কণীবোৰ অতি বেছি থুনুকা। অকমান হেঁচা পৰিলেই ভাঙি যায়।
  • এনে কণী সিঁজালে কুহুমটো বিৱৰ্ণ হৈ পৰে।
  • প্ৰকৃত কণী ভাঙিলে কুহুমটো এঠাইতে থাকে কিন্তু কৃত্ৰিম কণীৰ কুহুম বিয়পি পৰে। বেছিভাগ কণীৰেই কুহুমটো ঘোলা কণীৰ দৰে বিয়পি পৰে।
  • কৃত্ৰিম কণীৰ আকাৰ প্ৰকৃত কণীৰ তুলনাত কিছু ডাঙৰ জোখৰ হয়।
  • কৃত্ৰিম কণীৰ বাকলি অতি মিহি হয়। বাকলিৰ ওপৰত অতি ক্ষুদ্ৰ ফুটফুটীয়া দাগ দেখা যায়।
  • এনে কণী ৰন্ধাৰ সময়ত বেয়া গোন্ধ ওলাব পাৰে। অথবা একেবাৰেই গোন্ধহীন হ’ব পাৰে। আচল কণীৰ কুহুমৰ কোনো গোন্ধ নাথাকে।
  • কৃত্ৰিম কণীবোৰ যদি আপুনি যিকোনো তীব্ৰ গোন্ধযুক্ত সামগ্ৰীৰ লগত থয়, তেন্তে সেই গোন্ধ কণীৰ ভিতৰলৈ সোমায় যায়। ৰন্ধাৰ পিছতো কণীৰ পৰা সেই গোন্ধ পোৱা যাব।
  • নকল কণীৰ আৰু এটা উল্লেখ্যযোগ্য লক্ষণ হ’ল এই কণীৰে ৰন্ধা খাদ্যত কণীটোৱে নুজৰ কাৰ্য্য নকৰে। উদাহৰণস্বৰূপে, যদিহে বাইণ্ডাৰ হিচাপে পুডিং বা কাবাবত এনে কণী মিহলোৱা যায় তেন্তে ৰন্ধাৰ পিছত দেখা যাব যে কাবাব ভাঙি যায় বা পুডিং গোট মাৰি নাথাকে।
  • কৃত্ৰিম কণীৰ আকৃতি সঁচা কণীতকৈ তুলনামূলকভাৱে দীঘলীয়া হয়।
  • কৃত্ৰিম কণীৰ কুহুমৰ চাৰিওফালে ৰাসায়নিক পদাৰ্থৰ এখন আৱৰণ থাকে। কেঁচা কণীৰ কুহুম অক্ষত অৱস্থাত থাকিলেও বা সিজোৱাৰ পিছত ইয়াৰ কুহুমটো সহজতে ভাঙিব পৰা নাযায়।

বিভিন্ন বিশ্বাসযোগ্য ৱেবছাইটত এনে বিধান আপুনি পঢ়িবলৈ পাব। পিছে সঁচা কথাটো হৈছে বজাৰত কোনো নকল কণী ওলোৱাই নাই। FSSAI য়ে এই সন্দৰ্ভত ইতিমধ্যে এইদৰে স্পষ্টীকৰণ প্ৰকাশ কৰিছে-

‘গোটাকৈ এটা সম্পূৰ্ণ কণী প্ৰস্তুত কৰিবলৈ কোনো প্ৰযুক্তি বা ৰাসায়নিক পদাৰ্থ এতিয়ালৈকে উপলব্ধ নহয়। লগতে ই অৰ্থনৈতিকভাৱেও লাভজনক প্ৰক্ৰিয়া নহয় কিয়নো সাধাৰণ কণী প্ৰচুৰ পৰিমাণে আৰু সুলভ মূল্যত উপলব্ধ।

কণীৰ চোকোৰাৰ ডাঠ আৱৰণে কণীবোৰৰ সতেজতা সূচায়। যেতিয়া কণীটো সতেজ হয়, দুটা আৱৰণ (বাহিৰ আৰু ভিতৰৰ স্তৰ) পৃথক কৰিবলৈ বাষ্পীভৱনৰ বাবে পৰ্যাপ্ত সময় নাথাকে যাৰ ফলত ইটোৰ লগত সিটো লাগি থাকে। ইয়ে বাকলি গুচোৱাৰ সময়ত কণীটো ডাঠ আৰু শক্তিশালী কৰে। লগতে, কণীবোৰৰ ভিতৰৰ খোলাৰ আৱৰণ ১৫ দিনতকৈ পুৰণি হ'লে কণীটো কঠিন আৰু স্থিতিস্থাপক হ'ব পাৰে, যি হৈছে এক প্ৰাকৃতিক বয়সীকৰণ প্ৰক্ৰিয়া। কণীবোৰ ইটোতকৈ সিটো পৃথক হোৱাৰ কাৰণ হৈছে খাদ্যৰ মান, চৰাইৰ প্ৰজাতি, কণীৰ বয়স বৃদ্ধি আৰু কণী ৰখাৰ পাৰ্থক্য।‘

কণীৰ বয়স বঢ়াৰ লগে লগে কণীৰ বগা অংশই ইয়াৰ গাঢ়তা সলনি কৰে, পাতল হয় আৰু পানী ওলায় আৰু শেষত কণীৰ কুহুম আৰু বগা অংশ ইটো সিটোৰ মাজত দ্ৰৱীভূত হয়। স্বাভাৱিকতে সেয়া মিশ্ৰণটোত উষ্ণতাৰ অপব্যৱহাৰৰ দ্বাৰা হয়, কণী কৃত্ৰিমভাৱে তৈয়াৰ কৰাৰ বাবে নহয়।

লগতে পঢ়কঃ বহু কৃষকে সফলতা লাভ কৰিছে এই আঁচনিসমূহৰ সুবিধা লাভ কৰি

English Summary: Truth behind plastic eggs

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.