1. News

শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰত দক্ষতা বিকাশ প্ৰশিক্ষণ

KJ Staff
KJ Staff

অসম কৃষি বিশ্ববিদ্যালয় অধীনত থকা অগ্নিগড় কৃষি উৎপাদক গোট আৰু নামেৰী কৃষি উৎপাদক গোটৰ দক্ষতা বিকাশৰ বাবে শোণিতপুৰ জিলাৰ নপাম স্থিত কৃষি বিজ্ঞান কেন্দ্ৰত তিনিদিনীয়াকৈ আয়োজন কৰা দক্ষতা বিকাশ প্ৰশিক্ষণ অনুষ্ঠানৰ সফল সামৰণি পৰে ।

কেন্দ্ৰটোৰ মুৰব্বী বিষয়া  অংগনা শৰ্মাই আঁত ধৰা প্ৰশিক্ষণ কাৰ্যসূচীত জিলাখনৰ কেইবাগৰাকী সমল ব্যক্তিয়ে অংশ গ্ৰহণ কৰে । কৃষক গোট সমূহৰ দক্ষতা বৃদ্ধিৰ বাবে লিচু আৰু মাকৈ খেতিৰ উন্নত কৃষি প্ৰণালীৰ সম্পৰ্কত আলোচনা কৰাৰ লগতে উৎপাদিত কৃষি সামগ্ৰীৰ বিপণন, সংসাধন আৰু মূল্য সংযোজনৰ ওপৰত আলোকপাত কৰা হয় ।

 অনুষ্ঠানত উপস্থিত থাকে শোণিতপুৰ জিলা উপায়ুক্ত  দেৱ কুমাৰ মিশ্ৰৰ লগতে চক্ৰ বিষয়া পংকজ বৰা ,জিলা কৃষি বিষয়া দিলিপ গায়ন ,সহকাৰী কৃষি বিষয়া প্ৰান্জল শৰ্মা ,ডিডিএম নাৰ্বাড প্ৰীতম নাথ, পি আই ইউ কামৰূপৰ মুখ্য কাৰ্যবাহী বিষয়া ডক্তৰ প্ৰমোদ চন্দ্ৰ ডেকা আৰু সমন্বয়ক ডক্তৰ পল্লব শৰ্মা ।

প্ৰশিক্ষণত অংশগ্ৰহণ কৰা দুয়োটা এফ পি চি ৰ ৫০ গৰাকীকৈ কৃষকক প্ৰদান কৰা হয় মানপত্ৰ । অনুষ্ঠানতে জিলা উপায়ুক্ত  দেৱ কুমাৰ মিশ্ৰই আজাদি কা মহোৎসৱৰ অংশ  "হৰ ঘৰ তিৰংগা শীৰ্ষক কাৰ্যসূচীৰ সফল ৰূপায়নৰ বাবে আহ্বান জনায় শোণিতপুৰ জিলাবাসীক।

লগতে পঢ়ক- অসমত ৩৩ লাখ টকাৰ জাতীয় পতাকা বিক্ৰী

English Summary: Skill Development Training at Sonitpur Agricultural Science Center

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.