1. News

নাগালেণ্ডক ‘ভাৰতৰ ফল-মূলৰ প্ৰাণকেন্দ্ৰ’ কৰাৰ লক্ষ্য ‘ট্ৰীজ ফৰ ৱেলথ’ৰ

KJ Staff
KJ Staff
TREES FOR WEALTHৰ বিষয়ববীয়া অব্যাহত ৰাখিছে কাম-কাজ
TREES FOR WEALTHৰ বিষয়ববীয়া অব্যাহত ৰাখিছে কাম-কাজ

নাগালেণ্ডৰ বেচৰকাৰী সংস্থা ‘ট্ৰীজ ফৰ ৱেলথ’ৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। ‘ট্ৰীজ ফৰ ৱেলথ’-এ ৰাজ্যখনৰ ২০০খন গাঁৱক  সামৰি এক কাৰ্যপন্থা গ্ৰহণ কৰিছে। প্ৰতিষ্ঠানটোৱে ২০২৫ৰ ভিতৰত ২ নিযুত ফল গছৰ পুলি ৰোপণ সংকল্প লৈছে। লগতে ১০,০০০ কৃষকৰ সবলীকৰণেৰে নাগালেণ্ডক ‘ভাৰতৰ ফল-মূলৰ প্ৰাণকেন্দ্ৰ’ হিচাপে গঢ়ি তোলাৰ এক অভিলাষী অভিযানৰ পৰিকল্পনা কৰিছে৷

২০১৯ চনত দ্য আনট্ৰপ্ৰ’নৰ এছ’চিয়েটছে এই অভিযানৰ আৰম্ভণি কৰিছিল৷ সংস্থাটোৰ উদ্দেশ্য হ’ল- সমৃদ্ধিশালী জৈৱ-চিত্ৰৰে পূৰ্ণ উত্তৰ-পূবৰ ৰাজ্যসমূহে যাতে ফল গছৰ পুলি ৰোপণৰ জৰিয়তে তেওঁলোকৰ ৰাজহ বৃদ্ধি কৰিব পাৰে৷

সেই উদ্দশ্য উদ্দেশ্যেৰে ‘ট্ৰীজ ফৰ ৱেলথ’-এ ‘মাইক্ৰ’ বাই ৱান, ভলিউম বাই মাচ’ নামৰ এই আৰ্হিটো উদ্ভাৱন কৰিছিল৷ ইয়াৰ জৰিয়তে যদি ১ নিযুত কৃষকে প্ৰত্যেকে ১০০জোপাকৈ ফল গছৰ পুলি ৰোপণ কৰে তেন্তে মুঠ ১০ কোটি ফল গছৰ ৰোপন হ’ব৷ যদি এই ৰোপন কৰা গছৰ পৰা উপাৰ্জিত ধনেৰে কৃষকসকলে গড়ে ১০০০জোপা ফল গছৰ পুলি ৰোপণ কৰে, তেনেহ’লে ইয়াৰ জৰিয়তে ১ নিযুত কৃষকে ১ বিলিয়ন পুলি ৰোপণ কৰিব পাৰে৷

TREES FOR WEALTH
TREES FOR WEALTH

এই পদক্ষেপে উত্তৰ- পূৰ্বাঞ্চলৰ বাবে ১ ট্ৰিলিয়ন টকাৰ থলুৱা অৰ্থনীতি গঢ় দিয়াৰ লগতে এজোপা গছৰ পৰা প্ৰতি বছৰে ১০০০ টকাকৈ উপাৰ্জন কৰাৰ বাট মুকলি কৰিব৷ এতিয়া উদ্দেশ্যক আগত ৰাখিয়েই নাগালেণ্ডৰ ‘ট্ৰীজ ফৰ ৱেলথ’-এ ব্যাপকৰূপত নিজৰ কাম আগবঢ়াই নিছে। উল্লেখ্য যে এই আদৰ্শক অসমেও চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ আৰ্হি অনুসৰণ কৰিব পাৰে৷

লগতে পঢ়ক- বানাক্ৰান্ত পথাৰত কৰিব পৰা ৰবিশস্য

English Summary: TREES FOR WEALTH OF NAGALAND

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.