1. News

ৰাইজক ভূমিৰ প্ৰমাণ পত্ৰ প্ৰদান মেলাৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান ৰাজ্য চৰকাৰৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Tamulpur
Tamulpur

ৰাজ্যৰ ভিন্নপ্ৰান্তৰ সমান্তৰালভাৱে ১২ নৱেম্বৰ পৰা আৰম্ভ হৈছে ৰাজ্য চৰকাৰৰ ভূমিৰ প্ৰমাণ পত্ৰ মেলাৰ কাৰ্যসূচী। ১১ দিনীয়াকৈ আৰম্ভ হ’বলগীয়া মেলাখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বিটিআৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে। তামুলপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত অনুষ্ঠিত সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে তামুলপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত কোকিলা গগৈ।

সভাখন উদ্বোধন কৰি পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে কয়- বিটিআৰৰ ৰাইজৰ অধিকাৰ সুৰক্ষিত কৰা আৰু জনসাধাৰণক শক্তিশালী কৰাৰ উদ্দেশ্যে পোন প্ৰথমবাৰৰ বাবে বি.টি.আৰ. চৰকাৰে এক অভিলাষী পদক্ষেপ  "বি.টি.আৰ. ভূমি মেলা'' ৰাইজৰ বাবে গ্ৰহণ কৰিছে। সেয়ে বি.টি.আৰ. তথা তামুলপুৰবাসী জনসাধাৰণক ১২ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰৰ ভিতৰত ভূমি মেলাৰ সুযোগ গ্ৰহণ কৰি লাভান্বিত হোৱাৰ বাবে তেওঁ  আহ্বান জনায়।

লগতে পঢ়ক- 

পাগলাদিয়া পাৰত কৃষি বিপ্লৱ আলায়াৰন আবাদাৰী কৃষিপাম সমবায় সমিতিৰ

লগতে তেওঁ কয় ভূমি মেলাৰ জৰিয়তে ৰাইজে একচনা পট্টাৰ পৰা ম্যাদী পট্টালৈ পৰিৱৰ্তন (বিক্ৰী নোহোৱা বা হস্তান্তৰ নোহোৱা মাটিৰ বাবে ), উত্তৰাধিকাৰী সূত্ৰে নামজাৰী, আৱণ্টিত মাটি/এম এন পি আবণ্টিত ম্যাদী পট্টা প্ৰদান,  মাটি থকাৰ প্ৰমাণ পত্ৰ, চিঠাৰ প্ৰমাণিত প্ৰতিলিপি আৰু জমাবন্দীৰ প্ৰমাণিত প্ৰতিলিপি- এইবোৰ গ্ৰহণ কৰিব পাৰিব।

শুভাৰম্ভণি অনুষ্ঠানটোত তামুলপুৰ জিলা উপায়ুক্তৰ লগতে তামুলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ওৱাহেদুৰ ৰহমান, তামুলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পূৱ বাক্সা,কু মাৰীকাটা আৰু ডেফেলী মৌজাৰ তিনিগৰাকী মৌজাদাৰ, স্থানীয় গাওঁবুঢ়াসকল, জ্যেষ্ঠ নাগৰিক, তামুলপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল প্ৰমুখ্যে বিষয়া কৰ্মচাৰী আৰু বহু সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে৷

লগতে পঢ়ক- 

আঘোণৰ পথাৰত ধান চপোৱাত ব্যাস্ত কৃষক ৰাইজ

English Summary: Land Certification Fair in Tamulpur

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.