
ক্ষতিগ্ৰস্ত লোকক সহায়ৰ বাবে বিশেষ প’ৰ্টেল মুকলি কৰি দিয়া হ’ব। য’ত সা–সম্পদ, গৃহ হেৰুওৱা লোকে আবেদন কৰিব পাৰিব।
নলবাৰীৰ দেহাৰকুছিত বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বান শিবিৰ থকা লোকসকলৰ বুজ ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে। বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘বানত গৃহহীন হোৱা লোকক পৰ্যাপ্ত সহায় কৰা হ’ব।
ক্ষতিগ্ৰস্ত লোকক সহায়ৰ বাবে বিশেষ প’ৰ্টেল মুকলি কৰি দিয়া হ’ব। য’ত সা–সম্পদ, গৃহ হেৰুওৱা লোকে আবেদন কৰিব পাৰিব। ফটোসহ আবেদন কৰিলে ক্ষতিপূৰণ দিব চৰকাৰে।’’
অতি কম সময়ৰ ভিতৰতে এই ব্যৱস্থা কৰা হ’ব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। দেৰাহকুছি অঞ্চলৰ শিবিৰ পৰিদৰ্শন কৰি বানাক্ৰান্তক পৰ্যাপ্ত সহায় কৰাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে।
শিশুৰ পৰা সকলো পৰ্যায়ৰ লোকে খাদ্য লাভ কৰিব লাগিব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। যত সহায় পোৱা নাই তাত আমি স্বীকাৰ কৰিছো আৰু ততাতৈয়াকৈ খাদ্য যোগান ধৰা ব্যৱস্থা গ্ৰহণ কৰিছো বুলি কয় মুখ্যমন্ত্ৰীয়ে।
লগতে পঢ়কঃ অৰুণোদয় আঁচনি কি? কোনে লাভ কৰিব এই আচঁনিৰ সুবিধা?
Share your comments