
স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষ উপলক্ষে দেশজুৰি উদযাপন হ'বলগীয়া ‘হৰ ঘৰ তিৰংগা’ অর্থাৎ ‘ঘৰে ঘৰে জাতীয় পতাকা' কাৰ্যসূচীৰ অংশস্বৰূপে অসমত বৰ্তমানলৈ ১৬.০৭ কোটি টকা মূল্যৰ জাতীয় পতাকা বিক্ৰী হৈছে। ৰাজ্যখনত অসম ৰাজ্যিক গ্রামীণ জীৱিকা মিছনৰ অধীনস্থ আত্মসহায়ক গোটসমূহে আজিলৈকে মুঠ ৩৫ লাখ ৯৫ হাজাৰ ১৬৭খন জাতীয় পতাকা প্রস্তুত কৰি উলিয়াইছে।
ইয়াৰে ৩২ লাখ ৫৮ হাজাৰ ১৩৪ খন জাতীয় পতাকা ইতিমধ্যে বিক্ৰী হৈছে আৰু ইয়াৰ পৰা মুঠ ১২.৪৭ কোটি টকা আয় হৈছে।
গোটসমূহে স্থানীয়ভাৱে প্ৰস্তুত কৰি উলিওৱা জাতীয় পতাকাৰ বাহিৰেও ৰাজ্য চৰকাৰে কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ক আন ৫০ লাখ জাতীয় পতাকা বিচাৰি আবেদন জনাইছিল।

ইতিমধ্যে ইয়াৰে ৩৯.২৬ লাখ জাতীয় পতাকা অসম পাইছেহি। এই জাতীয় পতাকাসমূহ ৰাজ্য চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে ৰাজ্যখনৰ ৩৪, হাজাৰখন সুলভ মূল্যৰ দোকানৰ জৰিয়তে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীসকলক সুলভ মূল্যত বিক্ৰীৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। এনেদৰে প্ৰতিখন পতাকা ১৮ টকা দৰত উপলব্ধ কৰা হৈছে আৰু আজিপর্যন্ত প্রায় ২০ লাখ জাতীয় পতাকা বিক্ৰী হৈছে যাৰ মূল্য প্ৰায় ৩.৬০ কোটি।
লগতে পঢ়ক-গছ ৰোপণ কৰি ভাল পোৱা বৃক্ষ মানৱ ৰূপে পৰিচিত গহপুৰৰ বকুল গগৈ!
Share your comments