1. News

অৱশেষত অসমৰ গামোচাই লাভ কৰিলে জি আই টেগৰ স্বীকৃতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
গামোচাই লাভ কৰিল জি আই টেগ (Geographical indications  Tag)
গামোচাই লাভ কৰিল জি আই টেগ (Geographical indications Tag)

দীৰ্ঘদিনৰ অন্ততঃ অসমৰ জাতীয় জীৱনৰ অন্যতম প্রতীক স্বৰূপ গামোচাই লাভ কৰিলে জি আই টেগ। মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা নিশ্চিত কৰে। টুইটাৰযোগে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, "অসমৰ গৌৰৱ, উজ্জ্বল! আমাৰ ঐতিহ্য আৰু সাংস্কৃতিক পৰিচয়ৰ যথাযথ স্বীকৃতি গামোছাই জিআই টেগ লাভ কৰিছে, যাৰ ফলত অসমৰ বিশ্বব্যাপী প্ৰতীক হৈ পৰা এই বিশেষ সামগ্ৰীৰ হাজাৰ হাজাৰ শিপিনীৰ জীৱনত আনন্দ কঢ়িয়াই আনিব। ৰাজ্যবাসীলৈ অভিনন্দন।"

গামোচাই জি আই টেগ লাভ কৰা প্ৰমাণ পত্ৰ
গামোচাই জি আই টেগ লাভ কৰা প্ৰমাণ পত্ৰ

পূৰ্বতে উল্লেখ্য যে ২০১৭ চনৰ ১৬ অক্টোবৰত গোলাঘাটৰ বেচৰকাৰী প্রতিষ্ঠান ইনষ্টিটিউট অব হেণ্ডিক্রাফট ডেভেলপমেণ্টে ভাৰত চৰকাৰৰ চেন্নাইত থকা জিঅ’গ্রাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্রিত ফুলাম গামোচাৰ জি আই টেগ বিচাৰি আৱেদন জনাইছিল৷ এইক্ষেত্ৰত তেওঁলোকক সহযোগিতা আগবঢ়াইছিল অসম কৃষি বিশ্ববিদ্যালয়ে।  ২০১৯ চনৰ ২৪ অক্টোবৰত গোলাঘাটৰ বেচৰকাৰী প্রতিষ্ঠান ইনষ্টিটিউট অব হেণ্ডিক্রাফট ডেভেলপমেণ্টৰ আবেদনৰ প্ৰতি সন্মান জনাই জিঅ’গ্রাফিকেল ইণ্ডিকেশ্যন জার্নেলত এই সন্দর্ভত কিবা আপত্তি থাকিলে নির্দিষ্ট সময়ৰ ভিতৰত আপত্তি দর্শাব পাৰে বুলি প্ৰকাশ কৰে।

কিন্তু এইক্ষেত্ৰত খোদ অসম হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগ, পেটেণ্ট ইনফর্মেশ্যন চেণ্টাৰ আৰু অসম ছায়েন্স টেক৲ন’লজি এণ্ড এনভাইৰনমেণ্ট টেক৲ন’লজি কাউন্সিলে আপত্তি দর্শাই পত্র প্রেৰণ কৰে। তেওঁলোকে আপত্তি জনাই লিখিছিল যে বিশ্ববিদ্যালয়খনে অসমীয়া গামোচাৰ পৰিৱর্তে ফুলাম গামোচাৰহে জি আই টেগ বিচাৰিছে৷ আৱেদনখনত গোসাঁই গামোচাৰ কথা উল্লেখ নাই তথা গামোচাক টাৱেল হিচাপে ব্যৱহাৰ কৰাৰ কথাও আৱেদনত উল্লেখ কৰা হোৱা নাই বুলি আপত্তি দৰ্শাইছিল৷ সেইবা্ৰলৈ অসমৰে দুই প্ৰতিষ্ঠানৰ টনা-আজঁৰা পৰা জি আই টেগৰ পৰা বঞ্চিত হৈছিল অসমীয়া জাতীয় জীৱনৰ ঐতিহ্যবহনকাৰী গামোচাই। শেহতীয়া গোলাঘাটৰ হস্তশিল্পৰ ফালৰ পৰা গামোচাক ভৌগোলিক পৰিচয় দিবলৈ আবেদন জনোৱা হৈছিল চেন্নাইত থকা জিঅ’গ্রাফিকেল ইণ্ডিকেশ্যনক। এই আবেদৰ ভিত্তিতেই এই গামোচাই লাভ কৰিলে জি আই টেগ।

লগতে পঢ়ক- 

আঘোণৰ পথাৰত ধান চপোৱাত ব্যস্ত কৃষক ৰাইজ

এই স্বীকৃতিয়ে অসমীয়া হাজাৰ হাজাৰ শিপিনীৰ জীৱনলৈ আশাৰ বাৰ্তা কঢ়িয়াই আনিব
এই স্বীকৃতিয়ে অসমীয়া হাজাৰ হাজাৰ শিপিনীৰ জীৱনলৈ আশাৰ বাৰ্তা কঢ়িয়াই আনিব

গামোচাই জি আই টেগ লাভ কৰাৰ পাছত কি লাভ অসমীয়া শিপিনীৰ তথা অসমীয়াৰ!

কোনো এটা বস্তু সামগ্ৰীয়ে জি আই টেগ লাভ কৰাৰ মানে সেই সামগ্ৰীটোৱে অঞ্চলটোৰ পৰিসীমা বাহিৰলৈ গৈ সকলোৰে ব্যৱহাৰৰ উপযোগী বুলি এক স্বীকৃতি পায়। ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত জি আই টেগ সামগ্ৰীৰ উৎপাদকসকলৰ চাহিদা বৃদ্ধি কৰি অৰ্থনৈতিক সমৃদ্ধিৰ প্ৰসাৰ ঘটায়। গতিকে গামোচাই জি আই টেগৰ স্বীকৃতি লাভ কৰা মানেই অসমীয়া শিপিনীয়ে বোৱা গামোচা এক আন্তঃজাতিক মৰ্যদা কৰিছে। গামোচাক যে বিশ্বৰ যিকোনো প্ৰান্তৰ লোকৰ ব্যৱহাৰ কৰিব পাৰে তাৰো এক স্বীকৃতি প্ৰদান কৰিছে জি আই টেগে।

লগতে পঢ়ক- 

GI TAG কি? অসমৰ কোনবোৰ কৃষিজাত সামগ্ৰীয়ে লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় মান্যতা!

English Summary: Aassamese Gamusa get GI Tag

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.