1. News

গাহৰি পালকৰ ভৱিষ্যত সন্দৰ্ভত কি ক’লে মন্ত্ৰী অতুল বৰাই !

PANKAJ KHANIKAR
PANKAJ KHANIKAR

ৰাজ্যত অব্যাহত ছোৱাইন ফিভাৰৰ ভয়াৱহ সমক্ৰণ। অঞ্চলভেদে এই ৰোগে কালৰূপ ধাৰণ কৰিছে ৰাজ্যত। ইয়াৰ লগে লগে ৰাজ্যৰ গাহৰি পালকসকল অৱস্থা পানীত হাঁহ নচৰা হৈছে। একেই অৱস্থা গাহৰি কটা বৃত্তিৰ লগত জড়িত ব্যক্তিসকলৰ। কাৰণ ছোৱাই ফ্লুৰ সংক্ৰমণ প্ৰতি লক্ষ্য ৰাখি বন্ধ কৰি দিয়া গাহৰি মাংসৰ বিক্ৰিও।

ইফালে ছোৱাইন ফ্লুৰ ৰোগক লৈ চিন্তিত ৰাজ্য চৰকাৰ আৰু কেতবোৰ পৰিকল্পনা বিষয়েও সংবাদমেলযোগে জানিবলৈ দিয়ে কৃষি তথা ৰাজ্য পশুপালন বিভাগৰ মন্ত্ৰী অতল বৰাই। তেওঁ কয় যে, এই ৰোগ সংক্ৰমণ ৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই ৰোগ ৰুধ কৰাৰ ক্ষেত্ৰত সংক্ৰমিত গাহৰি পুতি থোৱাৰ বাহিৰে বেলেগ উপায় নাই। চৰকাৰৰ এছ অপি অনুসৰি যাৰ গাহৰিৰ দেহত এই ৰোগ পজিটিভ পোৱা হব সেই গাহৰি পুতি থোৱা হব আৰু ১০ দিনৰ ভিতৰত পুতি থলে গাহৰি পালকক চৰকাৰে সাহায্য প্ৰদান কৰিব।

এছ অ’ পি অনুসৰি গাহৰি পালকক ক্ষতিপূৰণ হিচাপে ১৫ কিলোগ্ৰাম পৰ্যন্ত গাহৰিৰ বিনিময়ত ২,২০০ টকা, ১৫ কেজিৰ পৰা ৪০ কেজি পৰ্যন্ত গাহৰিৰ বিনিময়ত ৫,৮০০ টকা, প্ৰাপ্তবয়স্ক প্ৰজননক্ষম ৪০ ৰ পৰা ৭০ কেজি ওজনৰ গাহৰিৰ বিনিময়ত ৮,৪০০ টকা, ৭০ ৰ পৰা ১০০ কেজি ওজনৰ গাহৰিৰ বিনিময়ত ১,২০০০ আৰু ১০০ কেজিৰো অধিক প্ৰজননক্ষম ওজনৰ গাহৰিৰ বিনিময়ত ১৫,০০০ টকাকৈ প্ৰদান কৰা হ’ব।

ইয়াৰ উপৰিও বিনষ্ট কৰা দানাৰ বাবে প্ৰতি কেজিত ২২ টকাকৈ দিয়াকৈ ব্যৱস্থা কৰিছে। উল্লেখ্য যে আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ বাবেই গাহৰি মাংসৰ বিক্ৰী বন্ধ কৰা হৈছে। গঠন কৰা হৈছে ৪২৭ টা ৰেপিড ৰেচপনছ টিম। চৰকাৰে গাহৰি ব্যৱসায় পুনৰুজ্জীৱিত কৰিবলৈ বিশেষ আঁচনিও গ্ৰহণৰ সিদ্ধান্ত লৈছে।

লগতে পঢ়ক-জিকা খেতি, বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ!

English Summary: SWINE FLU ON ATUL BORAH

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.