1. News

আপুনি থাইলেণ্ড বগৰী, ষ্ট্ৰ’বেৰী, ভোট জলকীয়া কৰিব বিচাৰে নেকি!

PANKAJ KHANIKAR
PANKAJ KHANIKAR

দুৰ্যোগবিলাকে কেতিয়াবা সুযোগো কঢ়িয়াই আনে। এই কথাষাৰৰ সত্যতা দেখিবলৈ পোৱা গ’ল ঢকুৱাখনাৰ বুলবুল দত্তৰ ক্ষেত্ৰত। কভিডৰ সময়ত কৰ্মহীন হৈ খেতিত ধৰিছিল বুলবুলে। বৰ্তমান অঞ্চলটোৰ অঞ্চলটোৰ এজন নামজ্বলা খেতিয়ক।  খেতি কৰাৰ লগতে বিভিন্ন শাক পাচলিৰ খেতি কৰি আৰ্থিকভাবে সৱল হ’বলৈ সক্ষম হোৱা বুলবুল কৃষিক্ষেত্ৰত আগ্ৰহীসকলৰ বাবে আদৰ্শ স্বৰূপ৷

২০২০ চনৰে পৰা খেতিৰ লগত জড়িত হৈ আহিছে বুলবুল দত্তই। গতানুগতিকভাৱে খেতি কৰাৰ সলনি বুলবুলে অসমত যিবিলাক শস্যৰ খেতি নাই কিন্তু অসমৰ জলবায়ু কিন্তু সেইবিলাক খেতিৰ উপযোগী। সেই শস্যৰ খেতিসমূহ বুলবুলে নিজৰ কৃষি পথাৰত কৰাৰ চেষ্টা চলাই আছে বুলি জানিবলৈ দিয়ে। অবতৰতো গ্ৰীণহাউচৰ ভিতৰত বিলাহী, ধনীয়াৰ লগতে অন্যান্য শীতকালীন শস্যৰ খেতি পৰীক্ষামূলকভাৱে কৰি সুফল লাভ কৰিছে। ধনীয়া খেতি কৰিবলৈ বুলবুলে গ্ৰীণ হাউচৰ ভিতৰতে দুফুট ওপৰত চাংপাতি ধনীয়া খেতি কৰি বতৰত বজাৰত উলিয়াই ১০ হাজাৰ টকা উপাৰ্জন কৰিছিল।

লগতে পঢ়ক- 

ৰাজ্যত ৯৫ শতাংশ ৰাজ সাহায্যত ১২৮ স্থানত স্থাপন কৰিব কৃষি যন্ত্রপাতি বেংক

তেওঁ ভোটজলকীয়া খেতি সন্দৰ্ভত কয় যে ভোট জলকীয়া খেতি কৰি অসমৰ কৃষকসকল যথেষ্ট লাভৱান হোৱাৰ স্থল আছে। কাৰণ অসমৰ ভোট জলকীয়া খেতি অন্য কতো নহয়। গতিকে ইয়াৰ চাহিদা অধিক। অসমৰ কৃষকসকলে একঠা মাটিত ১০০ টা জলকীয়া ৰুই সহজে বহু টকা উপাৰ্জন কৰিব পাৰে বুলি কয় উদ্যমী কৃষকগৰাকীয়ে। লগতে জানিবলৈ দিয়ে যে আগ্ৰহী কৃষকসকলে ভোট জলকীয়া পুলি ক্ৰয় কৰিবলৈ তেওঁৰ লগত যোগাযোগ কৰিব পাৰে। তদুপৰি তেওঁ জানিবলৈ দিয়ে যে ভোট জলকীয়া গুটি ডিছপ’জেল ঘৰতে পুলি প্ৰস্তুত কৰিব পাৰে।

এইবোৰৰ সমান্তৰালভাৱে বুলবুল দত্তই ষ্ট্ৰবেৰী খেতি কৰে। ৪ বছৰ ধৰি তেওঁ ষ্ট্ৰবেৰী খেতি কৰি আছে। তেওঁ থাইলেণ্ড বগৰীৰ খেতি কৰিছে। ৩ বছৰ হল তেওঁ ঠাইলেণ্ড বগৰীৰ খেতি কৰা। তেওঁ নিৱনুৱা যুৱক-যুৱতী উদ্দেশ্যি কয়- চাকৰি পোৱাসকলে চাকৰি কৰক। চাকৰি নোপোৱাসকলে কৃষিৰে স্বাৱলম্বী হওঁক। খেতি কৰিও এক স্বচ্ছল জীৱন যাপন কৰিব পাৰে। তেওঁ জানিবলৈ দিয়ে যে তেওঁক ৰাজ্যৰ কৃষি বিভাগে কৃষিক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ যথেষ্ট প্ৰেৰণা দিছে।

লগতে পঢ়ক- 

অসমত কমলা খেতি কৰি কেনেকৈ লাভান্বিত হ’ব?

English Summary: Thailand pulm, stroberry cultivation

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.