1. News

ৰেছন কাৰ্ডত আপোনাৰ নৱবিবাহিত পত্নীৰ নাম কেনেদৰে অন্তর্ভুক্ত কৰিব?

KJ Staff
KJ Staff

দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ বাবে ৰাজ্য চৰকাৰে কেইবাখনো কল্যাণকামী আঁচনি ৰূপায়ণ কৰি আহিছে। তাৰ ভিতৰত ৰাষ্ট্ৰীয় অন্ন সুৰক্ষা যোজনা অন্যতম। উক্ত আঁচনিৰ অন্তৰ্ভুক্ত পৰিয়ালসমূহলৈ প্ৰতি মাহত ৩ টকা দৰত ৩৫ কেজি চাউল আগবঢ়োৱা হয়। এই আঁচনিৰ জৰিয়তে, দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলে বজাৰ মূল্যতকৈ কম মূল্যত ৰাজসাহায্যপ্ৰাপ্ত খাদ্যশস্য লাভ কৰে। ই দৰিদ্ৰ লোকসকলক যথেষ্ট সহায় কৰে।

অৱশ্যে, বহুবাৰ সৰু ভুলৰ বাবে, লোকসকল ৰেচন কাৰ্ডৰ লাভালাভৰ পৰা বঞ্চিত হয়। এনে পৰিস্থিতিত, ৰেচন কাৰ্ডত প্ৰয়োজনীয় আপডেট পূৰণ কৰা অতিকে প্ৰয়োজন। দেখা যায় বহুসময়ত এনে হয় যে ল’ৰাই বিবাহ কৰি নৱবিবাহিতা কইনা ঘৰলৈ আনে। ইয়াৰ লগে লগে নৱবিবাহিত মহিলাগৰাকীৰ নামটো সোনকালে ৰেচন কাৰ্ডত যোগ দিয়াটো প্ৰয়োজনীয়।

অৱশ্যে, বহু মানুহে নতুন সদস্যজনৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰাত পলম কৰে, যাৰ বাবে পৰিয়ালটোৱে সেই নতুন সদস্যৰ অংশৰ ৰেচন প্ৰাপ্ত কৰিব নোৱাৰে। এনে পৰিস্থিতিত, ঘৰলৈ অহা নতুন সদস্যজনৰ নামও সোনকালে ৰেচন কাৰ্ডত যোগ দিয়া টো প্ৰয়োজনীয়। পিছে কেনেকৈ নৱবিবাহিতা মহিলাগৰাকীৰ নাম ৰেচন কাৰ্ডত অৰ্ন্তভূক্ত কৰিব?

  • স্বামীৰ আধাৰ কাৰ্ড আপডেট কৰাওক
  • আধাৰ কাৰ্ডত স্বামীৰ নাম থাকিব লাগিব
  • তাৰ পাছতে ৰেচন কাৰ্ডৰ আবেদন পত্ৰ জমা দিয়ক খাদ্য আৰু পৰিপুষ্টি বিভাগৰ বিষয়াক
  • আবেদন অনলাইন প্ৰক্ৰিয়াৰেও কৰিব পাৰিব।

ইফালে নৱবিবাহিতাগৰাকীৰ যদি আগৰ ঘৰৰ ৰেচন কাৰ্ডত আছিল তাৰ পৰা আঁতৰাব লাগিব। তাৰ প্ৰমাণপত্ৰও গাঁঠি দিব লাগিব ৰেচনৰ বাবে নতুনকৈ কৰা আবেদন পত্ৰখনত।

লগতে পঢ়ক- প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ শেহতীয়া আপডেট

English Summary: How to include your newly wed wife's name on the ration card?

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.