আজি অসমীয়াৰ আপোন উৎসৱ কাতি বিহু। কৃষি প্ৰধান অসমীয়া সমাজখনৰ গভীৰলৈকে শিপাই আছে কাতি বিহুৰ লোকাচাৰ। বিহু মানেই অসমীয়াৰ নিভাঁজ জাতীয় জীৱনৰ প্ৰতিচ্ছবি। ভোগালী, ৰঙালী বা কঙালী কোনোটোৱে ইয়াৰ ব্যতিক্ৰম নহয়। কাতি বা কঙালী বিহুক বহুতেই নিঃস্ব কৃষকৰ অসহায় সময়ৰ প্ৰতিফলন বুলি ক’ব খোজে। পিছে এই কথা শতকৰাই শুদ্ধ বুলিব নোৱাৰি। কাৰণ জেঠ, আহাৰ আৰু শাওন মাহত কঠোৰ পৰিশ্ৰম কৰি ভূঁই ৰুই শেষ হোৱাৰ পাছত কৃষকে পুনৰ ভঁৰাল উপচি পৰা দিনবোৰলৈ আশাৰে অপেক্ষা কৰে। সততে কোৱাৰ দৰে কেৱল নিৰাশাই আগুৰি নাথাকে কাতি বিহুক।
ই কৃষকৰ মনত ৰুই দিয়ে সোণগুটিৰ সপোন। লগতে এইখিনি সময় কৃষকৰ বাবে অধিক সজাগ হৈ থকাৰ দিন, কিয়নো পোক-পৰুৱা, চৰাই-চিৰিকটি আদিয়ে যাতে নতুনকৈ ফুল ধৰা ধাননিডৰাৰ অনিষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি বিশেষভাৱে ধ্যান দিব লাগে। কাতি বিহুৰ লোকাচাৰৰ বিষয়ে লোক সংস্কৃতিৰ সঁফুৰা নামৰ গ্ৰন্থখনত লেখক সতীশ চুতীয়াই এইদৰে বৰ্ণনা কৰিছে- ‘কাতি বিহু উপলক্ষে প্ৰতিঘৰ অসমীয়াই ঘৰ–দুৱাৰ, আলি–পদূলি, পৰিষ্কাৰ–পৰিচ্ছন্ন কৰে। ঘৰৰ চৌপাশ চিকুণাই সুন্দৰ কৰি থয়। লোক–বিশ্বাস মতে কাতি বিহুৰ দিনা ঘৰ–দুৱাৰ, চোতাল–পদূলি চাফা হৈ থাকিলেহে শস্যৰ প্ৰতীক লক্ষ্মীদেৱীৰ গৃহস্থৰ ঘৰলৈ আগমন ঘটে। আহিনৰ শেষ দিনটোত প্ৰতিজন কৃষকেই নিজৰ নিজৰ কামত ব্যস্ত হয়। চোতালৰ আগৰ ভঁৰালৰ কাষত নতুন ৰঙা মাটিৰে ঢিপ তুলি তুলসী-ভেটি স্থাপন কৰে। এটি সুন্দৰ তুলসী পুলি ৰুই মচি–কাচি নিকা কৰি থয়। কোনো কোনোৱে তুলসী–ভেটিৰ চাৰিও ফালে চাৰিটা কলৰ পুলিও ৰোৱে। সন্ধিয়া এই তুলসী তলৰ উপৰি গোঁসাই ঘৰ, ভঁৰাল ঘৰ, ধাননি-পথাৰ, ঢেঁকীশাল, গোহালি, পঢ়া কোঠা, হাঁহ–ছাগলীৰ গৰালৰ সন্মুখত মাটিৰ চাকি জ্বলোৱা হয়। চাকি জ্বলোৱাৰ উদ্দেশ্যে দিনৰ ভাগতে মাটিৰ চাকি আৰু শলিতা যোগাৰ কৰি থয়। আমাৰ গাঁও অঞ্চলত মাটিৰ চাকিৰ সলনি অমিতা ফালি বা ঔটেঙাৰ বকলা ব্যৱহাৰ কৰে।
আবেলি পথাৰ খন চাই অহাৰ নিয়ম। নহ’লে লখিমীয়ে গিৰিহঁত নাই বুলি ভাবে। আৰু তেনে ব্যক্তিৰ ঘৰলৈ লখিমীৰ আগমন নহয়। ফলত তেনে লোকৰ ঘৰত আকাল হয়, দুখ – কষ্ট হয়। সেয়ে ঘৰৰ মূল মহিলা গৰাকীয়ে হাতত কাঁচি লৈ ধান চাবলৈ যায়। তিনি খন থুৰিয়া তামোল আগলি কলপাতত আগ বঢ়াই ধাননি – পথাৰত আয়ে সেৱা লয়, আই লখিমীক গৃহলৈ আমন্ত্ৰণ জনায়। অজ্ঞাতে অকা দোষ – ক্ৰুটিৰ মাৰ্জনা বিচাৰে।
সন্ধিয়া হোৱাৰ লগে লগে আৰম্ভ হয় বন্তি – প্ৰজ্বলন। পথাৰত ওখকৈ বাঁহৰ জোঁজ পুতি মাটিৰ চাকি জ্বলাই শস্যৰ মংগল কামনা কৰে। ভঁৰাল ঘৰত এটা দুনৰিত কেঁচা পিঠাগুৰি, কল, থুৰিয়া তামোল, এঘটি পানীসহ মাটিৰ চাকি জ্বলাই লখিমী আইলৈ বুলি উচৰ্গা কৰে। লক্ষী দেৱীৰ সন্তুষ্টিৰ বাবেই এনেদৰে কৃষকে এই নিয়ম পালন কৰে। একেদৰে লখিমী অহাৰ পথ পোহৰাই তুলিবৰ বাবেই আগতে উল্লেখ কৰা মতে পদূলি মুখ, দুৱাৰ মুখ, ঢেকী শাল, গোঁসাই ঘৰ আদিত মাটিৰ চাকি জ্বলোৱা হয়। আই সৰস্বতীয়ে লগ দিয়ক বুলি পঢ়া কোঠাৰ ভিতৰতো মাটিৰ প্ৰদীপ জ্বলোৱা হয়। সেই দিনা ৰান্ধনী ঘৰো পৰিষ্কাৰ কৰি লখিমী অহাৰ বাট সুগম কৰি ৰখা হয়।
সেই দিনা খেতিয়কে চৰু – কেৰাহী, কলহ – ঘটি উদং হৈ থাকিলে লখিমী অসন্তষ্ট হয় আৰু তেনে লোকৰ কেতিয়াও দুখ নুগুচে। এই কাতি বিহুৰ সন্ধিয়া পথাৰত খেতিয়কে আকাশ বন্তি জ্বলায়। আকাশ বন্তিৰ পোহৰত হেনো আমাৰ উপৰিপুৰুষৰ আত্মা সৰগলৈ যাত্ৰা কৰে। সুখ আৰু শান্তিত আত্মাই দিন কটায়। আনহাতে এই পবিত্ৰ সন্ধিয়া শ্মশানতো মাটিৰ চাকি জ্বলাই গৃহস্থই মৃতকৰ পৰা আশীৰ্বাদ বিচাৰে।‘
লগতে পঢ়কঃ কাইলৈ কাতি বিহুঃ কৃষক ৰাইজৰ ঘৰে ঘৰে লখিমীক আদৰাৰ প্ৰস্তুতি