1. News

Swine flu : ঢকুৱাখনাৰ মাতমৰা পঞ্চায়তত ছোৱাইন ফ্লুৰ ভয়াৱহ ৰূপ!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Swine flu in Matmara
Swine flu in Matmara

পুনৰ ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ছোৱাইন ফ্লুৱে। খুৱ কম সময়তে তীব্ৰগতিত ইখন জিলাৰ পৰা সিখন জিলালৈ বিয়পিছে ছোৱাইন ফ্লু। ঢকুৱাখনাৰ মাতমৰা পঞ্চায়ত ছোৱাইন ফ্লুৱে সৃষ্টি কৰিছে আতংক। বৰ্তমানলৈ পঞ্চায়য়টোত ১৮ টা গাহৰিৰ নিধন কৰিছে ঢকুৱাখনা মহকুমা প্ৰশাসনৰ লগতে পশু চিকিৎসা বিভাগে।

লখিমপুৰ জিলাৰ পশুপালন বিষয়া ডাঃ ছত্রপতি গয়াৰী,ডাঃ চন্দন গগৈ আৰু ঢকুৱাখনা ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক ডাঃ ৰূপম গগৈ, ঘিলামৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক ডাঃ হিৰণ্য চুতীয়া আৰু ডাঃ মানবেন্দ্র গগৈয়ে জিলা পশু চিকিৎসা বিভাগৰ সহযোগত অঞ্চলটোত অভিযান চলাই ১৮টা গাহৰিক বিদ্যুৎ শ্বক দি নিধন কৰে। গাহৰিৰ ওজনৰ ওপৰত ভিত্তি কৰি গাহৰি পালকসকলক ২০০০-১৫০০০ হেজাৰ টকা ক্ষতিপূৰ্ণ দিয়া হ'ব বুলি জানিবলৈ দিয়ে জিলা পশুপালন বিষয়া ডাঃ ছত্রপতি গয়াৰীয়ে।

লগতে পঢ়ক- 

Azolla Farming : এজোলা খেতিয়ে কিদৰে সকাহ দিয়ে পশুপালকসকলক

ইফালে, এই ৰোগে ভয়ংকৰ ভাৱে মহকুমাটো চানি ধৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ঢকুৱাখনা মহকুমা প্রশাসনে কেতবোৰ কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে। ঢকুৱাখনাৰ মহকুমাধিপতি তথা মহকুমা কাৰ্যবাহী দণ্ডাধীশ অরিন্দম বৰুৱাই এক নির্দেশযোগে তৎকালীন ভাৱে কাৰ্যকৰী হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰা জাৰি কৰিছে ৷

এই নিষেধাজ্ঞা অনুসৰি আক্ৰান্ত গাহৰি থকা আৰু চোৱাচিতা কৰা স্থানৰ পৰা যিকোনো গাহৰি আৰু ব্যৱহৃত যন্ত্রপাতি সৰবৰাহ কৰা, গাহৰিৰ মাংস আৰু গাহৰি মাংসৰ পৰা উৎপাদিত খাদ্য সামগ্ৰীৰ বিক্ৰী বন্ধ কৰা, যিকোনো মুক্ত অঞ্চল · কৃষি ভূমি নদী জলাশয় আৰু ৰাজহুৱা স্থানত আদিত ৰোগাক্ৰান্ত মৃত গাহৰিৰ পেলোৱা নিষিদ্ধ আৰু গাহৰি মৰিলে পশু চিকিৎসা বিভাগৰ দৃষ্টিগোচৰ কৰিব লাগিব আৰু মৃত গাহৰিৰ শৰীৰটো জৈৱ সুৰক্ষা পদ্ধতিৰে দকৈ গাঁত খান্দি পুতি পেলাব লাগিব তাৎক্ষণিক ভাৱে কাৰ্যকৰী হোৱাকৈ এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ।

লগতে পঢ়ক- 

ৰাইজক ভূমিৰ প্ৰমাণ পত্ৰ প্ৰদান মেলাৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান ৰাজ্য চৰকাৰৰ

English Summary: Swine flu in Matmara

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.