1. News

বাংলাদেশ, ইৰাণ আৰু ইৰাকৰ বাবে ভাৰতত বৃদ্ধি পাব চাউলৰ মূল্য

KJ Staff
KJ Staff
Rice prices increase up to 30%
Rice prices increase up to 30%

দেশত চাউলৰ মূল্য ক্ৰমাত বৃদ্ধি পাব ধৰিছে। ২০ শতাংশকৈ বাঢ়িছে দেশত চাউলৰ মূল্য। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেশৰ চাউল ৰপ্তানি সংস্থাৰ সভাপতি বি ভি কৃষ্ণ ৰাওৱে। তেওঁ কৈছে যে বাংলাদেশে ভাৰতৰ পৰা চাউল আমদানি কৰা আৰম্ভ কৰিছে। ইয়াৰ প্ৰভাৱ পৰিছে বিভিন্ন প্ৰকাৰৰ ভাৰতীয় চাউলত। ভাৰতীয় সোণা মাছুৰীৰ চাউলৰ মূল্য ২০ শতাংশলৈ বৃদ্ধি পাইছে।" লগতে  ইৰাণ, ইৰাক আৰু চৌদি আৰৱত ভাৰতীয় চাউলৰ বৰ্ধিত চাহিদাৰ প্ৰভাৱো পৰিছে চাউলৰ দামবৃদ্ধিত।

তেওঁ লগতে কয় যে বহুতো অঞ্চলত ধানৰ পথাৰসমূহ  কমি অহাৰ বাবে জুনৰ আৰম্ভণিৰ পৰা সকলো প্ৰকাৰৰ চাউলৰ মূল্য 30% লৈকে বৃদ্ধি পাইছে। দেশৰ জনসাধাৰণ বৰ্তমান মূল্যবৃদ্ধি জ্বৰত ভুগি আছে। তেনেসময়তে চাউলৰ এই মূল্যবৃদ্ধিয়ে দেশৰ জনতাক পুনৰ শাৰাশাস্তিত ভোগাব।  ইফালে উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগৰ দৰে ৰাজ্যসমূহ চাউল উৎপাদনত মুখ্য ভূমিকা গ্ৰহণ কৰে। কিন্তু কৃষকসকলে এইবাৰ বৰষুণ পৰিমাণ কমাৰ বাবে ধান খেতিৰ পৰিমাণ হ্ৰাস পাইছে। ছত্তীশগড় আৰু উৰিষ্যাতো পূৰ্বৰ তুলনাত ধানৰ খেতি এইবাৰ কম।  

2022 বিত্তীয় বৰ্ষত, ভাৰতে শীতকালীন শস্য চপোৱাকে ধৰি 130 নিযুত টন চাউল উৎপাদন কৰিছিল, আৰু ইয়াৰ 21 নিযুত টন ৰপ্তানি কৰিছিল। চলিত বৰ্ষটোৰ প্ৰতিকূল বতৰৰ বাবে দেশখনে 112 নিযুত টন চাউল উৎপাদন কৰিব বুলি আশা কৰিছে।

গতিকে দেখা গৈছে যে চলিত বৰ্ষটোত বিদেশলৈ চাউল ৰপ্তানি আৰু চাউলৰ উৎপাদন হ্ৰাস- এই দুয়োটাই মূল্যবৃদ্ধিত অৰিহণা যোগাব।

লগতে পঢ়ক- সমাগত ১৫ আগষ্ট। আয় দুগুণ হ’ল নে কৃষকৰ! কি হ’ব মোডীৰ প্ৰতিশ্ৰুতি!

English Summary: Rice prices increase up to 30% due to demand from West Asia

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.